পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 সৎৰাম —“সখি! বেয়া পালানে কি? বাৰু আহা, আহা, বেয়া নাপাবা।” এই বুলি সৎৰামে শান্তিৰামক হাতত ধৰি লৈ গৈ নিজৰ বিছনাত বহুৱালে; আৰু কোনো কথা-বতৰা হোৱাৰ আগেৰেই সৎৰামে ভিতৰলৈ গৈ কলহৰপৰা ঢালি দুবাটি ফটিকা আনি এবাটি সখিয়েক শান্তিৰামক পিয়ালে আৰু আন বাটি নিজে পিলে। তাৰ পিছত সখিয়েকক তামোল এখন খুৱালে আৰু ধপাত এচিলিমো খুৱাই লৈ কলে— “কোৱা সখি! গাঁৱে-ভূৱেনো কত কি লেথা লগালা। কোনজনী গাভৰুতনো মজিলা।”

 শান্তিৰাম—“সখি! তোমতনো আৰু কি লুকাম। তুমি জানাই। মই সদায় দিখৌত আমাৰ হিন্দু চুবুৰিৰ ঘাটত বৰ বাওঁ।

 সৎৰাম - “জানে তো; আৰু তাৰ লগে লগে এইটোও জানো যে তুমি গাঁৱৰ সকলোবিলাক গাভৰুৰে ৰূপ লাৱন্য ধ্যান কৰা। গাঁৱৰ গাভৰুবিলাকেও তোমাক “বৰশীবোৱা কানাই” বুলি মাতে।

 শান্তিৰাম –“সখি! দৰাচলতে তুমি বৰ টেঙৰ। মই কবলৈ নৌ পাওঁতেই দেখোন তুমি আগচা।”

 সৎৰাম -“সখি! টেঙৰ হব নোৱাৰিলে আজি-কালি সংসাৰত ৰব নোৱাৰি। টেঙৰ নহলেনো কেনেকৈ সদায় আমাৰ স্বৰ্গদেৱক সন্তোষ দিম? বাৰু। মই আৰু আগ নেভেটো, তুমি কোৱা।”

 শান্তিৰাম- “সখি! সঁচাকৈয়ে মই বৰশী বোৱাৰ লগে লগে গাৱৰ এটাইবিলাক গাভৰুক চাওঁ। এটাইবিলাকৰ ভিতৰতে মই তোলন কাকতীৰ জীয়েক পদুমীক ধুনীয়া দেখি আজি এবছৰে তাইৰ প্ৰেমতে মজিলোঁ, ডুবিলোঁ। কি হল সখি! কব নোৱাৰোঁ। খাওঁতে, শোওতে, উঠোতে, বহোঁতে কেৱল তাহলৈহে মনত পৰে। পিছত গল কালি আজি এবছৰে চুপ চুপি তাইক ঘাটত অকলৈ লগ পাই