পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদুমী

যদিও লিখা-পঢ়া একোকে নাজানিছিল। পাঠক! বুৰঞ্জী পঢ়িলেই পাব সৎৰামেই ঘাইকৈ অসমীয়া জাতিৰ দুৰ্গতি আনিছিল। সেই গুণেই মানুহে তাক “সতাই নৰকী” বুলিছিল।

⸻⸻



তৃতীয় অধ্যায়

⸺:০:⸺

পদুমী

 হিন্দুসকলৰ খেলৰ ভিতৰত এই জয়সাগৰ গাঁৱত তোলন কাকতী মুখাল মানুহ আছিল। ধনে ধানে, বয়ে-বস্তুৱে, মাটিয়ে-বৃত্তিয়ে, বন্দীয়ে-বেটীয়ে তেওঁ ভৰপূৰ। তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ফৈদৰ। পাঠক। মনত ৰাখিব সেই সময়ত অসমীয়া মানুহ প্ৰত্যেকজনেই এক নহয় এক ফৈদ ভুক্ত আছিল। যেনে- বুঢ়াগোহাঁইৰ ফৈদ, বৰগোহাঁইৰ ফৈদ, বৰপাত্ৰ গোহাঁইৰ ফৈদ। Feudalism আৰু clanishness পূৰ্ণমাত্ৰাই অসমতো আছিল। তোলন কাকতীৰ সংসাৰত তেওঁৰ সহধৰ্ম্মিণী, এটি উনৈশ বছৰীয়া লৰা, এটি বাৰ বছৰীয়া লৰা, আৰু এজনী পোন্ধৰ বছৰীয়া জীয়াৰী। বৰ লৰাটোৰ নাম গোলাপ, সৰুটিৰ নাম কমল আৰু ছোৱালীজনীৰ নাম পদুমী। তিনিউটি লৰা-ছোৱালী দেখিবলৈ ধুনীয়া। হবৰে কথা! মাক ভাল, বাপেক ভাল, তদুপৰি তিনিউটি সুখত উঠা।