পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৩৫
বুৰঞ্জী

অলপ নহয় অলপ নিজৰ প্ৰভাৱ পেলাইছিল। আমাৰ বৰ্তমান ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ মাতৃও সেইদৰে এজন ৰাজনীতিজ্ঞা ৰাণী আছিল। ৰাজমাৱে ৺পূৰ্ণানন্দ বুঢ়াগোহাঁইক খাটি-লুটি আন আন ফৈদৰ যোগ্য কোৱঁৰ থকাতো চন্দ্ৰকান্তক ৰজা পতাইছিল! ইয়াৰ উপৰিও ৰাজমাৱে বেছকৈ জানিছিল যে পূৰ্ণানন্দ বুঢ়াগোহাঁই অখণ্ড প্ৰতাপী। তেওঁ নিজৰ মানুহকে বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই পাতি লৈছিল; এনেকুৱা স্থলত বুঢ়াগোহাঁই অসন্তুষ্ট হলে যে ই দুজনা ডাঙৰীয়াক তেওঁ হাতত লৈ তৎক্ষণাৎ ৰজাকো ভাঙ্গিব পাৰে এই কথা জানিছিল ইত্যাদি কাৰণে ৰাজমাও দেউতাই সততে ৰজাক বুঢ়াগোহাঁই বিৰুদ্ধে চাবলৈ হকা-বধা কৰিছিল; কিন্তু মদগৰ্ব্বী যৌৱনগৰ্ব্বী ৰজাই সেই উপদেশ ভাল নাপাইছিল। তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পয়োভৰত মনে মনে নিতে উত্তেজিত হৈছিল। মাকে বঢ়িয়াকৈ জানিছিল যে কেচাবুদ্ধিৰ দুৰ্বল মনৰ ৰজাই কেনেবাকৈ অনৰ্থ ঘটাব; সেইবাবে ৰাজমাও দেউতাই সদায় বুঢ়াগোহাঁইক পুতেকৰ শত সহস্ৰ দোষ ক্ষমা কৰিবলৈ গোহাৰি ৰাখিছিল; আৰু বুঢ়াগোহাঁই ডাঙৰীয়াই ৰাজমাৱৰ গোহাৰি সততে ৰক্ষা কৰি চলিছিল।

 মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া — ডাঙৰীয়াৰ বিষয়ে আৰু বেছি বহলাই কবৰ সকাম নাই। মুঠতে ইমানকে কব পাৰি যে ডাঙৰীয়া এজন বৰ বিচক্ষণ ৰাজনীতিজ্ঞ, বুদ্ধিমান, পৰাক্ৰমী, ধনে-জনে ভৰপূৰ মন্ত্ৰী আছিল। তেওঁ ৰাজমাৱৰ কথা অনুসৰি ৺চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱক মৰম আৰু শ্ৰদ্ধাৰ চকুৰে চাইছিল; কিন্তু কব নোৱাৰি কি কাৰণত ৰজাই তেওঁক বেয়া পাইছিল আৰু তাৰ লগে লগে সৎৰাম আৰু গুৱাহাটীৰ বদন বৰফুকনো তেওঁৰে বিৰোধী হৈছিল। সম্ভৱতঃ তেওঁক বেছি পৰাক্ৰমী দেখিয়ে ইসকলে হিংসা কৰিছিল।