পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সেনাপতি সখিক আন এজনী গাভৰু দি তোক ৰাখিলোহেঁতেন। কিন্তু কি কৰিবি তোৰ কপাল! তই বিধবা।

 পদুমী—কি দেউতা! মই বিধবা! সচাকৈয়ে মই বিধবা?

 বৰফুকন--হেৰ গাভৰুজনি। মইনো বৰফুকনটো হৈয়ো মিছা কৈছোনে? সত্য সত্যে তিনি সত্যে তই বিধবা। মই নিজ চকুৰেই দেখিছো শান্তিৰাম ৰণত পৰিছে--বিশেষ তোৰ দেউতাৰ তৰোৱালৰ কোবতে সি পৰিল।

 বৰফুকনে এইদৰে কলতে পদুমী আকৌ মুৰ্চ্ছিতা হল। মিঙ্গিমাহাই আকৌ মানুহ-দুনুহ লগাই আলফুল কৰি পদুমীক ভোলাই নিজৰ বহালৈ নিয়ালে। তাত সেৱা-যত্ন কৰি আকৌ পদুমীক সজ্ঞান কৰিলে। ইয়াৰ পিছত হেনো আইদেউক এখনি দোলাত কৰি পদুমীক আন এখন দোলাত কৰি লৈ মানহঁতে ধনে-সোণে বয়ে-বস্তুৱে নিজৰ দেশলৈ গল। মিঙ্গিমাহাই ধীৰে ধীৰে অতি যত্ন কৰি পদুমীৰ মন বুজি, তাইক অকপটচিত্তে ভাল পাই সুস্থ কৰি তাইৰ মন ঘুৰাই তাইক তাৰ তিৰোতা কৰি ললে। পদুমীৰ শেষত কি হল পাঠকসকলে আমি লিখা ‘মনোমতী’ উপন্যাসত পাব।

 মানহঁতক বিদায় দি বদন বৰফুকন এইবাৰ দেশৰ গৰাকী হৈ অসম ৰাজ্য চলাব ধৰিলে। বদন বৰফুকনৰ শেষ পৰিণাম কি হল পাঠকসকলে বুৰঞ্জী পঢ়িলেও পাব আৰু আমি লিখা “নিৰ্ম্মল ভকত” আৰু “ৰহদৈ লিগিৰী” নামৰ উপন্যাসতো পাব।

⸻⸻⸻