পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 পাঠক-পাঠিকাসকল! আমি এই খিনিতে জয়ৰামৰ যাবলৈ খৰধৰ লাগিলেও এফেৰা তেওঁৰ পৰিচয় দিবলৈ বাধ্য হলোঁ—এই ডেকাজন গাঁৱৰে এজন চাওডাঙৰ লৰা। তেওঁৰ বাপেকৰ নাম মিঠাৰাম। তেওঁলোকে জোৰান্তৰ ঘৰৰ। জয়ৰামৰ, মাক বাপেক, দুটা সৰু ভাই, আৰু এজনী ভনী আছিল। বাপেকে ৰজাঘৰৰ মহ ৰাখে। সেইবাবে ৰজাঘৰৰপৰা দুটা কাড়ি পাইক আৰু চাৰি পুৰা নিষ্কৰ মাটি বৃত্তি পাইছিল। জয়ৰামৰ বয়স প্ৰায় একুৰি। বেছ হৃষ্ট-পুষ্ট, বলিষ্ঠ, আহোম লৰা। দেখিবলৈকো ধুনীয়া। তেৱোঁ প্ৰায় সততে গধূলি হলে সৎৰাম, শান্তিৰাম, মনাই, এই তিনিজনৰ লগত ৰজাঘৰলৈ গৈ স্বৰ্গদেৱৰ লগত নিশা স্বৰ্গদেৱৰ ভোজনৰ সময়লৈকে ৰং-ধেমালি কৰি কাল কটাইছিল। স্বৰ্গদেৱে এনেকুৱা লগ সমনীয়াসকলক চপাই লৈ নিতৌ নিশা আমোদ-প্ৰমোদ কৰিছিল।

 কেতেকী— বাৰু জয়ৰাম কাই! তুমি মোক সচাকৈ কোৱাচোন তোমালোকে ৰজাঘৰলৈ গৈ নিতৌ নিশা কি কৰা ককাইদেউক সুধিলে তেওঁ মোক ভেকাহি মাৰি দিয়ে, সেইদেখি আজি তোমাকে সুধিলো, মোক সঁচা কথা কব লাগিব।

 জয়ৰাম— সঁচাকৈ কৈছো কেতেকি! আমি স্বৰ্গদেৱৰ লগত দহ পচিশ খেলো। কেতিয়াবা নানা ফুচুৰি হাঁহি-উঠা কথা-বতৰা পাতো;

 কেতেকী— তাত তোমালোকে মদ ফটিকা নোখোৱানে?

 জয়ৰাম— স্বৰ্গদেৱে দিলে আমি খাওঁতো।

 কেতেকী— বাৰু কোৱাচোন জয়ৰাম কাই! তোমালোকে ৰজাঘৰীয়া ধুনীয়া ধুনীয়া লিগিৰীহঁতে সৈতেও ধেমালি-ধুমুলা নকৰানে? অন্ততঃ চুপতি নাপাতানে?