পৃষ্ঠা:ৰঙ্গিলী-ৰজনীকান্ত বৰদলৈ.pdf/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


নবম অধ্যায়

⸺:০:⸺

বিচিত্ৰী

 এই জয়সাগৰ গাঁৱতে ভদ নামেৰে এজন চুতীয়া ভাল মানুহো আছিল। তেওঁ ৰজাঘৰত চাংমাইৰ কাম কৰিছিল। তেওঁৰ ভাই ককাই কেও নাছিল। সংসাৰত তেওঁৰ সহধৰ্ম্মিণী, বিচিত্ৰী নামেৰে এজনী পোন্ধৰ বছৰ বয়সীয়া জীয়াৰী আৰু নোমল নামেৰে এটা এঘাৰ বছৰ বয়সীয়া লৰা আছিল। তেওঁৰ মাহেকত সাত দিন মাথোন ৰজাঘৰত নিশা ভাত ৰন্ধাৰ পাল আছিল। ঘৰৰ বন-বাৰী তেওঁৰ ঘৈণীয়েক আৰু জীয়েক বিচিত্ৰীয়ে কৰিছিল। তেওঁ সপৰিবাৰে খাবলৈ ৰজাঘৰৰপৰা ৰোজ পাইছিল। সেই দেখি তেওঁ নিজে কোনো খেতি-বাতি কৰিব লগা নাছিল। ঘৰত চাৰি পাঁচ জনী গাই খিৰাইছিল। সেই গাই তেওঁৰ পুতেক নোমলে চাৰিছিল বান্ধিছিল। জীয়েক ঘৈণীয়েকে ৰন্ধা-বঢ়া বোৱা-কটা ইত্যাদি কাম কৰিছিল। এই দৰেই তেওঁৰ গৃহস্থি সুখৰ আছিল।

 তেওঁৰ জীয়েক বিচিত্ৰী পূৰ্ণযৌৱনা হলেও তেওঁ জীয়েকক বিয়া দি উলিয়াই দিবলৈ অথবা ঘৰতে লৰা এটা হলেও চপাই লবলৈ কোনো কাৰবাৰকে কৰা নাছিল। তেওঁ ভাবিছিল তেওঁৰ জীয়েক সৰু; সেই দেখি, আৰু বিশেষকৈ জীয়াৰীৰ হাতে কৰা-মেল খাবলৈ পাই তেওঁ জীয়েকৰ বিষয়ে ভবাই নাছিল।