পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


আমি কব নোৱাৰোঁ। কিন্তু আমাৰ মনেৰে হলে অশ্লীল গীত গুচাই তাৰ ঠাইত সাধাৰণ, স্বাভাবিক গীত দি বিহুৰ নৃত্য গীত ৰক্ষা কৰাহে শ্ৰেয়। তেহে অসমীয়াৰ অসমীয়াত্ব ৰক্ষা পৰিব।


সপ্তম অধ্যায়

⸺:০:⸺

নৈৰ ঘাটত

 ফাগুণ মাহ। ভৰ বসন্তৰ কাল। গছবিলাকে দুই চাইটা কুঁহি পাত মেলিছে। ৰূপহ মদাৰ গছবিলাক ফুলি জক্‌মকীয়া হৈছে। বিৰহী কুলিয়ে ঠায়ে ঠায়ে ‘কুউ” “কুউ” কৰি ৰৈ ৰৈ মাতিছে। মাজে মাজে এছাটি আদছাটি বতাহ বইছে। এই সময়ত এদিন ভাটীবেলীয়া আমাৰ ডেকা শান্তিৰামে দিখৌ নৈৰ জয়সাগৰ গাঁৱৰ পানী অনা ঘাটৰ সোঁহাতে প্ৰায় পাঁচনল মানৰ আঁতৰত অকলৈ অকলৈ গৰাৰ তলত বহি বৰশী বাইছে। তেওঁ এইদৰে বৰশী বাই থাকোতে সিফালৰপৰা কাষত পিতলৰ কলহ এটা লৈ আমাৰ পদুমী আজি অকলৈ পানী নিবলৈ আহিল। আন আন দিনত হলে পদুমী অকলৈ কেতিয়াও নৈৰ ঘাটলৈ নাহিছিল। কিন্তু আজি কি ক্ষণত কি কাৰণত কব নোৱাৰি, তেওঁ অকলৈ নৈলৈ পানী নিবলৈ আহিল। বৰশী বোৱা শান্তিৰামে পদুমী অলপ ডাঙ্গৰ