সমললৈ যাওক

পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
ৰঙ্গিলী

তাইক মোলৈ কেতিয়াও নিদিয়ে। তথাপি মোৰ মনে দেখোন নামানে। তাইৰ মনটো কেনেকৈ পাওঁ সখি! তাৰে এটা বুধি দিয়া।”

 সৎৰাম – “সখি! চেষ্টা কৰিলে তাইৰ মনটো পাবা। পুৰুষৰ অসাধ্য কি আছে? তুমি একাষাৰ কথা ঘপহকৈ কৈয়ে যে তাইৰ মনটো পাবা এইটো আশা কৰা তোমাৰ ভুল। চেষ্টা কৰি চোৱা। আকৌ এদিন অকলৈ লগ পাবলৈ চেলু বিচাৰি থাকা। চেষ্টাৰ বলত, বুধিৰ বলত মানুহে বনৰীয়া হাতী-মহকো ধৰি বশ কৰিব লাগিছে। তুমি এজনী গাভৰুকে বশ কৰিব নোৱাৰিবানে?

 শান্তিৰাম – সখি! তাইক অকলৈ লগ পোৱাটো বৰ টান কথা। তাই প্ৰায় সততে লগৰীয়াৰ লগতহে পানী নিবলৈ আহে। দৈৱাৎ সেই দিন যি মই অকলৈ লগ পালো। সেই দিনাৰেপৰা আজিলৈকে তাই আৰু নৈৰ ঘাটলৈ অকলৈ অহা নাই।

 সৎৰাম – সখি! এই মাহটো বাট চোৱা চ'তৰ নিশা-বিহু আহিব লাগিছে; সেই নিশা-বিহুতে লগ ধৰিবা।

 শান্তিৰাম – “সখি? কিনো কম। তাই অগেয়ে নিশা-বিহুত ফুৰিছিল। কিন্তু গল বছৰ তাই নিশা-বিহুলৈ অহা নাছিল। বোধকৰো গাভৰু হোৱা দেখি মাকবাপেকে মানা কৰিছে।

 সৎৰাম – “কোনো প্ৰকাৰে আক তাক লগাইনো তাইক এইবাৰ নিশা-বিহুলৈ আনিব নোৱাৰিনে?

 শান্তিৰাম – “সখি! মোৰ সেইটো সাধ্য নাই। আজি-কালি আমাৰ চুবুৰিৰ কোঁচ-কলিতাসকলৰ জীয়াৰীবোৰেই দশ হলে নিশা-বিহুলৈ যাবলৈ এৰে। সখি! ভাল কথাটো মনত পেলালা। মই কথা এটা ভাবি পাইছোঁ। আমাৰ ৰঙ্গিলী গাভৰুক এটায়ে জানে। তাই প্ৰসিদ্ধ নাচনিয়াৰ। আন কি ৰজা, ৰাজমাও ইত্যাদিসকলেও ভাইৰ