ৰত্নমণি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]
ৰত্নমণি (page 1 crop).jpg
ৰত্নমণি।

শ্ৰীৰুদ্ৰ ৰাম বড়দলৈ
প্ৰণীত

নগাঁও, অসাম।

কলিকতা,
২১০/১ কৰ্ণওয়ালিস্ ষ্ট্ৰীট, ভিক্টোৰিয়া প্লেসে
শ্ৰীমণিমোহন দ্বাৰা মুদ্ৰিত ও প্ৰকাশিত।

শক ১৮০৭।

মূল্য ॥৶৹ আনা।

[  ]
 

ৰত্নমণি।

শ্ৰীৰুদ্ৰ ৰাম বড়দলৈ
প্ৰণীত।

⸻⸻

নগাঁও, আসাম।

 

কলিকাতা,

২১০/১ কৰ্ণওয়ালিস্ ষ্ট্ৰীট, ভিক্টোৰিয়া প্ৰেসে
শ্ৰীমণিমোহন রক্ষিত দ্বাৰা মুদ্ৰিত ও প্ৰকাশিত।

⸻⸻

শক ১৮০৭।
মুল্য॥ ৶০ আনা।

 

[  ]
 
RATNA-MANI
 

BY

 
RUDRARAM BARDALAI.

 This is a description of some precious stones and metals. The author gives mainly the old Hindu ideas on their use and efficacy. It contains however much useful information on the subject, which will be interesing to the general reader.

BOLY NERAYAN BORAH.
NONDESHOR PHOOKEN.
17th December 1885. GUNAVI RAM BORUAH.

[  ] Fook B. c. cLARkE, EsQB., M.A. Inspector of Schools, Assan. To BABU RUDR3 RAM BARD ALAI, | NowsoNG. | No. 43GG. Dated Shillong the lith February 1486. Fron-c. B. CLARKE, EsxJ., M A., Inspector of Sehoote, Assum. To---BABU RUDR3IRAM Batpal.AI, Noargong. | Sia, I have tho honour to return you the inanuscript | copy of the book noted in the Ratnamuniloy Rudra- uda" imargin .. with criticisms in ram Bardoloi. | original passed thereen by the Text Book Committee Nowgong Please acknow- ledge the receipt of the manuscript. I have the honour to be, Sir, Your most obedient Servant, R, S. GREENSilIELDS, C. S. For Inspector of school, Assam.

[  ] ৰত্নমণিৰ শুদ্ধিপত্ৰ। অসাম আসাম সৰ্ব্ব ওপৰ (সব মুড়) ৪

  • ২য় ৪

ভূমিকা “ক” ১৪। নিৰ্ঘন্ট • নাই মণিব্যবহৃত ধাৰণৰ সোণৰ সোণৰ ৰুপৰ সোন কিকি সুন্দৰ, বাহু ধা, সি বসা ক্ষয়। ব্যবহৃত মণি ধাৰণৰ সোণৰ সোণৰ ৰূপৰ সোন ৰাহু বাসি ক্ষত্ৰিয় | (খানিবৰ আকবহাব) (আনিব বা চাচিব) সোভা শোভা ব্যক্তীয় ব্যক্তিয়ে নিৰ্দেশ নিৰ্দোষ সেভা শোভা শদৃশ ১১ সোভা শোভা স্থীৰীকৃত স্থিৰীকৃত নীনবৰ্ণ নীলবৰ্ণ ২৭ ১৮ সদৃশ ২৯ [  ] পৃষ্ঠা শাৰি অশুদ্ধ। সূৰ্য্যেৰ অতয়েব বিন্দুকল প্ৰভাবে বৰ্ত্তল সূৰ্য্যৰ অতএব বিন্দুফল প্ৰভাৰে বৰ্ত্ত ল দোষী দোষি ৪২ ৪৪ ৪ ৬ বাসুকি বৰ্ত্তল। a e কিকপ কিৰূপ অনুত্তম অনুত্তম বাশুকি বৰ্তল তদাত তদৃঙ্গাত সোভা। শোভা প্ৰাৰ্থিত প্ৰাৰ্থিব সুকাব ওকাৰ শুকাই সুখাভিলাসেৰে সুখাভিলাষেৰে কাৰ্যবিশেষেদোষ কাৰ্যবিশেষে সময়ৰৰ দোষ দোষ সময়ৰো সময়ৰে দোষা- দোষ দোষ। সংখক সংখ্যক একে, একো কঠিন (কঠিন) ৰঙান হয়। ৰঙান হয় ৫৯ ২৪ শাৰি পৃষ্ঠাৰ শিৰনাম অবধি গণনীয়। এবং খণ্ড শাৰিও গণনীয়।

[  ]
 
ভূমিকা।

 সচৰাচৰ দেখিবলৈ পোৱা যায় যে, “ৰত্ন” নামে যি এটী শব্দ আছে তাক সৰ্ব সাধাৰণে বড় প্ৰীতি আৰু আদৰেৰে সদায় ব্যৱহাৰ কৰে। অতিশয় প্ৰিয় বা মূল্যবান বস্তুৰ শলাগ লবৰ কি তাৰ গুণ কবৰ সময়ত উক্ত নামীয় বস্তুৰ (ৰত্নৰ) উপমা নিদিলে জগতত তেনে উত্তম আৰু আন কোন বস্তুৱেই নাই যে তাৰ তুলনাৰে সেই বস্তুৰ গুণ গৌৰৱাদিৰ পৰিচৰ দিব পাৰে। জগতৰ সকলো বিষয়তকৈ ৰত্নয়ে অতি প্ৰধান, এবং সৰ্ব্ব বিষয়ে ওখৰ (উচ্চৰ) শেষ সীমা। অৱশ্য ৰত্ন অমুল্য বা কোন বহু মূল্যৰ বস্তু! কিন্তু ইমান প্ৰিতিৰে, ইমান আদৰেৰে, ইমান কোমল আৰু ও। ভাৱেৰে যাৰ নাম, সদায় ব্যৱহাৰ কৰা যায় সিনো কি বস্তু; তাৰনো জাতিকুল আঁতি গুড়ি কি? বোধকৰোঁ‌ অনেকে তাক না জানে, ই সামান্য দুখৰ বিষয় নহয়! ৰত্ন নিচিনিলে কোন মানুহে আমাক ৰত্ন বুল আনবস্তু দি ভাঁ‌ৰিব পাৰে, অথবা আমি কোন প্ৰকৃত ৰত্নক চিনিব নোৱাৰি দলিয়াই পেলাব পাৰো, কত ৰত্ন আমি সহজে পাই ও সামৰি নলব পাৰোঁ‌। ভাবি দেখিলে ৰত্ন তত্ত্বানভিজ্ঞ ৰত্নবান মানুহে। দুৰ্ভগিয়া, যিহেতুক ৰত্নৰ প্ৰকৃত লাভ আৰু উপকাৰ গ্ৰহণ কৰিবলৈ সিবিলাকৰ ক্ষমতা নাই। পৰন্তু ৰত্নৰ ধাৰণ আৰু সেৱনত, যি বিলাক দোষ গুণ আছে অজ্ঞতাৰ কাৰণে সেই বিলাক দোষ গুণে জানিবলৈ বা অনুভৱ কৰি লৈ সিবিলাক সমুল অক্ষম। এই অন্ধকাৰ [ ১০ ] কিঞ্চিৎ পৰিমাণে দুৰ হুবৰ আশাৰে “মূৰ্খৰ বিদ্যাধৰ নামৰ নিচিনাকৈ” ৰত্নমণি নাম দি এই ক্ষুদ্ৰ পুথীখানি লেখা হল, সাধাৰণে ইয়াক ৰত্নমণি নোবোলক যদি সামান্য এডুখরি কাঁচ যেন বিবেচনা কৰিযো ইয়াৰ প্ৰতি কিঞ্চিৎ দৃষ্টিপাত কৰে তেন্তে আমাৰ শ্ৰম সাৰ্থক হুব।

 “ৰত্ন” এইটী হিন্দুশাস্ত্ৰোক্ত হিন্দুজাতিৰ ব্যৱহাৰীয়নাম, ইয়াক আন আন জাতিয়ে যি নো বোলক, ইয়াৰ বিবৰণ আন আন জাতিয়ে যেনেকৈবা নকওক আৰ্য্য পণ্ডিত সকলে যি বস্তুক ৰত্ন বুলি চিনাই দি গৈছে, আৰু তাৰ আঁতি গুড়ি সিবিলাকে যেনেকৈ লিখি গৈছে তদনুসাৰেই এতিয়া তাৰ চিনাকি লোৱা উচিত হইছে। এই কাৰণে ইবাৰ মুখ্যাংশ আমাৰ আৰ্য্য পণ্ডিত সকলৰ ৰচিত গ্ৰন্থৰ পৰাই সঙ্কলিত হল্‌। এবং প্ৰমান সিদ্ধ বিবিধ্‌ যুক্তি ইত্যাদিৰে তাক ভূষিত করা হল। ভাষা বা ৰচনা বিষয়ত দোষ ধৰি কোনোৱে যদি ইয়াৰ ওপৰত ঘৃণা প্ৰকাশ কৰে তেন্তে সি আমাৰ সম্বন্ধ গোময়, গঙ্গাজলৰ নিচিনা হুব। কিন্তু আৰ্য্য শাস্ত্ৰৰ গন্ধ থকা বাবে যুগ মায়াত মুগ্ধ কোন লোকে যেন ইয়াত অৰুচি প্ৰকাশ নকৰে এয়ে আমাৰ প্ৰাৰ্থনা।

 অৱশেষত আমাৰ আৰু এফেৰি মান মনৰ কথা ইয়াতে প্ৰকাশ কৰোঁ লোকে শুনি হাঁহিব পাৰে, আৰু উৎসাহ দিবও পাৰে, যাৰ যি স্বভাৱ তাকে কৰক, কিন্তু আমি লাজলৈ পিঠি দি দেশৰ পৰম হিতাৰ্থী শ্ৰীযুক্ত ৰায় গুণাভিৰাম বড়ুৱা ডাঙ্গৰীয়া বাহাদুৰৰ উৎসাহেৰে বয়নাই চন্দ্ৰলৈ হাত মেলাৰ দৰে চাকোলাই পৰ্ব্বত বগাবলৈ ধৰাৰ দৰে আমাৰ নাওসৰে কোন [ ১১ ] এটী নাম দি অসমৰ ব্যৱস্থা পুস্তক এখানি লেখিবলৈ অগ- বঢ়া হইছে। সৃষ্টিতত্ত্ব এবং জাতিমালা এই দুটীভাগ এক প্ৰকাৰ শেষ হইছে, এতিয়া সমাজ আৰু প্ৰায়শ্চিত্ত বিষয় আৰম্ভ কৰা হইছে। ইয়াত দান, উইল, উত্তৰাধিকাৰীত্ব ইত্যাদি বিবিধ বিষয় সংক্ষেপে লেখা হুব। এই ৰত্নমণি প্ৰকাশৰ দ্বাৰায় যদি আমি সাধাৰণৰ ঘৃণাস্পদ নহঁও, আৰু ই জ্ঞানী সকলৰ ওচৰত পিৰালিকাঁথিতো যদি কিঞ্চিৎ মাত্ৰ ঠাই পাই, তেন্তে অবিলম্বে উক্ত ব্যবস্থা খানি অল্প অল্পকৈ ক্ৰমে প্ৰকাশ কৰিবলৈ প্ৰয়াস পোৱা যাব। পৰন্তু মনুষ্য জাতিৰ শুভাশুভ বুঝিবৰ নিমিত্তে অদৃষ্ট তত্ত্ব নামেৰে আৰু এখানি পুথী সোন- কালে প্ৰকাশ কৰিবলৈ আম ৰ ইচ্ছা আৰু যত্ন আছে। ভৰসা কৰোঁ ইয়াৰ পাছতে সি ও প্ৰকাশ হুব পাৰিব।

নগাঁও, অসম।।
১৫ আশ্বিন ১৮০। শক।

শ্ৰীৰুদ্ৰৰাম বড়দলৈ
 

[ ১৩ ] নিৰ্ঘণ্ট। ১ম অধ্যায়। সাধাৰণ ব্যাখ্যা। মণি কি? ••• ••• ফণি ব্যবহৃত মণ ••• ৰত্নমণিৰ স্থূল গুণাগুণ অলঙ্কাৰৰ সৃষ্টি ••• অলঙ্কাৰৰ দ্বাৰায় প্ৰাণৰ উপকাৰ ৰভূষণাদিৰ দ্বাৰা শৰীৰৰ বিশেষ উপকাৰ অলঙ্কাবক অৱহেলা কৰা অন্যায় গুণহীন অলঙ্কাৰ মিছা ভাৰ বোৱা মাত্ৰ ••• বস্তুৰ গুণৰ এমাণ বস্তুৰ দ্বাৰা সুভাসুভাদি আকৰ্ষণ ' ... ২য় অধ্যায়। ৰত্নবিবৰণ। নাম। ••• ••• ••• বৰ প্ৰকাৰ। ••• ••• ৰবীজ আৰু তাৰবাবে যুক্তি ••• ৰবীজ সম্বন্ধে আৰু যুক্তি ••• | ৩য় অধ্যায়। হীৰাৰ বিবৰণ। জীৰ মহাৰ ... ••• ••• • ১৭, [ ১৪ ] ১ । •• হীৰাৰ জন্মস্থান ••• ••• মতান্তৰে হীৰাৰ জন্মস্থান হীৰাৰ নাম , বৰ্ণ ••• , জাতি আৰু তদগত গুণ ••• , লিঙ্গভেদ আৰু তদগত গুণ , দেৱধিষ্ঠিত উত্তম হীৰা ... যি হীৰা যৰ পক্ষে প্ৰশস্ত ধাৰণৱ অযোগ্য হীৰা দুল্ল ভ হীৰা। গুণযুক্ত হীৰা ••• পৰিমাণ আৰু মূল্য ••• হীৰাৰ পৰীক্ষা ... হীৰাভস্ম, আৰু তাৰ গুণ ৪ৰ্থ অধ্যায়। প্ৰস্তৰ জাতীয় অন্য প্ৰকাৰ | ৰত্ন বিবৰণ। পান্নাদি ••• ••• পান্নাৰ নাম মাণিক্যৰ নাম ••• পুষ্পৰাগ মণিৰ নাম ইন্দ্ৰনীল মণিৰ নাম... বৈদুৰ্যমণিৰ নাম ... : দিৰ উৎপত্তি • [ ১৫ ] পদ্মৰাগ ... ••• ••• ••• মৰকত ••• বিবিধ ইন্দ্ৰনীল আৰু তাৰ বিজাতীয় মণি ... বৈদূৰ্য্য এবং তাৰ বিজাতীয় মণি। পুষ্পৰাগ আৰু তাৰ বিবিধ জাতি মণি ককেতনমণি ••• ••• ভীষ্মক মণি ••• পুলক মণি ইন্দ্ৰগোপ আৰু ৰুধিৰাখ্য মণি ... তৈল স্ফটিক মণি ••• ••• | ৫ম অধ্যায়। মুক্তা বিবৰণ। নাম ••• জন্মস্থান... বীজ ••• আকৰ ••• স্থানভেদে মুক্তাৰ প্ৰকাৰ ••• মহাৰত্ন সংভিত মুক্তা এবং তাৰ গুণ : পবিত্ৰ মুক্তা শ্ৰেষ্ঠ মুক্তা প্ৰশস্ত মুক্তা নিকৃষ্ট মুক্তা গুণ ••• সেৱন গুণ ধাৰণ গুণ [ ১৬ ] দোষী মুক্তা ••• বিশেষ অপকাৰি মুক্তা ছায়া আৰু ছায়াগুণ ছায়াৰ জাতি আৰু তাৰ গুণ ... পৰীক্ষা গুণ পৰীক্ষা ••• শুদ্ধিৰ উপায় মূল্য ••• স সম্বন্ধে প্ৰচলিত নিয়ম ••• ধাৰণকাল পঞ্চম অধ্যায়। মুক্তাৰ বিশেষ বিবৰণ ৰুক্মিণাধ্য (শক্তিজ) মুক্তা বংশজ মুক্ত। গজ মুক্তা মেঘ মুক্তা বৰাহ মুক্তা . মীন মুক্তা সৰ্প মুক্তা ভেকাদি জাত মুক্তা... ষষ্ঠ অধ্যায়। বিদ্ৰুম বা পোল। ••• • ••• ••• ••• নাম ৪৮ [ ১৭ ] বিক্ৰমৰ উৎপত্তি বিবৰ » প্রাকৃতিক গুণ ... . এবং দৈশিক দোষ .... পােৱালৰ আকৃতি আৰু জাতি আধুনিক পণ্ডিতৰ মতে পােৱালৰ উৎপত্তি বিবৰণ। পােৱালৰ উৎপত্তি সম্বন্ধে যুক্তি : ••• পােৱালৰ পৰীক্ষা পোৱালৰ মূল্য ••• সপ্তম অধ্যায়। ধাতু ৰত্ন। সুবৰ্ণ বিবৰণ নাম শুদ্ধ সুবর্ণৰ উৎপত্তি কৃত্রিম সােণ প্রস্তুত... অন্য উপায় ... । পাৰ ভৰ উপায় ••• সােণ কৰিৰ অন্য উপায় » , অংক উপায় | আন উপায় ... » , আৰু উপায় তাম আউটিবৰ উপায় জপ পূজাদিৰ আবশ্যকতা ••• পর্ণোৎপত্তিৰ যুক্তি ••• সােনৰ জন্মস্থান আৰু কেঁচা সােণৰ বিবৰণ [ ১৮ ] • কেঁচা সোণাৰ লক্ষণ। কেঁচা সোনৰ গুণ ••• শুদ্ধ সুবৰ্ণৰ লক্ষণ ••• অধম সোণৰ লক্ষণ ••• বিবিধ অধম সোণৰ লক্ষণাদি ••• শুদ্ধ সোণৰ গুণ ••• পাত সোণ এবং তাৰ দোষগুণ... শুদ্ধ সোণৱ বিশেষ গুণ। সোণৰ দোষ ৬৭ ৰৌপ্য বিবৰণ। ৰৌপ্যৰ নাম ••• ৰোপ্যৰ উৎপত্তি ... ৰূপ মাটী বা ৰুপৰ খনি উদ্ধৰূপ ••• অশুদ্ধ ৰূপ ৰূপৰ গুণ ৰূপৰ দোষ ৰূপকৰণ অবধৌতিক মতে ৰূপ কৰণ অন্য প্ৰকাৰে ৰূপকৰণ আৰু অন্য প্ৰকাৰে ৰূপকৰণ ••• ৰূপ কৰিবৰ আৰু উপায়। ৬৭ ৬৭ ৬৮ ৩৮ [ ১৯ ] তাম্ৰ বিবৰণ। নাম ••• ••• ভাৰ উৎপত্তি ... উৎপত্তিৰ যুক্তি। উত্তম তাম। অধম তাম ভামৰ দোষগুণ তামৰ আৰু গুণ

[ ২১ ]
 

ৰত্ন মণি।
⸻⸻
প্ৰথম অধ্যায়।
⸻⸻
সাধাৰণ ব্যাখ্যা।

ৰত্ন কি?

  ৰম্‌ অৰ্থাৎ ৰমন ধাতুৰ পৰা ৰত্ন নামৰ উৎপত্তি। ধনাৰ্থী মানুহ বিলাকে যি বস্তুত্‌ অতিশয় মন অৰ্থাৎ আহ্লাদ প্ৰকাশ কৰে শব্দ শাস্ত্ৰ বিশাৰদ পণ্ডিত সকলে তাকে ৰত্ন বোলে।

মণি কি?

  মণি-ৰত্নৰে কোন কোন বিধ্‌। মন্‌-ই এই ধাতুৰ পৰা উক্ত নামৰ উৎপত্তি। অনেক স্থলত ৰত্ন মণিৰ অভেদ সংজ্ঞা; অৰ্থাৎ ৰত্নে মণি, — মণিয়ে ৰত্ন। কিন্তু স্থল বিশেষে ৰত্নৰ শ্ৰেষ্ঠ অংশকেই মণি বোলা যায়। যথা, — প্ৰাকৃতিক ভাষাত চক্ষুক ৰতন্ বোলে, আৰু তাৰ প্ৰধানাংশ (তৰাৰ মাঝত থকা ঘুৰনিয়া গুটী) যি-টী তাক মণি বোলে। এই দৰে অনেক বস্তুৰ সাৰাংশয়ে প্ৰায় মণি নামে অভিহিত। বস্তুতঃ মণি

শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ বস্তু। [ ২২ ]
ব্যৱহৃত মণি।

  শিক্ষাৰ অভাৱত যদিও ৰত্ন মণিৰ বিবৰণ এতিয়া অনেকে পাহৰিছে তথাপি এই দেশত পূৰ্ব্ব ব্যৱহাৰৰ অনুসৰি কোননে কোন মণি যথা কোত মৰা গুটীয়া, চিপাত ইত্যাদিয়েই মণি বুলি আজি লৈকে লোকৰ ব্যৱহৃত আছে। সোন রূপৰে হওক, বা কোন কাচ্‌, ফটিক, কাঠ, পাথৰ ইত্যাদি ৰেই হওক, বা মুক্তা, পোৱাল ইত্যাদি আন যিহৰে নহওক গছৰ গুটীৰ নিচিনা বিবিধ্‌ প্ৰকাৰ গুটী বিলাককে এই দেশৰ প্ৰায় মানুহে মণি বুলি ব্যৱহাৰ কৰে। বিশেষকৈ যি যি গুটীৰ বিন্ধা থাকে মানুহৰ সহজ বিশ্বাসত সেয়ে মণি। এই মণিকে বিবিধ প্ৰকাৰে গাঁথি মালা স্বৰূপে এই দেশৰ সাধাৰণ মানুহে বিশেষকৈ স্ত্ৰী জাতিয়ে যথাযোগ্যরূপে বড় আদৰেৰে ব্যৱহাৰ কবে, প্ৰধানকৈ গ্ৰীবা, কণ্ঠ বা বক্ষৰ আভৰণ কৰে। এই বিলাক মণিৰ অনেক বিধ্‌ ৰত্ন মণি নহয়, নাম মণি বা উপমণি মাত্ৰ।

ৰত্নমণিৰ স্থূল গুণাগুণ।

  ৰত্ন মণি অতিশয় মনোজ্ঞ বস্তু! ইয়াৰ গুণ স্থূলতঃ মধুৰ, শীতল, শুক্ৰাদিৰ প্ৰবৰ্ত্তক, ধাৰণত্‌ দেহাদিৰ শোভা বৰ্দ্ধক, গ্ৰহ দোষ শান্তিকাৰক, সৰ্পভয় নিবাৰক, এবং অশেষ মঙ্গলদায়ক। ইয়াৰ সেৱনত্‌ দৃষ্টিবৰ্দ্ধন আরু বিষ দোষ নষ্ট হয়। কিন্তু কুলগ্নত আরু অশুভ দিনত উৎপত্তি হোৱা ৰত্ন দোষযুক্ত, এবং

গুণ হীন, সি ধাৰণ সেৱনৰ অযোগ্য। [ ২৩ ]
অলঙ্কাৰৰ সৃষ্টি।

  পূৰ্ব্বকালত সৰ্ব্ব সাধাৰণৰ ভিতৰত ৰত্ন মণিৰ ব্যৱহাৰ বড়্‌কৈ থকাৰ প্ৰমাণ পোৱা যায়। হিন্দু শাস্ত্ৰত ৰত্নাদি ধাৰনৰ নিমিত্তে বিশেষ বিধি আছে। ৰত্নাদিৰ ধাৰণ বা সেৱনত যে লোকৰ অশেষ রূপ মঙ্গল সাধিত হয়, তাত কিছু মাত্ৰ সংশয় নাই। শৰীৰ ব্ৰহ্মাণ্ডৰ অংশ স্বরূপ, ৰত্ন মণি জগদুৎপন্ন পৰম্‌ পবিত্ৰতম বস্তু, শৰীৰৰ মেদ, মজ্জা, শুক্ৰ, শোণিতাদিৰ লগত ইয়াৰ সম্বন্ধ থকা একো অসম্ভৱ নহয়। বুঝিব পাৰি যে, উক্ত কাৰণেই পূৰ্ব্ব কালৰ লোক বিলাকৰ ৰত্নালঙ্কাৰাদিত্‌, বড় আদৰ আছিল। আরু উক্ত কাৰণেই দেহ তত্ত্ব এবং ৰত্ন গুণাভিজ্ঞ আৰ্য্য পুরুষ সকলৰ দ্বাৰায় অঙ্গ প্ৰত্যঙ্গাদিৰ উপযুক্ত রূপে অলঙ্কাৰাদিৰ সৃষ্টি হইছিল। অঙ্গ প্ৰত্যঙ্গাদিৰ নাও সৰেই প্ৰায় ভূষনাদিৰ নাম দেখিবলৈ পোৱা যায়, যথা; মুড়-মুকুট, কৰ্ণ-কুণ্ডল, অঙ্গুলি-অঙ্গুৰী, কটি—কটি সূত্ৰ, বাহু-বাজু, বুক্‌ -বুক্‌ ধুকি ইত্যাদি।

অলঙ্কাৰৰ দ্বাৰায় প্ৰাণৰ উপকাৰ।

  মনুষ্য শৰীৰত্‌ প্ৰাণৰ আধাৰ স্বরূপ যতটী মৰ্ম্ম স্থান আছে তাৰ ভিতৰত শিৰ, কণ্ঠ, বাহু, ললাট, ভ্ৰু, কৰ্ণ, হাতৰ মণি বন্ধ, অঙ্গুলি, বক্ষ, কটি, নিতম্ব, জানু, জংঘা, পদ, পদসন্ধি, পদাঙ্গুলি, এই বিলাকেই ইতৰ বিশেষ অনেকটী মৰ্ম্মৰ ঘাই ঠাই; ইয়াৰ ভিতৰত শৃঙ্গাটক * প্ৰভৃতি সদ্য প্ৰাণ নাশক


[ ২৪ ]
 

কি কি বিলম্বে প্ৰাণ নাশক ইত্যাদি কেইবা প্ৰকাৰৰো মৰ্ম্ম আছে। আৰ্য্য সকলৰ ৰত্ন ভূষনাদি ধাৰণৰ ব্যৱস্থা এই মৰ্ম্ম সম্বন্ধীয় বিচাৰ সম্মত বুলিও প্ৰমান পোৱা যায়। অৰ্থাৎ ৰত্নালঙ্কাৰৰ দ্বাৰায় সেই সকল মৰ্ম্ম স্থানৰ উপকাৰ হয়।

ৰত্ন ভূষনাদিৰ দ্বাৰা শৰীৰৰ বিশেষ উপকাৰ।

  শৰীৰৰ অবয়ব বিলাকৰ পৰা দেহ ঘটত আত্মাৰ অসীম সুভাসুভ গোট খাই, এই কাৰণে সেই অবয়ব বিলাকত উপযুক্ত ৰখিয়া নিযুক্ত কৰা উচিত। শৰীৰৰ প্ৰত্যেক বিভাগ আৰু অঙ্গোপাঙ্গাদিত গ্ৰহোপগ্ৰহাদিৰ অধিকাৰ আছে, সেই সেই গ্ৰহোপগ্ৰহাদিৰ লগত ৰত্নৌষধিৰ বিশেষ সম্পৰ্ক। মানিক্যে সূৰ্য্যৰ, সুন্দৰ, নিম্মল মুক্তাফলে-চন্দ্ৰৰ, প্ৰৱালে-মঙ্গলৰ, মৰকত মণিয়ে-বুধৰ, পদ্মৰাগে-বৃহস্পতিৰ, হীৰুকে-শুক্ৰাচাৰ্য্যৰ, নিৰ্ম্মল নীল কান্তে-শনিৰ, আরু গোমেদ, বৈদুৰ্য্য মণিয়ে- বাহু কেতুৰ দুৰ্দ্দৃষ্টি নিবাৰণ কৰে। ৰত্নাভৰণৰ ধাৰণত দেহ শুচি, আৰু নিষ্পাপ, এবং পুষ্ট হয়, মনৰো সন্তোষ সাধিত হয়, দুঃখ দৌভাগ্যাদি দূৰ হয়। মানুহ সৌভাগ্য শালী হয়। মনুষ্যৰ দোষ বিলাক জন্ম মাত্ৰেই গ্ৰহ বিভূতি রূপে পৰিণত হয়, দেহস্থ ৰক্তাদি সেই দোষ স্পৰ্শ হলেই বিকৃতি (মলিনতা) প্ৰাপ্ত হয়। সেয়ে নানা ৰোগোৎপত্তিৰ আরু সুখ সন্তানাদি হানিৰ কাৰণ। দেহত্‌ যেনে দোষ জন্মিব, সি তদুপযোগী বিঘ্ন বিপত্ত্যাদিক আহ্বান কৰিব সংশয় নাই।

অলঙ্কাৰক অৱহেলা কৰা অন্যায়।

  বৰ্তমান কাল বৈদেশিক সভ্যতায় শিক্ষাৰ জখলাত্‌ ভৰি [ ২৫ ] দিয়া বা ভৰি দিবলৈ ইচ্ছা কৰা বা সিবিলাকৰ পাচ্‌ ধৰা দেশীয় মানুহ বিলাকৰ মনৰ পৰা ৰত্নালঙ্কাৰৰ ভক্তি শ্ৰদ্ধা অনেক আঁতৰাইছে; ইয়াক সিবিলাকৰ সৌভাগ্যৰ বিষয় বুলি স্বীকাৰ কৰিব নোৱাৰি। অলঙ্কাৰে অসভ্যতা দেখাব এই ভয়ত ৰত্নালঙ্কাৰৰ ওপৰত অৱহেলা প্ৰকাশ কৰা আপনাৰ অশেষ হানিৰ কাৰণ মাত্ৰ। যি সকলে ৰত্নালঙ্কাৰ ব্যৱহাৰ কৰিবলৈ লাজ কৰে, সি সকলে জ্যোতিম্ময় গৃহত বাস কৰিবলৈ, অপূৰ্ব্ব শয্যাত শয়ন কৰিবলৈ, সুগন্ধি দ্ৰব্যৰ ঘ্ৰান লবলৈ, মনোহৰ উদ্যানত ভ্ৰমন কৰিবলৈ লাজ নকৰে কিয়? ৰত্নালঙ্কাৰৰ গুণ এই বিলাকতকৈ কম নহয়। যদি দেশীয় অলঙ্কাৰ বিলাক সিবিলাকৰ বেশোপযুক্ত নহয় বুলি অরুচিকৰ হয়; তেন্তে আপোনাৰ মাৰ্জিত বুদ্ধিৰে তাক মনৰ দৰে কৰিললেই হয়, যেনে তেনে রূপে শৰীৰত ৰত্ন থাকিব লাগে মাত্ৰ। অলঙ্কাৰৰ আকাৰ প্ৰকাৰ দোষনীয় হলে ও ৰত্ন একো দোষনীয় নহয়।

গুণহীন অলঙ্কাৰ মিছাভাৰ বোৱা মাত্ৰ।

  আজি কালি চেইন, ইয়াৰিং ইত্যাদি নামেৰে বিবিধ প্ৰকাৰৰ যি বিলাক বিদেশী অলঙ্কাৰ ওলাইছে সি যদিও দেশীয় অলঙ্কাৰ হাৰ কুণ্ডলাদিৰ অনুরূপ; তথাপি দেশীয় বেশৰ উপযোগী নহয়, যেই বা নহক লোকে তাকো ৰত্ন বোধে ব্যৱহাৰ কৰা যেন দেখা না যায়; তাৰ দ্বাৰা কেৱল বেশ্‌হে অলঙ্কৃত কৰে মাত্ৰ। যিহেতুক এই বিলাক অলঙ্কাৰত বিশুদ্ধ ৰত্ন প্ৰায় নাই, তেন্তে তাৰ গুণো অৱশ্য তেনেকুৱা! বিশেষতঃ বিধিমতে, তাৰ ব্যৱহাৰ নাই, ইয়াতে বুঝিব পাৰি যে, এই অলঙ্কাৰ যি [ ২৬ ] সকলে ব্যৱহাৰ কৰে সি সকলে তাৰ গুণৰ আশা ন কৰে; কেৱল শোভা বা সভ্যতা বৃদ্ধিৰ নিমিত্তেই হে কৰে। মুখ্য উপকাৰৰ আশা নথকা অলঙ্কাৰৰ ব্যৱহাৰ বৃথা ভাৰ বোৱা মাত্ৰ। তাৰ নিমিত্তে যি অৰ্থ ব্যয় কৰা যায় সি বাঁজি গাই কিনাৰ নিচিনা।

বস্তুৰ গুণৰ প্ৰমান।

কোনোৱে সুধিব পাৰে যে, ৰত্ন দেহৰ বাহিৰত থাকি অন্তৰস্থ ৰক্তাদিৰ কি উপকাৰ কৰিব? যদি বাহিৰত থাকি কিবা উপকাৰ কৰিব পাৰে তেন্তে গাৰ কাপবৰ ওপৰত থাকিও কৰিব পাৰিব, তাৰ উত্তৰ এই — শৰীৰৰ বাহিৰ ভিতৰ সকলো সমান, ৰক্ত সৰ্ব্বশৰীৰতে ব্যাপ্ত আছে, — চৰ্ম্ম, চক্ষু, জীহ্বা, কৰ্ণ ইত্যাদি জ্ঞানেন্দ্ৰিয় বিলাকত থাকি তেজে শ্ৰবণ, দৰ্শন, ঘ্ৰান, স্পৰ্শ ইত্যাদি দ্বাৰা চুম্বক পাথৰে লোৱা ধৰাৰ দৰে বাহিৰৰ সকলো বিষয়ৰে গুণ আকৰ্ষন কৰে। বিছা, চামচেরুৱা, চন্দণ চোৰাত ইত্যাদি গাত লাগিলে, মনোহৰ দ্ৰব্য দৰ্শন কৰিলে সুশ্ৰাব্য গীত শ্ৰবণ কৰিলে, সুগন্ধি বস্তুৰ ঘ্ৰাণ পালে, শৰীৰ মন কেনে কৰে সেয়ে তাৰ প্ৰমাণ। কিন্তু কাপৰৰ ওপৰত থকা বস্তুৰ গুণ গৌণেহে কথঞ্চিৎ ধৰিব পাৰে, জুইৰ নিচিনা বড় চোকা বস্তু নহলে তাৰ গুণ লগতেই গাত্‌ সোমোৱা টান।

বস্তুৰ দ্বাৰা সুভাসুভাদি আকৰ্ষণ।

  ৰত্ন সংসৰ্গত শৰীৰৰ তেজ বীৰ্য্যাদি হৰ্ষিত আৰু প্ৰফুল্লিত হই থাকে; তাতে ৰক্তাদিৰ অলসতা বা শঙ্কোচিত ভাব এবং অন্যান্য নানা অসুভাদি দুৰিভূত হয়, মণ স্ফুৰ্তিযুক্ত হয়। বিশে[ ২৭ ] যতঃ ৰত্ন তেজে বাহ্য জগতৰ পৰাও নানা সুভ মঙ্গলাদি আকৰ্ষণ কৰে; লৌহাদি মিশ্ৰিত কোন ধাতুৱে যেনেকৈ বজ্ৰ আকৰ্ষণ কৰে, বৃক্ষে যেনেকৈ বৃষ্টি আকৰ্ষন কৰে, ৰত্নেও সেই দৰে নানা সুভ মঙ্গলাদি আকৰ্ষন কৰি থাকে। অলঙ্কাৰ ৰত্ন ব্যৱহাৰৰ বিশেষ উপায়, — এই কাৰণে ৰত্ন যুক্ত রূপ সোন ইত্যাদিৰ অলঙ্কাৰ ব্যৱহাৰৰ নিয়ম নিৰ্দ্দোষ বুলি মাননীয়।

⸻⸻

দ্বিতীয় অধ্যায়।

ৰত্ন বিবৰণ।

নাম।

  ৰত্ন, মণি দুইও প্ৰস্তৰ জাতীয় এবং মুক্তাদি। সাহিত্য গ্ৰন্থে গুণৱতী স্ত্ৰী, পণ্ডিত্‌, ঔষধী ইত্যাদিকো ৰত্ন বুলিছে। আরু অভিধানে বস্ত্ৰ, আয়ু, যশ, স্বজাতীয় শ্ৰেষ্ট বস্তু, মণি, মুক্তা, মাণিক্য, সুবৰ্ণাদি উৎকৃষ্ট বস্তু, এই বিলাককে ৰত্নবুলি কৈছে। এতদ্ভিন্ন ৰত্নৰ উনত্ৰিশ প্ৰকাৰ নাম কৈছে; যথা-অঙ্ক, বাজ, পয়, প্ৰয়, শয়, পৃক্ষ, পিত্ত, বয়, সিন, অব, ক্ষু, ধা, সি, ইৰা, ইলা, ইষ, উৰ্ক্ক, ৰস, স্বধা, অৰ্ক্ক, ক্ষদ্ম, নেম, সস্‌, আয়ু, সুনৃতা, ব্ৰহ্ম, বচ্চ, কীলাল, যশ। ইয়াৰ মাঝত্‌ পূৰ্ব্ব কেইটা মানক (স্ত্ৰী, ঔষধী, বস্ত্ৰ, আয়ু, যশ, শ্ৰেষ্ট বস্তু সমুহ, এই বিলাকক) ৰত্ন বুলিবৰ কাৰণ এইরূপ বোধ হয় যে, শ্ৰেষ্ট গুণ আরু শ্ৰেষ্ট বস্তু বা শ্ৰেষ্ট প্ৰাণী সমুহৰ তেজত্‌ ৰত্নৰ আভা বা অংশ থাকে, অৰ্থাৎ যি হে বস্তুক জিলিকাই বা ৰক্ষা কৰে সি ৰত্ন [ ২৮ ] স্বৰূপ, বাস্তবিক সেই বিলাক জাতীয় ৰত্ন নহয়, আন বিলাক স্বজাতীয় ৰত্ন।

ৰত্নৰ প্ৰকাৰ।

  প্ৰকৃত ৰত্ন দুবিধ; প্ৰথম বিধ মহাৰত্ন, আন বিধ উপৰত্ন। মহাৰত্ন ন প্ৰকাৰ, যথা মুক্তা ফল, হীৰা বা হীৰক, বৈদুয্য, পদ্মৰাগ মণি, পুষ্পৰাগ, গোমেদ, নীলকান্তমণি, গায়েত্মত বা গারুত্মত (পান্না), পোৱাল। উপৰত্ন বহু প্ৰকাৰ আছে; যথা-কাচ্‌, কপ্‌ৰ্পু, ৰাশ্মা, মুক্তা, শুক্তি, শঙ্খ, প্ৰভৃতি। এই উপৰত্নও প্ৰায় মহাৰত্নৰে নিচিনা, কিন্তু গুণে কিঞ্চিৎ হীণ। পৰন্তু স্বৰ্ণ, হীৰা, নীল মণি, পদ্মৰাগ, মুক্তা, এই পাঁচ্‌ বিধকে পঞ্চৰত্ন বোলে।

ৰত্নবীজ, আরুতাৰ বাবেযুক্তি।

  সৰ্ব্ব শাস্ত্ৰ বিসাৰদ বিশেষতঃ ৰত্ন গুণাভিজ্ঞ পণ্ডিত মহাত্মা শুত প্ৰভৃতিযে এই দৰে কৈছে যে, বলো নামে এটা অসুৰৰ শৰীৰেই সকলো মণি ৰত্ন আকৰৰ বীজ। দেৱ হীতাৰ্থে দেৱ যজ্ঞত বলোৱে আপোন শৰীৰ পশুৰ দৰে দান কৰিছিল; সেই উৎকট পুন্যৰ ফলে তেঁওৰ শৰীৰ ৰত্ন বীজ স্বরূপ হইছিল। দেৱতা বিলাকে সেই শৰীৰ বিমানত তুলিলৈ আকাশে দি গতিকৰাত তাৰ অবয়ব সকল (অস্থিমাংসাদি) খণ্ড খণ্ড হই জল স্থল পৰ্বত কাননাদি য’তে, য’তে, পৰি গল ত’তে, ত’তে, ৰত্নৰ আকৰ হল। এই দৰেই হওক বা আন কোন প্ৰকাৰেই হওক পৰ্ব্বত, নদী, সমুদ্ৰ, এই বিলাকেই ৰত্ন খনিৰ স্থান; আরু তাতেই ৰত্ন বিলাক জন্মে। পৰন্তু প্ৰাণী শৰীৰ এবং [ ২৯ ] বাঁহ বৃক্ষাদিতো কোন কোন ৰত্নৰ জন্ম হয়, যিহেতুক প্ৰাণী বিলাকৰ অস্থি এবং বাঁহ বৃক্ষাদি মাত্ৰেই পৰ্ব্বতৰ অংশ, আরু শীৰ (ধমনী) বিলাকেই নদী বা শমুদ্ৰৰ অংশ। সুতৰাং জল, বায়ু, দেশ, কাল, ইত্যাদিৰ সংযোগত কোন কোন প্ৰাণী দেহ এবং বাঁহ বৃক্ষাদিত ৰত্ন মণি উৎপন্ন হোৱা একো আশ্চৰ্য্যৰ বিষয় নহয়। পৰন্তু দেশ, কাল, কৰ্ম্মাদিৰ যোগ বিয়োগেই জগতৰ বিবিধ বিষয় সৃষ্টি স্থিতি লয়ৰ কাৰণ; সুতৰাং তদ্ৰূপ কোন সুভ যোগত বলো অসুৰৰ শৰীৰৰ ৰত্ন বীজ হোৱা একো অসম্ভবনীয় ন হয়। কোনো কোনোৱে বজ্ৰ হীৰাক দধিচি মুনিৰ অস্থি বুলিও কয়।

ৰত্নবীজ সম্বন্ধে আরু যুক্তি।

  প্ৰশ্ন হব পাৰে যে, অসুৰৰ বা মুনিৰ সাধাৰণ পাঞ্চভৌতিক দেহ অবশ্য পঞ্চ ভূতত লয় পালে, আকৌ কাল কৰ্ম্মে তাক কেনেকৈ ৰত্নবীজ কৰিব পাৰে? তাৰ সাধাৰণ উত্তৰ এই; জগত পৰমানুময়, পৰমানু বিলাকেই জগতৰ ঘাই বস্তু, এই পৰমানুৰে পৰিমিত মাত্ৰা কৰ্ম্ম সূত্ৰে গাঁথি একত্ৰ কৰিলে কালে একুটী পদাৰ্থ হই উঠে। পৰমানুৰ জাতি কি জড় চৈতন্যতা নাই; কেবল কৰ্মক আশ্ৰয় কৰিহে সিহঁতে জাতি ইত্যাদি লাভ কৰে। সেই কৰ্ম্মসূত্ৰ চিগি গলেই অন্য কৰ্ম্মৰ আশ্ৰয় লাভত রূপান্তৰ প্ৰাপ্ত হয়। দেখা; গো মেধাদি জন্তু বিশেষৰ মূত্ৰ জল পানিত পৰিলে পানিয়েই হয়, কিন্তু মাটিত পৰিলে তাৰ পৰা চমৎকাৰ গুণ বিশিষ্ট জৱক্ষাৰ উৎপন্ন হয়, বৃষ্টিৰ জল স্থান বিশেষত পৰি কাঠ ফুলা হুই জন্মে। এই [ ৩০ ] দবেই ধাতু বিলাকে দ্ৰব্য আরু ক্ৰিয়া সংযোগত ৰূপান্তৰ আরু জাত্যান্তৰত্ব প্ৰাপ্ত হয়; যথা ৰাঙ্গে-রূপ তামে-সোন, ইত্যাদি। প্ৰকৃতিদেবীৰ গৰ্ভত সকলো গুণেই আছে, তাৰ ভিতৰত একে আৰ হোৱা একো বিচিত্ৰ ন হয়। দেশ কাল কম্মাদিৰ তাৰতম্যয়ে যাৱতীয় বিষয় সৃষ্টি স্থিতি লয়ৰ কাৰণ।

⸻⸻

তৃতীয় অধ্যায়।

হীৰাৰ বিবৰণ

হীৰাৰ মহাৰত্ন।

  “ৰত্ন” নামৰ ভিতৰত যত বিলাক বস্তু আছে, তাৰ মাঝত হীৰায়ে সকলোৎকৈ প্ৰধান! পুৰান ভাগৱতে সত্ৰাজিতে সুৰ্য্যৰ পঘা পোৱা বুলি অসীম গুণসম্পন্ন সূৰ্য্য সদৃশ তেজধৰ শমান্ত নামে যি মহামণিৰ কথা কৈছে সি হীৰা মাত্ৰ। কহিনুৰ নামে সি এটা মণি শ্ৰীশ্ৰীমতী ভাৰতেশ্বৰীৰ মুকুটত আছে যাৰ মূল্য সাৰ্দ্ধ তিন কোটী টকাতকৈও অধিক সিও হীৰা, এবং পৰ্টুগালৰ ৰজাৰ ঘৰত থকা এখান পাথৰ যাৰ মূল্য ছয়কোটী বুলি কয় সিও সেই হীৰা। হীৰা মহাৰত্ন; কোনো কোনোৱে এই হীৰাক সূৰ্য্য কলা বুলিও কল্পনা কৰে। বৰ্তমান অব্দৰ আঠ জৈষ্টৰ সহচৰ নামক সংবাদ পত্ৰত, দেখা পোৱা গৈছে; পাৰিশৰ এজন ৰাসায়নিক পণ্ডিতে কৈছে যে হীৰাৰ সূৰ্য্য

কিৰণ ধাৰণৰ ক্ষমতা আছে। [ ৩১ ]
হীৰাৰ জন্মস্থান।

  পৃথিবীৰ যিযি প্ৰদেশত ইন্দ্ৰ বিজয়ী বলো অসুৰৰ অস্থিকণা পতিত হইছিল সেই সকল স্থানতে বিবিধ বৰ্ণ হীৰাৰ উৎপত্তি হয়। হিমালয়, মাতঙ্গ, সুৰাষ্ট্ৰ, পুণ্ড, কলিঙ্গ, কোশল, বেন্বাতট, শৌবীৰ দেশ, এই অষ্ট স্থানেই হীৰাৰ আকৰ।

মতান্তৰে জন্মস্থান।

  আধুনিক পণ্ডিত সকলে কয় যে, ভাৰতবৰ্ষ, ব্ৰাজিল, বোণিয়ো দ্বীপ ভিন্ন অন্য দেশত হীৰাৰ আকৰ নাই, ভাৰতবৰ্ষৰ ভিতৰত গোলকুণ্ডা, বিজয় পুৰ, বুণ্ডেল খণ্ড আৰু কৃষ্ণা নদীৰ উপকুল এই বিলাক ঠাইতে অধিক পৰিমাণে হীৰা পোৱা যায়।

হীৰাৰ নাম।

  নানা পুথিত্‌, ৰত্ন, হীৰা, বজ্ৰ, এই এই নাম পৰ্য্যায়ত তত্তৎ নাম বহু প্ৰকাৰ দেখিবলৈ পোৱা যায়, তাৰ মাজৰে ইন্দ্ৰ বজ্ৰ পৰ্য্যায়ক এড়িদি অন্য খিনি নাম ইয়াত লেখা হল, সি এই, — হীৰা, হীৰক, বজ্ৰ, চন্দ্ৰ, মণিবৰ, সুচি মুখ, দধ্যস্থি, বজ্ৰক, ৰত্ন মুখ্য; বৰাৰক, বিরাটজ, ৰাজপট্ট, ৰাজাবৰ্ত্ত, ইন্দ্ৰায়ুধ, ভিদুৰ, কুলিশ, পবি, অভেদ্য, অশিৰ, ৰত্ন, দৃঢ়, ভাৰ্গক, যট কোন, বহুবাৰ, শতকোটী।

বৰ্ণ।

  হিম গিৰিজাত হীৰা ঈষত তাম্ৰবৰ্ণ, বেন্বাতটীয় হীৰা শশিপ্ৰভ, শোবিৰীয় হীৰা নীল পদ্ম আরু মেঘবৎ আভা সম্পন্ন, [ ৩২ ] সৌৰাষ্ট্ৰীয় হীৰা তাম্ৰবৰ্ণ, কলিঙ্গ দেশজাত হীৰা সুবৰ্ণবৎ মনোৰম কান্তি বিশিষ্ট, কৌশলীয় হীৰা পীতবৰ্ণ, পুণ্ড্ৰজ হীৰা শ্যাম বৰ্ণ; মতঙ্গদেশজাত হীৰা ঈষত পীত প্ৰভ।

জাতি আরু তদ্গত গুণ।

  হীৰা চাৰিজাতি; যথা শ্বেতবৰ্ণ হীৰা ব্ৰাহ্মণ (অত্যুত্তম ), ইয়াকে বজ্ৰ হীৰাও বোলে। লোহিত বৰ্ণ হীৰা ক্ষতৃয় (উত্তম), পীতবৰ্ণ হীৰা বৈশ্য, (মধ্যম), কৃষ্ণবৰ্ণ হীৰা শূদ্ৰ (অধম), বিপ্ৰবৰ্ণ হীৰা সৰ্ব্ব সিদ্ধিপ্ৰদায়ক, এবং রসায়ণ কাৰ্য্যোপযোগী। ক্ষতৃয় হীৰা ব্যাধি নাশক, আরু জৰা মৃত্যু নিবাৰক। বৈশ্য হীৰা ধন প্ৰদায়ক, আরু দেহ দৃঢ়কাৰক শূদ্ৰ হীৰা সৰ্ব্ব ৰোগ নাশক আরু বশন্ত স্তম্ভক।

লিঙ্গ ভেদ আৰু তদ্গত গুণ।

  যি হীৰা ফলৰ নিচিনা সম্পূৰ্ণ ঘুৰনিয়া (গোলাকাৰ), অপেক্ষাকৃত বৃহত্তৰ, যাত্‌ কোন প্ৰকাৰ আঁচ, (ৰেখা) বা ফুট ফুটিয়া (বিন্দু) দেখা না যায় সি পুরুষ জাতি। যি হীৰা ছ চুকিয়া সি স্ত্ৰী জাতি। ত্ৰিকোণ আৰু দীৰ্ঘাকাৰ হীৰা নপুংশক। ইয়াৰ ভিতৰত পুরুষ জাতি হীৰায়ে শ্ৰেষ্ট, আরু ৰস ৰন্ধনকাৰি। স্ত্ৰী হীৰা স্ত্ৰীবিলাকৰ দেহ কান্তি কাৰিনী, আরু সুখপ্ৰদা। নপুংশক হীৰা হীন বীৰ্য্য, অকামিলা, আৰু স্বত্ব বৰ্জিত! স্ত্ৰী হীৰা স্ত্ৰী, নপুংশক হীৰা নপুংশক, পুরুষ হীৰা সকলোৰেই সেৱনীয়। এই পুরুষ হীৰা দ্বাৰা লোকৰ বীৰ্য্য

বৰ্দ্ধিত হয়। [ ৩৩ ]
দেবাধিষ্ঠিত উত্তম হীৰা।

  নিৰ্দ্দোষ আৰু গুণ যুক্ত হীৰা অপেক্ষাকৃত লঘু, সমুজ্জ্বল, কাখ (পাৰ্শ্বদেশ) সমান, এবং ৰেখা, ফুট (বিন্দু), কলঙ্কাদি কোনৰূপ চিহ্ন বিহীন, আৰু ত্ৰাসাদি মণি দোষ বৰ্জ্জিত। যিঠাইত্‌ পৰমাণু পৰিমিত আৰু তীক্ষ্ণ ধাৰ হীৰা দেখা যায় শাস্ত্ৰে তাত্‌ নিশ্চয় দেৱতা সকলুৰ অধিষ্ঠান হই থাকে বুলি কয়। হীৰাৰ বৰ্ণ অনুসাৰে দেৱাধিষ্ঠান নিশ্চিত হয়, আৰু বৰ্ণ অনুসাৰেই হীৰাৰ জাতি বিভাগো হয়। এই কথাত্‌ কোনো অদূৰ দৰ্শি লোকৰ আশঙ্কা হব পাৰে; কিন্তু সেই আশঙ্কাৰ কোন কাৰণ নাই। জগতৰ যাবতীয় বস্তুৱেই গুণশালী, আৰু দেৱতা সকল ও গুণময়, সুতৰাং বস্তু বিশেষত তাৰ গুণ সম্বন্ধীয় দেৱতাৰ অধিষ্ঠান থকা একো অসম্ভৱ নহয়। হৰিদ্বৰ্ণ হীৰাত্‌-হৰি, শ্বেতবৰ্ণত-বৰুণ, পীত বৰ্ণত্‌-ইন্দ্ৰ, পিঙ্গলত্‌- অগ্নি, শ্যামত্‌, যম, তাম্ৰত্‌ বায়ুৰ অধিষ্ঠান আছে।

যি হীৰা যাৰ পক্ষে প্ৰশস্ত।

  ভিন্ন ভিন্ন জাতিৰ পক্ষে ভিন্ন ভিন্ন বৰ্ণ বিশিষ্ট হীৰা প্ৰশস্ত; যথা—ব্ৰাহ্মণৰ পক্ষে শঙ্খ কুমুদ আৰু স্ফটীকবৎ শুভ্ৰবৰ্ণ, ক্ষতৃয়ৰ শশক আৰু নকুল চক্ষুৰ ন্যায় বৰ্ণ বিশিষ্ট, বৈশ্যৰ কদলী পুষ্প সদৃশ কান্তিযুক্ত, শূদ্ৰৰ পক্ষে ধৌত তৰোৱালৰ নিচিনা আভা বিশিষ্ট হীৰা প্ৰশংসনীয়। জৱা ফুল বা পোৱালৰ নিচিনা ৰক্তবৰ্ণ, আৰু হালধি ৰসৰ নিচিনা পীতবৰ্ণ, এই দুবিধ্‌ হীৰা ৰাজাৰ পক্ষেই প্ৰশস্ত; অন্য বৰ্ণৰ পক্ষে ন হয়। ৰাজা সৰ্ব্ব বৰ্ণৰ অধিশ্বৰ; এই কাৰণে সৰ্ব্ব বৰ্ণ আৰু সৰ্ব্ব গুণ [ ৩৪ ] যুক্ত হীৰা ইচ্ছা কৰিলে ৰাজাই ধাৰণ কৰিব পাৰে, কিন্তু অন্য বৰ্ণৰ তাত্‌ অধিকাৰ নাই। ইয়াৰ তাৎপৰ্য্য এই যে, ৰাজ তেজে সকলো বৰ্ণৰ তেজকে নিষ্প্ৰভ বা হৰণ কৰে; এই কাৰণে এই বিলাক উগ্ৰ তেজা মণি ৰাজাৰেই ধাৰণ যোগ্য। যি ৰাজাই বিদ্যুতৰ নিচিনা সমুজ্বল আৰু সুলক্ষনান্বিত হীৰা ধাৰণ কৰে তেঁও স্বীয় প্ৰতাপেৰে শত্ৰু বিলাকক দমন কৰি আৰু সামন্তগণক বশবৰ্ত্তী কৰি সসাগৰা ধৰা ভোগ কৰিব পাৰে।

ধাৰণৰ অযোগ্য হীৰা।

  হীৰাৰ মাত্ৰা বিভাগানুসাৰে ধাৰণৰ ব্যৱস্থা হুব নোৱাৰে, কেৱল তাৰ দোষ গুণৰ বিচাৰানুসাৰেহে ধাৰণৰ কল্পনা হুব পাৰে। গুণসম্পন্ন হীৰাই সৰ্ব্ব সম্পত প্ৰদান কৰে, আৰু দুষ্ট হীৰা দুঃখৰ কাৰণ হয়। যি হীৰাৰ পূৰ্ব্বাপৰ ভাগ বৃত্তাকাৰ আৰু নানা বৰ্ণ বিশিষ্ট সি ইন্দ্ৰৰো ক্লেশকৰ হয়; এতেকে ইয়াক কোণেও ধাৰণ নকৰিব। যি হীৰাৰ কেৱল একটী মাত্ৰ শৃঙ্গ আছে আৰু সেই শৃঙ্গ যদি বিদলিত বা বিশীৰ্ণ দৃষ্ট হয়ি; সেই হীৰা গুণ সম্পন্ন হলেও সি মঙ্গলাৰ্থী পুৰুষৰ ধাৰণ যোগ্য নহয়। যি হীৰাৰ শৃঙ্গ স্ফুটিত, অগ্নি দগ্ধ বা মাঝত মলিন কি ফুট (বিন্দু) দেখা যায় সেই হীৰা ধাৰণত ইন্দ্ৰৰো শ্ৰীভ্ৰষ্ট হই থাকে। যি হীৰাৰ একদেশ ৰক্তবৰ্ণ বা ৰক্তবৰ্ণেৰে চিত্ৰিত সেই হীৰা ধাৰণ কৰিলে ইচ্ছামৃত্যু ব্যক্তিৰো জীৱন বিনষ্ট হয়। ছ-চুকিয়া, আঠ চু-কিয়া, বাৰে চুকিয়া ছয় পাৰ্শ্ব, আঠ পাৰ্শ্ব, ছ-ধাৰ, আঠ ধাৰ, বাৰ ধাৰ, উত্তুঙ্গ সমতীক্ষ্ণ, সমানাগ্ৰ প্ৰভৃতি নানা প্ৰকাৰ হীৰা আছে, কোৱা বিলা[ ৩৫ ] কেই হীৰাৰ আকৰ-জাত গুণ বা লক্ষণ। আকৰ ভেদে হীৰাৰো আকাৰ ভেদ বিভিন্নতা হুই থাকে।

দুৰ্ল্লভ হীৰা।

  সি হীৰা ছ-চুকিয়া, বিশুদ্ধ, নিৰ্ম্মল, তীক্ষ্ণধাৰ, প্ৰশস্ত বৰ্ণ বিশিষ্ট, লঘু, শোভন পাৰ্শ্ব, আৰু দোষশূন্য, যাৰ প্ৰভাৰাশি ইন্দ্ৰায়ুপৰ ন্যায় আকাশ মাৰ্গত প্ৰতিফলিত হয় এনে হীৰা পৃথিবীৎ অতি দুৰ্ল্লভ।

গুণযুক্ত হীৰা।

  যি হীৰা তীক্ষ্ণাগ্ৰ, নিৰ্ম্মল, আৰু দোষশূন্য সি গুণ যুক্ত হীৰা তাক যি ধাৰণ কৰে তাৰ আয়ু, সম্পত, স্ত্ৰী, পুত্ৰ, ধন, ধান্য, গো, পশু প্ৰভৃতি দিনে দিনে বৃদ্ধি পাই থাকে, এবং সৰ্প, অগ্নি, বিষ, ব্যাঘ্ৰ, জল, তস্কৰাদিৰ ভয় আৰু শত্ৰুকৃত অভিচাৰ দূৰলৈ পলায়ন কৰে। যদি হীৰাৰ দাঁতি (প্ৰান্তভাগ) বিশীৰ্ণ আৰু তাত ফুট ফুটিয়া (বিন্দুযুক্ত) আঁচ্‌ (ৰেখা) থাকে বা সেই হীৰা মলিন হয় তেনে হলেও সেই হীৰাই ধন ধান্য আৰু লক্ষ্মী প্ৰদান কৰে। কোন হীৰা প্ৰথমে সৰ্ব্ব গুণযুক্ত বুলি বোধ হয়, পাহুত তাৰ দোষ প্ৰকাশিত হলে ৰাজাই তাক গ্ৰহণ নকৰিব। যি হীৰা সৰ্ব্ব গুণযুক্ত, পানিত পেলালে তল না যায় সেয়ে ধাৰণোপযুক্ত সৰ্বশ্ৰেষ্ঠ হীৰা। সন্তানাভিলাসিনী নাৰিয়ে দীঘল হওক বা ছুঁটি হওক চিৰাৰ নিচিনা আৰু সুগুণ যুক্ত হীৰা ভিন্ন আন হীৰা ধাৰণ নকৰিব।

পৰিমাণ আৰু মূল্য।

  যি হীৰা সৰ্ব্ব দোষ বিহীন আৰু যোখত বিংশতি তণ্ডুল [ ৩৬ ] পৰিমিত হয়, পূৰ্ব্বকালত মণি শাস্ত্ৰবিত পণ্ডিৎ সকলে তাৰ মূল্য আন হীৰাৰ দুগুণ নিশ্চয় কৰিছিল। সেই পৰিমাণৰ ত্ৰিভাগ, অৰ্দ্ধভাগ, চতুৰ্থাংশ ত্ৰয়োদশাংশ, ত্ৰিংশাংশ, ষষ্ঠীতমাংশ, অশিতিতমাংশ, শততমাংশ, কিম্বা সহস্ৰতমাংশ, ন্যুন বা অধিক হলে মূল্যও সেই সেই পৰিমাণে ন্যুনাধিক হয়। দ্বাদশ তণ্ডুল পৰিমিত হীৰাৰে পৰা হীৰাৰ প্ৰথম মূল্য নিৰ্দ্দিষ্ট হয়। পাছত দুই তণ্ডুল পৰিমাণ ন্যুনাধিক্যত মূল্য তাৰতম্য হই থাকে। এই পৰিমাণ যেনে তেনে চাউলেৰে নহয়; যি টো চাউল যোখত আঠোটা বগা সৰিয়হৰ সমান হয়, তেনে চাউলেই এই পৰিমাণৰ উপযুক্ত। যি হীৰা অল্প বা লক্ষ, অলক্ষ, কোন দোষে দোষিত হয়, স্বাভাবিক মূল্যৎ কৈ তাৰ মূল্য দহ ভাগৰ এভাগ হয়। যি বজ্ৰত ক্ষুদ্ৰ বা বৃহত দেখাদেখি অনেক দোষ থাকে স্বাভাবিক মূল্যৰ শতাংশও তাৰ মূল্য নহয়। আলঙ্কাৰিক হীৰাৎ যদি কোনৰূপ স্পৰ্শদোষ লক্ষিত হয় তেন্তে তাৰ মূল্য আশাকৈ তাকৰ হয়।

হীৰাৰ পৰীক্ষা।

  মণিশাস্ত্ৰকুশল ব্যক্তি সকলে অয়স্কান্ত, পুষ্পৰাগ, গোমেদ, বৈদূৰ্য্য, স্ফটিক, আৰু বিবিধ বৰ্ণৰ কাচ-হীৰাৰ নিচিনা কৰি থাকে, পণ্ডিৎ সকলে পৰীক্ষা কৰি হীৰা লবলাগে। ক্ষাৰ দ্ৰব্যেৰে ঘঁহি (উল্লেখন কৰি) হীৰা পৰীক্ষা কৰিব। পৃথিবীত যত প্ৰকাৰ ৰং আৰু লৌহ প্ৰভৃতি ধাতু আছে হীৰাই সকলোকে বিলেখন কৰিব (খানিব বা চাঁচিব) পাৰে, কিন্তু আন কোন ৰত্ন বা ধাতুৱে হীৰাক তেনেকৈ বিলেখন [ ৩৭ ] কৰিব নোৱাৰে। গধুৰেই সকলো প্ৰকাৰ ৰত্নৰ গৌৰৱৰ কাৰণ, কিন্তু হীৰাৰ সম্বন্ধে সি বিপৰীত। অন্যান্য ৰত্ন যিমান গধুৰ হয় সিমান তাৰ গৌৰব বাঢ়ে; কিন্তু হীৰা যিমান লঘু হয় সিমান তাৰ প্ৰধান্যতা বৃদ্ধি পায়। পদ্মৰাগ আৰু হীৰা এই দুইয়ে অন্যান্য সকলো মণি কাটিব পাৰে, কিন্তু হীৰাক হীৰা ভিন্ন আন একোৱে কাটিব নোৱাৰে।হীৰক বা মণি মুক্তা প্ৰভৃতি যত প্ৰকাৰ ৰত্ন জাতি আছে তাৰ মাঝত প্ৰতিবদ্ধ কোন ৰত্নৰে কিৰণ উৰ্দ্ধগনত হয়। যদি কোন হীৰা বক্ৰভাৱে ভাগে বা বক্ৰাকাৰ ৰেখা তাৎ থাকে তেন্তে তাৰ পাৰ্শ্বভাগ (দাঁতি ফাল) দীপ্তি হয়।

হীৰা ভস্ম, আৰু তাৰ গুণ।

  বৈদ্য শাস্ত্ৰোক্ত নিয়মেৰে মারণ ক্ৰিয়া দ্বাৰা হীৰা ভস্ম হয়। অসংশোধিত হীৰায় কুষ্ট, পাৰ্শ্ব ব্যথা, পাণ্ডুতা, আরু পঙ্গুত্ব জন্মায়, এই কাৰণে অসংশোধিত্‌, হীৰা বৰ্জণীয়। সংশোধিত হীৰাক সেবন কৰিলে আয়ু, পুষ্টি, বল, বীৰ্য্য, বৰ্ণ আৰু সৌখ্য বৰ্দ্ধিত হয়, এবং সকল প্ৰকাৰ ৰোগ প্ৰশমিত হয়।

 
⸻⸻
[ ৩৮ ]
 
চতুৰ্থ অধ্যায়।

⸻⸻

প্ৰস্তৰ জাতীয় অন্য প্ৰকাৰ ৰত্ন বিবৰণ।

পান্নাদি।

  পূৰ্ব্বে হীৰা নামক যি মহাৰত্নৰ কথা কোৱা হল তাৰ বাহিৰে মুক্তা, মাণিক্য, পান্না, প্ৰৱালাদি বিবিধ প্ৰকাৰৰ আন যি বিলাক ৰত্ন আছে তাৰ বিবৰণ ক্ৰমে লেখা হুব। সম্প্ৰতি এই অধ্যায়ত পান্নাদিৰ বিবৰণ কোৱা হব।

পান্নাৰ নাম।

  পান্না হীৰক বিশেষ, অথবা বহু মূল্যবান্ প্ৰস্তর বিশেষ। ইয়াকে গাৰুত্মত, মৰকত, অশ্বগৰ্ব্ভ আৰু হৰিত মণি বোলে। বিষ্ণু ধৰ্ম্মোত্তৰ আৰু যুক্তি কল্পতৰু প্ৰভৃতিয়ে অষ্ট প্ৰকাৰ বজ্ৰৰ ভিতৰত পান্না ইত্যাদিকো বজ্ৰ বুলি কৈছে।

মাণিক্যৰ নাম।

  মাণিক্যকে পদ্মৰাগ, শোনৰত্ন, লোহিত, ৰত্নৰাট, ৰবিৰত্মক শৃঙ্গাৰী ৰঙ্গ মাণিক্য, তরুণ, ৰত্ন নামক, ৰাগযুক্‌, ৰত্ন, শোনোপল, সৌগন্ধিক, কুৰুবিন্দ বলে।

পুষ্পৰাগ মণিৰ নাম।

  পুষ্পৰাগ। এই মণিৰ নাম মঞ্জুমণি, বাচস্পতি বল্লভ,

পুখৰাজ, পীত, পীতস্ফটিক, পীতৰক্ত, পীতাশ্ম, গুৰুৰত্ন, পীতমণি, পুষ্পৰাজ। [ ৩৯ ]

ইন্দ্ৰনীল মণিৰ নাম।

 ইন্দ্ৰনীল মণিৰ নাম গোমেদক, পীতৰত্ন। ইয়াক পান্না, মৰকত মণিও বোলে।

বৈদুৰ্য্য মণিৰ নাম।

 বৈদুৰ্য্যৰ নাম দূৰজ ৰত্ন , কেতু বল্লভ, বালবায়জ, কেতুৰত্ন, কৈতব, প্ৰাবৃয্য, অভ্ৰৰোহ; খৰাব্দাঙ্কুরক, বিদুৰত্ম, বিদূৰজ, নীলোৎপল।

পান্নাদিৰ উৎপত্তি।

 সূৰ্য্যদেৱে মহাবল বলো অসুৰৰ মহাৰত্নৰ বীজস্বৰূপ শোণিত লই নীলবৰ্ণ নভোমাৰ্গে দি গুচি গৈছিল, এনে সময়তে অমৰ বিজয়ী লঙ্কেশ্বৰ ৰাৱণে বল দৰ্পেৰে গৰ্ব্বিত হই আদ বাটৰ মাঝত ৰাহুৰ নিচিনাকৈ সূৰ্য্যকে নিৰোধ কৰিলে, তেতিয়া দিবাকৰে সিংহল দেশীয় কোন বিখ্যাত নদীত সেই বলো অসুৰৰ ৰক্ত পৈলাই দিলে। সেই তটিনী অতি মনোহৰা! তাৰ জল সিংহল কামিনীগণৰ নাদোৰনিৎ আৰু বিপুল– নিতম্বর ধুপালনিত আন্দোলিত হইছিল, তাৰ দুই দাঁ‌তিত পুগদ্ৰুম সাৰিৰ সোভা পাইছিল, সেই দিনাৰে পৰা সেই নদী গঙ্গাৰ ন্যায় পুণ্য প্ৰদায়িনী ৰাৱন গঙ্গা নামে খ্যাত হল। সেই দিনাৰে পৰা নিশা যোগত সেই নদীৰ দাঁ‌তিত ৰত্নৰাশি সঞ্চিত হুবলৈ ধৰিলে। সেই বিলাক ৰত্ন কনক ময় নাৰাচ অস্ত্ৰ রাশিৰ নিচিনা স্বীয় প্ৰভাৰে ৰাত্ৰি কালত আলোক পূৰ্ণ হুই শোভা পাবলৈ ধৰিলে। সেই নদীৰ জলত পদ্মৰাগ, [ ৪০ ] সৌগন্ধিক, কুৰুবিন্দ, স্ফটিক প্ৰভৃতি মহাগুণ সম্পন্ন ৰত্ন বিলাক সমুৎপন্ন হল, আৰু সেই সেই ৰত্নৰ সুচাৰু প্ৰভাৱে নদীৰ কাখ (তট) আলোকিত হইছিল।

পদ্মৰাগ।

  পদ্মৰাগ মণি বিবিধ, তাৰ মাঝত কেত বিলাক বন্ধুক পুষ্পাভ, আন কেত বিলাক জৱা ফুলৰ নিচিনা কান্তিযুক্ত, আৰু কেত বিলাক ৰঙ্গা ৰাতুল বৰণিয়া আৰু দাড়িম্ব (ডালিম) গুটীৰ নিচিনা উজ্জ্বল। অন্য পদ্মৰাগ পলাশ ফুলৰ নিচিনা কান্তিযুক্ত। সকলো পদ্ম ৰাগেই অতি সমুজ্জ্বল। সিন্দুৰ, পদ্ম, উৎপল, কুঙ্কুম আৰু লাখ্যা ৰসৰ নিচিনা পদ্মৰাগ আছে, পদ্মৰাগৰ বৰ্ণ ঘনিভূত হলে তাৰ নিজ পোহৰেৰেই শোভিত হই থাকে। গুণ সম্পন্ন স্ফটিক প্ৰভৱ মণি সূৰ্য্য কিৰণেৰে সমুজ্জ্বল হই স্বীয় ৰশ্মি জালেৰে দাঁতিত থকা দ্ৰব্যক পোহৰ কৰে। কেত বিলাক পদ্মৰাগ নীল মিশ্ৰিত ৰঙ্গা বৰণিয়া, আৰু বিলাক ৰক্ত পদ্মবৎ দীপ্তিশালী, আন পদ্মৰাগ ভল্লাতক আৰু কন্টিকাৰি ফুলৰ নিচিনা, কোন কোন পদ্মৰাগ হিঙ্গুল বৰণিয়া। কোন কোন পদ্মৰাগ মণি কপোত, কোকিল, আৰু সাৰস পক্ষিৰ চকুৰ নিচিনা বৰ্ণযুক্ত। অন্য পদ্মরাগ কোকনদ সদৃশ কান্তি সম্পন্ন। স্ফটিক প্ৰভৱ মণিৰ প্ৰভাৱ কাঠিন্য আৰু গধুৰে সকলো মণিৰে প্ৰায় সমান। সৌগন্ধিক জাত মণি ঈষত্ নীল চাণেকিয়া আৰু ৰঙ্গা উৎপলৰ নিচিনা বৰ্ণযুক্ত। স্ফটিক সম্ভৱ মণিত যেনেকুৱা উজ্জ্বলতা দেখা যায় কুৰুবিন্দ প্ৰভৱ মণিত সেই প্ৰভা নাথাকে। তাৰ পোহৰ ভিতৰুৱা। কোন কোন কুৰু বিন্দজ মণি হঁওতে প্ৰভা বিশিষ্ট [ ৪১ ] হয়, কিন্তু স্ফটিক মণিৰ নিচিনা ন হয়। ৰাৱন গঙ্গাত যি বিলাক কুৰু বিন্দাথ্য মণি উৎপন্ন হয় সেই বিলাকে পদ্মৰাগৰ নিচিনা উজ্জ্বলতা ধাৰণ কৰে। অন্ধ্ৰ দেশত যি বিলাক মণি উৎপন্ন হয় সেই বিলাকৰ মাঝত বৰ্ণ অনুসাৰে কোন কোন মণিৰ কিঞ্চিৎমাত্ৰও মূল্য ন হয়। তুম্বুৰু দেশত যি বিলাক স্ফটিক মণি উৎপন্ন হয় সেই বিলাক প্ৰায় স্ফটিক ধৰ্ম্মাক্ৰান্ত হই থাকে। সেই সকল মণি অতি অল্প মূল্য হয়। বৰ্ণাধিক্য, গুৰুত্ব, স্নিগ্ধতা, সমবৰ্ত্তুলতা, নিৰ্ম্মলতা, তেজস্বিতা, আৰু মহত্ততা এই সকলেই মণিৰ গুণ। যি সকল মণিত উক্ত গুণ ৰাশি বিদ্যমান থাকে সেয়ে লোক সমাজৰ আদৰণীয় হয়। এক জাতীয় মণি সমান গুণসম্পন্ন হলেও যদি সচ্ছিদ্ৰ উজ্জ্বলতা বিহীন মসৃনতা শূন্য আৰু বিবৰ্ণ হয় তেন্তে সেই মণি প্ৰশস্ত ন হয়। যদি কোন ব্যক্তিয়ে অজ্ঞানতা বশতঃ দোষযুক্ত মণি ধাৰণ কৰে তেন্তে তাৰ শোক, চিত্তচাঞ্চল্য, ৰোগ, মৃত্যু, বিত্তনাশ, প্ৰভৃতি বিপদ ঘটি থাকে। মণি জাতি দশবিধ; তাৰ মাঝত পাঁচ জাতি উৎকৃষ্ট, আৰু পাঁচ জাতি নিকৃষ্ট। মণি শাস্ত্ৰ কুশল পণ্ডিত সকলে তাক পৰীক্ষা কৰি লব। কলসপুৰ, সিংহল, মৰুদেশজাত, যুক্ত পাণীয় আৰু শ্ৰীপূৰ্ণক, এই পাঁচবিধ পদ্মৰাগ বিজাতীয়। কলস পুৰোদ্ভৱ মণি তুষোপ সৰ্গেৰে, তুম্বুৰু দেশজাত পদ্মৰাগ ঈষত তাম্ৰবৰ্ণ প্ৰভাৰে, সিংহল দেশজাত মণি কৃষ্ণবৰ্ণতাৰে, মুক্তাভিধান পদ্মৰাগ নভঃ স্বভাৱেৰে, আৰু শ্ৰীপূৰ্ণক পদ্মৰাগ দীপ্তি হীনতাৰে উক্ত পাঁচবিধ পদ্মৰাগ বিজাতীয় ভাব প্ৰাপ্ত হই থাকে। যি পদ্মৰাগ পদ্মৰ লগত থাকিলে তাম্ৰবৰ্ণ হয়, সেই পদ্ম ৰাগ পূৰ্ণ মধ্য। যি মণিক [ ৪২ ] তৈলাদি স্নেহ দ্ৰব্যেৰে মাৰ্জন কৰিলে প্ৰদীপ্ত এবং ঘৰ্ষণ কৰিলে দীপ্তিহীন হয়, যি মণি তলে ওপৰে দুই আঙ্গুলি দি ধৰিলে দাঁতিফাল (পাৰ্শ্বদেশ) কৃষ্ণবৰ্ণ হয়, যি মণি প্ৰাপ্ত মাত্ৰ উৰ্দ্ধে ক্ষেপণ কৰিলে সৰ্ব্ব বৰ্ণ বিশিষ্টতা পায়, যি যি মণি এক জাতীয় তুল্য পৰিমাণ এবং গধুৰেও সমান, পণ্ডিত সকলে সেই মণি পাই তাৰ আকৰ জাত দোষ গুণ বিবেচনাকৈ পৰীক্ষা কৰিব। মণিত সন্দেহ না ভাগিলে তৎ জাতীয় অন্য মণি আনি আকে তাকে (পৰম্পৰ) ঘৰ্ষন কৰিব। ৰজ্ৰ কিম্বা কুৰু বিন্দ মণিত অন্য মণিৰে লেখণ হয়, কিন্তু পদ্মরাগ আৰু ইন্দ্ৰনীল মণিত আন মণিৰে লেখণ ন হয়। এক জাতীয় মণি সকলোৱেই সমান, কেতিয়াও সিহঁতৰ একো বৈজাত্য দৃষ্টি ন হয়, তথাপি পৃথক পৃথক নাম কৰিবলৈ সিহঁতৰ প্ৰকাৰ ভেদ কথিত আছে। গুণ সম্পন্ন মণিৰ লগত গুণ হীন আৰু বিজাতীয় মণি ধাৰণ ন কৰিব। বিদ্বান ব্যক্তিয়ে কি কেতিয়া বাও মণিৰাজ কৌস্তুভৰ লগত আন কোন বিজাতীয় আৰু বিগুণ মণি ধাৰণ কৰি থাকে? যেনেকৈ এক চণ্ডাল সংসৰ্গত অনেক ব্ৰাহ্মণ পতিত হয়, তেনেকৈ এটা বিজাতীয় আৰু বিগুণ মণিয়ে অনেক উৎকৃষ্ট মণিৰ গৌৰব বিনাশ কৰে। যি মানুহে পদ্মৰাগ মণি ধাৰণ কৰে, সি যদি অনেক শত্ৰুৰ মাঝতো থাকে বা কোন শঙ্কটতো পৰে, তথাপি তাক কোনৰূপ বিপদে স্পৰ্শ কৰিব নোৱাৰে। যি ব্যক্তীৱে যত্নপূৰ্ব্বক সুলক্ষণান্বিত সমুজ্বল পৰাগ মণি যত্নপূৰ্ব্বক ধাৰণ কৰে, দোষ আৰু উপসৰ্গ প্ৰভৱ উপদ্ৰৱে তাৰ কোন বাধা জন্মাব নোৱাৰে। যেনেকৈ চাউলেৰে যুখিগ ধুৰৰ দৰে হীৰাৰ পৰি মূল্য নিৰ্ণয় কৰিব [ ৪৩ ] লাগে, সেই দৰে পদ্মৰাগ মণিৰো গধুৰৰ তাৰতম্যে মূল্যৰ ন্যূনাধিক্য নিশ্চয় কৰিব। যি সকল মণি ৰত্ন উত্তম বৰ্ণ, আৰু উজ্জল প্ৰভাবিশিষ্ট, সেই সকল মণিৰত্ন প্ৰশস্ত। বৰ্ণ আৰু উজ্জ্বলতাৰ হ্ৰাস হলেই মণিৰ মূল্য হ্ৰাস হই থাকে।

মৰকত।

  ভুজঙ্গৰাজ বাসুকিয়ে দানৱপতি বলো অসুৰৰ পিত্ত গ্ৰহণ কৰি সত্বৰ গমণেৰে নভোমণ্ডল যেন দ্বিধা বিভক্তকৈ প্ৰস্থান কৰিছিল। গমন সময়ত বাসুকিৰ শিৰোৰত্ন প্ৰভাৰে প্ৰদীপ্ত গগন সাগৰত যেন এটি বিস্তৃত ৰজত সেতু হইছিল। পক্ষিৰাজ গড়ে পাখি মেলি স্বৰ্গ মৰ্ত্ত্য ভেটি ধৰি পন্নগৰাজ বাসুকিৰ গতিৰোধ পূৰ্ব্বক তেওঁৰ ওচৰত সেই পিত্ত অপহৰণ কৰিবলৈ উপক্ৰম কৰিলে। ফণিৰাজ বাসুকিয়ে খগপতিৰ আক্ৰমনত চঁক খাই তৎক্ষণাৎ সেই বলো অসুৰৰ পিত্ত পৰিত্যাগ কৰিলে। সেই পিত্ত ৰসাল শিলাৰস পাদপত পৰিশোভিত আৰু নলিকা নামক গন্ধ দ্ৰব্যেৰে সুবাসিত মাণিক্য গিৰিৰ উপত্যকা প্ৰদেশত পতিত হল। সেই ঠাইত পৰা মাত্ৰকে সেই স্থান পৰিত্যাগ কৰি পয়োনিধি তীৰত লক্ষ্মীৰ সমিপত উপস্থিত হল, সেই দিনাৰে পৰা সেই সাগৰ মৰকত মণিৰ আকৰ হল। যি সময়ত ফণিপতি বাসুকিয়ে পিত্ত পৰিত্যাগ কৰে, তেতিয়া সেই পিত্তৰ কিঞ্চিৎ অংশ গৰুড়ে গ্ৰহণ কৰিছিল, তাতে খগপতি মুৰ্চ্ছিত হই পড়িল। এবং তেঁওৰ নাসাৰন্ধ্ৰ দ্বাৰা সেই পিত্ত ভূমিত পতিত হল। পূৰ্ণ বয়স্ক শুক পক্ষীৰ কণ্ঠ, শিৰীষ পুষ্প, খদ্যোতিৰ (জোনাকি পৰুৱাৰ) পৃষ্ঠদেশ, তৃণ পূৰ্ণক্ষেত্ৰ, শৈবল কহলাৰ, নতুন ঘাঁহ, [ ৪৪ ] আৰু ভুজঙ্গ এই সকল পদাৰ্থত যি যি বৰ্ণ দৃষ্ট হয়, মৰকত মণিত সেই সমুদায় বৰ্ণ আছে। এইৰূপ মৰকত মণি শুভপ্ৰদ। যি যি স্থানত ভুজঙ্গভুক গৰুড়ে দৈত্যাধিপৰ পিত্ত পেলাই দিছিল সেই সেই স্থানতে মৰকত মণি উৎপন্ন হবলৈ ধৰিলে। এই সকল দেশ সৰ্ব্বগুণশালী হল, কিন্তু যি সকল ঠাই মৰকৎ মণিৰ আকৰ সি অতি দুৰ্ল্লভ। মৰকত মণিৰ আকৰত যি উদ্ভিদাদি বস্তু উৎপন্ন হয় সেই সেই দ্ৰব্য বিষ ৰোগৰ মহৌষধ। সেই সকল উদ্ভিদৰ সেৱা কৰিলে বিষ পীড়াৰ শান্তি হই থাকে। কোন মহা সাপে দংশন কৰিলে যি বিষ পীড়া সমুৎপন্ন হয়, সি আন কোন ঔষধেৰে নিবৃত্তি নহলে মৰকত মণিৰ আকৰজাত উদ্ভিদ সেৱন কৰিলে সেই বিষ ৰোগ উপশম হই থাকে। মৰকত মণিৰ আকৰৎ যি সকল দ্ৰব্য সমুৎপন্ন হয় সেই সকলোৱেই পবিত্ৰ। সেই বিলাকৰ স্পৰ্শাদিত দেহ শুচি (বিশুদ্ধ) হই থাকে। মৰকত মণি হৰিত বৰ্ণ আৰু কোমল বুলি বোধ হয়, তাৰ উজ্জ্বলতা বেঁকা ৰেখাৰ নিচিনা দৃষ্ট হয়, আৰু সি ভিতৰে সুবৰ্ণ চুৰ্ণেৰে পৰিপূৰ্ণ প্ৰতীত হয়। যি মৰকত মণি সুগঠিত, সৰ্ব্ব গুণোপেত, সৰ্বত্ৰ সমান উজ্জল, লঘু, এবং সূৰ্যকিৰণ সংস্পৰ্শে প্ৰদীপ্ত হই সমস্ত আশ্ৰম আলোকিত কৰে। এই মণিয়ে হৰিত প্ৰভা পৰিত্যাগ কৰি অচিৰোপণত অন্তৰ্গত দীপ্তিৰে তৃণপূৰ্ণ ক্ষেত্ৰৰ আভা তিৰোহিত কৰি দীপ্তি পাই থাকে। যি মৰকত মণি দৰ্শন কৰিলে তৎক্ষণাৎ সাধাৰণৰ মনৰ প্ৰসন্নতা হয়, ৰত্নবিদ্যাবিশাৰদ পণ্ডিত সকলে সেই মণিক সৰ্ব্বগুণসম্পন্ন জ্ঞান কৰে। যি মৰকত মণিৰ বৰ্ণৰ প্ৰগাঢ়তা হেতু ভিতৰুৱাল নিৰ্ম্মল কীৰণ পৰিক্ষিপ্ত হয়, তাৰ কান্তি ঘনী [ ৪৫ ] ভূত, স্নিগ্ধ, বিশুদ্ধ, আৰু কোমল, এবং ময়ুৰ কণ্ঠৰ ন্যায় শোভা সম্পন্ন হই থাকে। যি মৰকত মণি বৰ্ণৰ উজ্জ্বল কান্তিত গাঢ় আভাযুক্ত হই দীপ্তি পায়, সেই মণি উৎকৃষ্ট মণি মাঝত পৰিগণিত। যি মৰকত মণি কৰ্ব্বুৰ, অমসৃণ, মলিন, ৰুক্ষ, পাষাণ আৰু কৰ্কৰযুক্ত, এবং শিলা যতু সংসৃষ্ট, সেই মণি নিৰ্গুন অৰ্থাৎ নিকৃষ্ট মণি মধ্যত গণ্য। মৰকত মণিৰ সন্ধি শেষত যদি অন্য কোন ৰত্ন দেখা যায় তেনে হলে সেই মণি কোনেও ধাৰণ বা ক্ৰয় ন কৰিব। যি তাক্‌ কৰে তাৰ অমঙ্গল ঘটি থাকে। যদি মৰকত মণিত ভল্লা তক ফলৰ (ভেলা গুটিৰ) ন্যায় বৰ্ণ দৃষ্ট হয় তেনে হলে সেই মণি বিজাতীয় লক্ষণাক্ৰান্ত বুলি জানিব। কোন ক্ষৌন বস্ত্ৰেৰে মণি মাৰ্জ্জন কৰিলে তাৰ দীপ্তিৰ লাঘব হয়। কাচ পাত্ৰত্‌ সেই মণিৰ প্ৰতিবিম্ব পেলাইদি সেই লঘুতা নিৰূপণ কৰিব। এনে অন্য কোন পদাৰ্থ আছে যে তাত্‌ মৰকত মণিৰ প্ৰায় সমস্ত গুণ আৰু বৰ্ণ দেখা যায়, এই স্থলত বিশেষ পৰীক্ষা কৰি লব। উক্ত কৃত্ৰিম মণিত ভলা পাতৰ বতাহ দিলে বৰ্ণ বৈষম্য হই থাকে। অনেক প্ৰকাৰ বজ্ৰ আৰু মণি মুক্তা আছে; কোৱা বিলাক মণি যদি কোন ঢাকনিৰে সমাবৃত না থাকে তেন্তে তঁহতৰ প্ৰভা উৰ্দ্ধগামিনী হয়। প্ৰায় সকলো মণিৰ দীপ্তি সৰল ভাৱে এবং কোন কোন মণিৰ প্ৰভা তীৰ্য্যগ ভাৱে পতিত হয়। যি সকল মণিৰ দীপ্তি তীৰ্য্যগ ভাৱে বহিৰ্গত হয় সেই বিলাকৰ তেজ চিৰকাল না থাকে, শীঘ্ৰ বিনষ্ট হুই যায়। স্নান, আচমন, জপ, আৰু ৰক্ষা মন্ত্ৰপাঠ প্ৰভৃতি ক্ৰিয়াকলাপ সমাপণ কৰি গো হিৰণ্যাদি প্ৰদান পূৰ্ব্বক অন্যান্য সাধন কাৰ্য্য সমাপনীন্তৰ দৈৱ কাৰ্য্য,

[ ৪৬ ] পিতৃ তৰ্পণ, অতিথি সেৱা আৰু গুৰু পূজা কৰি নিৰ্দ্দোশ, গুণ

সম্পন্ন মণি সুবৰ্ণে সইতে ধাৰণ কৰিব। এই মণি ধাৰণ কৰিলে বিষ পীড়াদি উপদ্ৰৱ নিবাৰণ হুই যায় আৰু সংগ্ৰামত জয় লাভ হয়। যেনে দৰে পৰিমাণ বিশিষ্ট পদ্মৰাগৰ যি মান মূল্য হয়, সেই দৰে পৰিমিত সগুণ মৰকত মণিৰ তাত্‌কৈ অধিক মূল্য হই থাকে। এবং পদ্ম ৰাগৰ দোষানুসাৰে যেনেকৈ মূল্যৰ হানি হয়, সদোষ মৰকত মণিৰ মূল্য তাত্‌কৈ অধিক পৰিমাণে ন্যূন হই থাকে।

বিবিধ ইন্দ্ৰনীল আৰু তাৰ বিজাতীয় মণি।

  যেতিয়া সিংহল কামিনী বিলাকে আপোন হাতে লৱলী বৃক্ষৰ ফুল পাত চিঙ্গিছিল, সেই সময়তে সিহঁতৰ আগত প্ৰফুল্ল কমলকান্তি বিশিষ্ট বলো অসুৰৰ নয়নযুগল সমুদ্ৰৰ তীৰ ভূমিত পতিত হইছিল, ৰঙ্গ মালাৰ বিশদ প্ৰভাৰে সুশোভিত সাগৰ তট অসুৰৰ নেত্ৰ পড়ি ইন্দ্ৰনীল মণিৰ আকৰ হই সমধিক সমূজ্বল হল। সেই ঠাইত নীল পদ্ম, ভৃঙ্গ, হৰকণ্ঠ, আৰু অপৰাজিতা ফুলৰ নিচিন কান্তিযুক্ত ইন্দ্ৰনীল মণি সমুৎপন্ন হল। তাত্‌ অনেক প্ৰকাৰ ইন্দ্ৰনীল মণি জম্মিল, সেই বিলাকৰ মাঝত অনেক খিনি জল নিধিৰ জল প্ৰতিম, কেত বিলাক ময়ূৰ কণ্ঠ- বৎ প্ৰভা সম্পন্ন, অপৰ কেত খিনি নীলি ৰসৰ যুদ্বুদৰ সমান কান্তিযুক্ত, আনকেতবিলাক প্ৰমত্ত কোকিল কণ্ঠৰ তুল্য ছবি সমন্বিত। যি সকল ইন্দ্ৰনীল মণি উৎপন্ন হইছিল তাঁহাতৰ সকলোৱেই বিশিষ্টবৰ্ণ আৰু সোভা সম্পন্ন, সমানাকাৰ আৰু মহাগুণশালী। যি সকল ইন্দ্ৰনীল মণি মৃত্তিকা আৰু পাষাণ[ ৪৭ ] যুক্ত, শিৰাল, সৰন্ধ্ৰ, কৰ্কৰান্বিত, আৰু মেঘ মালাৰ ন্যায় প্ৰভা বিশিষ্ট, সেই সকল মণি দুষিত। সেই ঠাইত অনেক ইন্দ্ৰনীল মণি উৎপন্ন হুবলৈ ধৰিলে, মণি শাস্ত্ৰ কুশল পণ্ডিত সকলে কোৱা সকল মণিৰে ভূয়সী প্ৰশংসা কৰি থাকে। পদ্মৰাগ মণি ধাৰণ কৰাত যি সকল গুণ কীৰ্তিত আছে ইন্দ্ৰনীল মণি ধাৰণতে। সেই সকল গুণ হই থাকে। যেনেকৈ পদ্মৰাগ মণিৰ তৃবিধ জাতি আছে, সেইদৰে ইন্দ্ৰনীল মণিতো অনেক জাতি অনুমিত হুব। যি যি উপায়েৰে পৰাগ মণিৰ পৰীক্ষা হুই থাকে সেই সেই উপায়েৰেই ইন্দ্ৰনীল মণিৰৰ পৰীক্ষা কৰিব। পদ্মৰাগৰ উপযোগত যেনেকৈ অগ্নি আক্ৰান্ত হয় ইন্দ্ৰনীল মণিৰ সহযোগত তাত্‌কৈও অধিক অগ্নি আক্ৰান্ত হই থাকে। তথাপি মণি আৰু ৰত্নৰ পৰীক্ষা কৰনাৰ্থ অথবা গুণ সম্বৰ্দ্ধনাৰ্থ কেতিয়াও কোন মণি জুইত নেপেলাব। কোনোৱে অজ্ঞান বশতঃ মণিক জুইৰ মাঝত পেলাইদিলে মণি স্বামীৰ অনৰ্থ সংঘটন হয়, এবং যি ব্যক্তি এই ক্ৰিয়াৰ প্ৰয়োজক তাৰো অমঙ্গল হই থাকে। কাচ, উৎপল, কৰণীৰ, স্ফটিক বৈদুৰ্য্য এই সকল অনেক অংশে ইন্দ্ৰনীল মণিৰ শদৃশ হলেও মণিশাস্ত্ৰবিৎ পণ্ডিতগণে তাঁহাতক ৰত্নৰ বিজাতীয় বুলিকৈ থাকে। পূৰ্ব্বোক্ত মণি সকলৰ গুৰুত্ব আৰু কাঠিন্য অবশ্য পৰীক্ষা কৰিব। সকল প্ৰকাৰ মণি কাচতকৈ অধিক গৌৰবান্বিত। যেনেকৈ কোন ইন্দ্ৰনীল মণি ঈষত্তাম্ৰ বৰ্ণ হলে তাক যত্নকৈ ৰাখিব লাগে, সেই দৰে তাম বৰণীয়া কৰবীৰ আৰু উৎপলকো আদৰ কৰি ৰাখিব। যি ইন্দ্ৰনীল মণিৰ মাকত আয়ুধাকাৰ নীলবৰ্ণ ৰেখা দৃষ্ট হয়, সেই ইন্দ্ৰনীলমণি মহামূল্য আৰু পৃথিবীত অতি [ ৪৮ ] দুৰ্ল্লভ। প্ৰগাঢ় বৰ্ণ বিশিষ্ট যি ইন্দ্ৰনীল মণি শতগুণ দুগ্ধৰ মাঝত ৰাখিলে সেই সকল দুগ্ধ নীল বৰ্ণ হুই যায়, সেই মণিকে মহা নীলমণি বলে। যেনেকৈ মাষাদি পৰিমানানুসাৰে মহাগুণ পদ্মৰাগ মণিৰ মূল্য নিৰূপণ হই থাকে সেইৰূপ মাযাদি পৰিমাণে ইন্দ্ৰনীল মণিৰো মূল্য নিৰ্ধাৰিত কৰিব লাগে।

বৈদূৰ্য্য এবং তাৰ বিজাতীয় মণি।

  কল্পান্ত সময়ত জল নিধিয়ে ক্ষোভিত হই যেনেকৈ গভীৰ নাদে গৰ্জ্জন কৰি থাকে, দিতি তনয় বলো অসুৰেও প্ৰাণ বিসৰ্জ্জন সময়ত সেই দৰে মহা গৰ্জ্জন কৰিছিল, সেই গৰ্জ্জনৰে পৰা অতি সোভা সম্পন্ন, সমুজ্জ্বল, বিচিত্ৰ বৈদুৰ্য্য মণি উৎপন্ন হয়। অতি ওখ টিঙ্গেৰে বিদূৰ পৰ্বতৰ অনতিদূৰত কাম ভূতিক সীমাৰ প্ৰান্ত ভাগত বৈদূৰ্যমণিৰ আকৰ হল। বলো অসুৰৰ নিনাদোৎপন্ন সেই আকৰ মহাগুণ সমপন্ন, আৰু ত্ৰিলোকৰ বিভূষণ স্বৰূপে হুই ছিল। সেই আকৰতে বলে অসুৰৰ নিনাদানুকাৰী বৰ্ষাকালীন জলধৰ ৰাশিৰ ন্যায় চাৰু দৰ্শন, অগ্নিস্ফুলিঙ্গৰ ন্যায় সমুজ্জ্বল বিচিত্ৰ বৈদুৰ্য্যমণি সমুৎপন্ন হবলৈ ধৰিলে। পৃথিবীত পদ্মৰাগ প্ৰভৃতি যি সকল মণিৰ বিদ্যমান আছে, বৈদুৰ্য্যমণিয়ে সেই সকলো মণিৰ সোতাৰ অনুকৰণ কৰে। কৈদুৰ্য্যমণি পদ্ম ৰাগাদি সকলো মণিৰ প্ৰধান! ই ময়ূৰ কণ্ঠবৎবৰ্ণ বিশিষ্ট, অথবা বাংশ পত্ৰ (বাঁহ পাতৰ) নিচিনা সমুজ্জ্বল। যিবিলাক বৈদুৰ্য্যমণি চাষ পক্ষীৰ পাখি নিচিনা বৰ্ণশালী, মণিশাস্ত্ৰবিত পণ্ডিত সকলে সেই সকল মণিক অপ্ৰশস্ত মণিৰ মাঝত গণ্য কৰি থাকে। গুণবান বৈদুৰ্য্য [ ৪৯ ] মণিয়ে তাৰ স্বামীৰ সৌভাগ্য বৃদ্ধি কৰে। এবং দোষযুক্ত বৈদুৰ্য্যে স্বীয় প্ৰভুৰ অমঙ্গল সংঘটন কৰে। এতেকে বিশেষৰূপে পৰীক্ষা কৰি মণি ধাৰণ কৰিব। গিৰি কাচ্‌, শিশুপাল, কাচ্‌ আৰু স্ফটিক এই চাৰি বিধ দ্ৰব্য বৈদুৰ্য্যমণিৰ বিজাতীয়। কাচেৰে কোন ৰূপ লেখন নহয়, শিশুপাল অতি লঘু, গিৰি কাচ্‌ দীপ্তি হীন এবং স্ফটিক সমধিক উজ্জ্বল। এই সকল গুণ দৃষ্টে গিৰি কাচাদি নিৰ্ণয় কৰিব। যেনেকৈ মহাগুণশালী ইন্দ্ৰ নীলমণিৰ পৰিমাণানুসাৰে মূল্য নিৰূপিত হইছে, সেই দৰেই মাষদ্বয় পৰিমিত বৈদুৰ্যমণিৰ মূল্য নিৰূপিত হুব। যেনেকৈ এক জাতীয় আৰু সমান গুণ সম্পন্ন মণি প্ৰকাৰ ভেদে অনেক আছে, সেইৰূপ বিজাতীয় মণিও অনেক প্ৰকাৰ হই থাকে। সিহঁতৰ নামানুসাৰে মূল্য স্থীৰীকৃত হয়। মণিশাস্ত্ৰ বিশাৰদ মনুষো এইৰূপে সূক্ষ্ম বিচাৰকৈ বৈদুৰ্য্যমণিৰ জাতি আৰু বিজাতীয় নিৰূপণ কৰিব। যিবিলাক মণি লঘু আৰু মৃদু সেই বিলাক বিজাতীয় বুলি স্থিৰ কৰিব। সবিশেষ পৰীক্ষাৰে মণিৰ দোষগুণ বিবেচনা কৰি তদনুসাৰে মূল্য নিৰ্ণয় কৰিব। যি মণিত যিৰূপ দোষগুণ লক্ষিত হয়, সেইৰূপে সেই মণিৰ মূল্যৰ তাৰতম্য হই থাকে। ৰত্নশাস্ত্ৰ পাৰদৰ্শী পণ্ডিতে কিছু দিন মণিৰ পৰীক্ষা কৰি দেখিব। যদি মণিৰ পূৰ্বাৱস্থা আৰু বৰ্ত্তমান ভাৱৰ কোন বৈলক্ষণ্য দৃষ্ট নহয়, তেনে হলে সেই মণিৰ মূল্য ছ গুণ হুই থাকে। আকৰোৎপন্ন মণিৰ যি মূল্য উক্ত হল, সমুদ্ৰ তীৰ সন্নিধানত্‌ সেইৰূপ মূল্য হই থাকে, পৃথিবীৰ সকলো ঠাইতে তেনে মূল্যৰ ব্যৱস্থা ন হয়। বোল মহাৰে এক সুবৰ্ণ হয়, তাৰ সপ্তম ভাগেৰে বৈদুৰ্যৰ পৰিমান কৰিব। চাৰি [ ৫০ ] মহায় একশান পৰিমাণ হয়, পাঁচ মহায় এক কৃষ্ণল, এবং পলৰ দশমভাগে এক ধৰণ হই থাকে। মণি পৰিমাণ কালত এইৰূপ যোখেৰে কাৰ্য্য কৰিব।

পুষ্পৰাগ আৰু তাৰ বিবিধ জাতি মণি।

 হিমালয় পৰ্ব্বতত্‌, বলো অসুৰৰ যি সকল চৰ্ম্ম পতিত হইছিল সেই সকল চৰ্ম্মৰ পৰা মহাগুণশালী পুষ্পৰাগ মণিৰ উৎপত্তি। এই মণিৰ নানাবিধ জাতি আছে, যি মণি ঈষত তাম বৰণিয়া, তাৰে নাম পুষ্পৰাগ, এবং উক্ত মণি যদি পীতৰ আভাযুক্ত লোহিত বৰণিয়া হয় তেনে হলে তাক কৌৰুণ্ডক বোলে। যি মণি লোহিতৰ আভাযুক্ত, পীতবৰ্ণ আৰু স্বচ্ছ তাৰ নাম কাযায়। যি মণি নীলৰ আভাযুক্ত শুক্লবৰ্ণ, তাকে সোমানক মণি বোলে। যি মণি অতিশয় লোহিত বৰ্ণ তাৰ নাম পদ্মৰাগ, এবং অতি নীলবৰ্ণ মণিক ইন্দ্ৰনীলও বলে। মণি শাস্ত্ৰ কুশল পণ্ডিতবৰ্গে যিৰূপে বৈদুৰ্য্য মণিৰ মূল্যৰ নিয়ম নিৰ্দ্ধাৰিত কৰিছে, সেই নিয়মেই পুষ্পৰাগ মণিৰো মূল্য নিৰূপিত কৰিব। বৈদুৰ্য্য মণি ধাৰণত যিৰূপ ফল কথিত আছে এই মণি ধাৰণতো তদনুৰূপ ফল হই থাকে। বিশেষকৈ এই মণি ধাৰণ কৰিলে নাৰীয়ে পুত্ৰ প্ৰসৱ কৰে।

কৰ্কেতন মণি।

 পৱন দেৱে দৈত্যপতি বলো অসুৰৰ নখ সকল গ্ৰহণ কৰি প্ৰহৃষ্ট মনেৰে পদ্মবনলৈ নিক্ষেপ কৰিছিল, সেই পদ্ম বনতে সৰ্বোৎকৃষ্ট কৰ্কেতন মণি সমুৎপন্ন হল। কৰ্কেতন মণি নানা [ ৫১ ] বৰ্ণে বিভক্ত। ৰুধিৰবৰ্ণ, চন্দ্ৰপ্ৰভ, মধুসম বৰ্ণ বিশিষ্ট, ঈয- ত্তাম্ৰবৰ্ণ, পীতাভ, অগ্নিৰ ন্যায় সমুজ্জ্বল, নীনবৰ্ণ আরু শ্বেতবৰ্ণ। এই মণি যদি পরুষ ভিন্ন অথবা বিদ্ধ হয় তেনে হলে ইয়াৰ দীপ্তি না থাকে। যি কৰ্কেতণ মণি স্নিগ্ধ, স্বচ্ছ, সমান বৰ্ণ, ঈষত পীতাভ, গুরু বিচিত্ৰ এবং ত্ৰাস, ব্ৰণ আরু ব্যাল প্ৰভৃতি মণি দোষ বিহীন, সেই কৰ্কেতন মণি প্ৰশস্ত আরু পবিত্ৰ। কৰ্কেতন মণি সুবৰ্ণ পাত্ৰেৰে বেষ্টিত কৰি অগ্নিত প্ৰতপ্ত কৰিলে তাৰ ঔজ্জ্বল্য বৃদ্ধি পায়। এই মণি ধাৰণ কৰিলে ৰোগ বিনাশ হয়, কলি দোষ শান্তি হয়, আয়ুঃ বৃদ্ধি হয়, কুল ৰক্ষা হয় এবং সৰ্ব্ব প্ৰকাৰ সুখ সম্পত্তি বৃদ্ধি পায়। এনেকুৱা বহুগুণ সমন্বিত কৰ্কেতন মণি ধাৰণ কৰি যি বিলাকে শৰীৰ অলঙ্কৃত কৰে, সি বিলাকে ধৰণী তলত সৰ্ব্ব জনৰ পূজ্য হই ধন ধান্যাদি বহু ৰত্নশালী হয়, এবং বন্ধু বান্ধৱেৰে পৰিবৃত হই নিত্যোৎসৱ আরু সন্তুষ্টচিত্তে কাল অতিবাহিত কৰে। আন কতো মণি আছে, সিহঁতো কৰ্কেতন মণিৰ সদৃশ; কিন্তু সেই বিলাকৰ বৰণ কৰ্কেতনৰ নিচিনা সমুজ্জ্বল নহয়, পৰন্তু সেই সকল মণি দীপ্তি, পুষ্টি, আরু বৰ্ণ বিহীন এবং মলীন আরু বিরূপ। পৰীক্ষিত কৰ্কেতন মণি মধ্যাহ্ন কালীন সূৰ্যেৰ ন্যায় সমুজ্জ্বল। মণি শাস্ত্ৰ পাৰদৰ্শী পণ্ডিতে উত্তম কৰ্কেতন মণিৰ মাহাত্মা দেখি পৰিমাণ কৰি মূল্য নিিরূপিত কৰিব।

ভীষ্মক মণি।

হিমালয় পৰ্বতৰ উত্তৰ প্ৰদেশত সুৰাৰি বলে অসুৰৰ বীৰ্য্য পতিত হইছিল, এই জন্য সেই স্থানত ভীষ্মক নামক উত্তম [ ৫২ ] মহামণিৰ আকৰ হল। সেই আকৰত শঙ্খ আৰু শ্বেত পদ্মৰ নিচিনা শুক্লবৰ্ণ এবং তৰুণাদিত্যৰ ন্যায় প্ৰভা সম্পন্ন ভীষ্মক মণি প্ৰাদুৰ্ভূত হবলৈ ধৰিলে। যি মানুহে সুবৰ্ণাদিৰে সম্বন্ধ কৰি বিশুদ্ধ ভীষ্মক মণিক শ্ৰদ্ধাৰে সইতে কণ্ঠত ধাৰণ কৰে সি সৰ্ব্ব সম্পত্তি লাভ কৰে, আরু তাক দেখি হাবিত পকা (বনৰিয়া) দ্বীপি, বৃক, ৰসভ, হস্তী, সিংহ, ব্যাঘ্ৰ প্ৰভৃতি হিংস্ৰ জন্তুগণ তৎক্ষণাৎ পলায়ন কৰে। ভীষ্মক মণিক আঙ্গুলীৰ ৰত্নৰূপে ধাৰণ কৰিলে তাৰ কোনৰূপ হিংস্ৰ জন্তুৰ ভয় না থাকে। আৰু এই মণি হাতত ধাৰণ কৰি পিতৃতৰ্পণ কৰিলে স্পিৎ লোকৰ বহু বাৰ্ষিকী তৃপ্তি হই থাকে, এবং এই মণি ধাৰণৰ বলত সৰ্ব্ব প্ৰকাৰ ভৌতিক উপদ্ৰৱ শাস্তি হয়, সৰ্প। প্ৰভৃতি অণ্ডজ জন্তু এবং ইন্দুৰ আৰু বৃশ্চিক বিষ নিবাৰণ হই থাকে, সলিল, তস্কৰ, শত্ৰু প্ৰভৃতিৰ ভয়ও বিদূৰিত হয়। যি ভীষ্মক মণি শেৱালী আৰু মেঘৰ নিচিনা বৰ্ণ সমন্বিত, পৰুষ পীতবৰ্ণ, প্ৰভাহীণ, মলিন অথবা বিবৰ্ণ, সেই ভীষ্মক প্ৰাজ্ঞ ব্যক্তীয়ে দূৰৰে পৰা পৰিবৰ্জন কৰিব। পণ্ডিৎগণে দেশ কাল ভেদে এই সকল মণিৰ মূল্য নিৰূপন কৰিব। আকৰ দূৰ- বৰ্তী স্থানত মূল্যৰ আধিক্য এবং নিকটস্থ দেশত অল্পতা হই থাকে।

পুলক মণি।

 পুণ্য পৰ্ব্বত, পবিত্ৰ নদী প্ৰভৃতি উত্তৰ দিগ্বৰ্ত্তী বিখ্যাত প্ৰদেশত, সৰ্পগণ দানৱাধিপতি বলে। অসুৰৰ নখ সকল স্থাপন কৰিছিল। যি যি ঠাইত দানৱাধীশৰ নখ পতিত [ ৫৩ ] হইছিল, সেই সেই ঠাইতে নানা বৰ্ণেৰে চিত্ৰিৎ আৰু সমুজ্জ্বল মণি উৎপন্ন হয়, সেই সকল প্ৰশস্ত মণিকে পুলক বোলে। পুলক মণি শঙ্খ, পদ্ম, ভৃঙ্গ অথবা সূৰ্য্যৰ নিচিনা বৰ্ণ সম্পন্ন। উক্ত পবিত্ৰ মণি সকল সুতাৰে বান্ধি ধাৰণ কৰিলে সৰ্ব বিষয়ে মঙ্গল আৰু বিশিষ্ট বুদ্ধিলাভ হয়। যি সকল মণি কাউৰ, কুক্কুৰ, গৰ্দ্ধভ, শৃগাল, ব্যাঘ্ৰাদি বিকটাকাৰ জন্তু আৰু মাংস কধিৰেৰে আৰ্দ্ৰমুখ গৃধ্ৰগণে পৰিবেষ্টিত, সেই সকল মণি মৃত্যু প্ৰদ। অতয়েব উক্ত মণি সকলক পণ্ডিংগণে বৰ্জন কৰিব। এই পুলক মণিৰ মূল্য নিৰূপণৰ নিয়ম এই; এক পল পৰি- মিত পুলক মণিৰ মূল্য পূৰ্ব্বে পঞ্চশত মুদ্ৰা নিৰ্দিষ্ট আছিল।

ইন্দ্ৰগোপ আৰু ৰুধিৰাখ্য মণি।

 অগ্নিদেৱে দানৱাধীশৰ ৰূপ গ্ৰহণ কৰি নৰ্ম্মদা প্ৰদেশৰ দু- মাটিত পেলাই দিছিল। যি যি ঠাইত দানৱপতি উক্ত বলোৰ ৰূপ নিপতিত হইছিল সেই সেই ঠাইতে ইন্দ্ৰ গোপ মণি সমুৎ- পন্ন হল। উক্ত মণিৰ বৰ্ণ শুক পক্ষীৰ ঠোঁটৰ নিচিনা, আকৃতি পীন্ ফলৰ নিচিনা। কোৱা ঠাইতে নানা প্ৰকাৰেৰে বিৰ চিত ইন্দ্ৰগোপ মণিৰ সমানাকাৰ, ৰুধিৰাখ্য মণিও জন্মিছিল। সেই মণিৰ মধ্যভাগ চন্দ্ৰৰ নিচিনা পাণ্ড বৰ্ণ, অতি বিশুদ্ধ, আৰু ইন্দ্ৰনীল মণিৰ সমানাকাৰ। এই মণি ঐশ্বৰ্য্য আৰু ভৃত্যপ্ৰদ। এই মণি পৰিপক্ক হলে সুৰ বজ্ৰৰ নিচিনা বৰ্ণ- শালী হয়।

তৈলস্ফটিক মণি।

 কাবেৰ, বিন্ধ্য, যাৱণ, চীন, আৰু নেপাল দেশত বলো ৰামে বলো অসুৰৰ মেদঃ নিক্ষেপ কৰিছিল, যি যি ঠাইত [ ৫৪ ] সেই সেই মেদ নিপতিত হইছিল, সেই সেই ঠাইতে তৈল- স্ফটিক নামে মহামণি সমুৎপন্ন হল। এই মণি মৃনাল আৰু শঙ্খৰ নিচিনা ধৱল বৰ্ণ। কোন কোন স্ফটিক অন্য বৰ্ণ হই থাকে। এই মণিৰ তুল্য সৰ্ব্ব পাপ প্ৰনাশক মণি আৰু নাই। শিল্পকাৰৰ দ্বাৰায় এই মণি সংস্কাৰ কৰিলে মূল্য নিৰূপিত হই থাকে।


 
[ ৫৫ ]
 
পঞ্চম অধ্যায়।

মুক্তা বিবৰণ।

প্ৰথম পরিচ্ছেদ।

সাধাৰণ তত্ত্ব।

নাম।

 মুক্তা, মৌক্তিক, শৌক্তিক, মুক্তাফল, মোতী, সৌম্যা, তাৰ তাৰা, ভৌতিক, তৌতিক, অন্তঃসাৰ, শীতল, নীৰজ, নক্ষত্ৰ, ইন্দুৰত্ন, লক্ষ্মী, লক্ষ, বিন্দুকল, মুক্তিকা, শৌক্তেয়ক, শক্তিমণি, শশিপ্ৰভ, শশিপ্ৰিয়, স্বচ্ছ, হিমবল, হেমবত, শুধাংশুরত্ন, সুধাংশুসুভ, ভুৰুহ, শুক্তিজ, মঞ্জৰ, মঞ্জৰী, হাৰি, কুবল, শুক্তি বীজ, এই বিলাকেই মুক্তাৰ নাম।

জন্মস্থান।

 মুক্তা আঠ বা ন প্ৰকাৰ; মুক্তাতত্ত্বজ্ঞ পণ্ডিত সকলে শুক্তি, শঙ্খ, গজ, বৰাহ, ফণী, মৎস্য, ভেক, বেণু (বাঁহ), মেঘ, এই বিলাকতে, সেই সকল মুক্তা উৎপন্ন হয় বুলি কয়।

বীজ।

 পূৰ্ব্বে কোৱা হইছে বলো নামক অসুৰেই সকলো ৰত্ন আকৰৰ বীজ, সেই দৰে উক্ত অসুৰৰ বিশুদ্ধ দস্তাবলীয়েই শুক্তি[ ৫৬ ] জাত মুক্তাৰো বীজহল। সেই দন্তাৱলী স্বৰ্গভ্ৰষ্ট নক্ষত্ৰ মালাৰ ন্যায় সমুদ্ৰৰ বিচিত্ৰ বৰ্ণ জলত পতিত হইছিল, তাতে মণি তুল্য প্ৰভাৰাশি বিশিষ্ট সমুদ্ৰৰ জলত সম্পূৰ্ণ চন্দ্ৰৰ কিৰণ জালৰ নিচিনাকৈ পূৰ্ব্বে যিসকল মণি জ্বলি আছিল; সেই সকলোৱে সহিতে এই দন্তাৱলী শুক্তি প্ৰভৱ মণিৰ কাৰণ হল। সমুদ্ৰৰ যি ভাগৰ জলত সেই মুক্তামণি আৰু ৰত্নাদিৰ কাৰণী ভূত বলো অসুৰৰ দন্তাৱলী পতিত হইছিল সেই ভাগস্থ জল শুক্তিৰ মাঝত প্ৰবেশ কৰি মুক্তাৰ বীজ স্বৰূপ হল। শুক্তি কোন জল জন্তু অৰ্থাৎ শামুক বিশেষ।

আকৰ।

 সিংহল, পাৰলোক, সৌৰাষ্ট্ৰ, তাম্ৰপৰ্ণ, পৰাশৰ, কৌবেৰ, পাণ্ড্য, হাটক (হেম, বিৰাট), এই অষ্ট দেশেই মুক্তাৰ আকৰ। এই সকল দেশৰ নিকটস্থ নদীত্ মুক্তা উৎপন্ন হয়। পুণ্ড, বৰ্দ্ধন, পাৰসীক, পাতাল লোক, আৰু সিংহল, এই সকল ঠাইত যি মুক্তা উৎপন্ন হয় সি প্ৰমাণ, আকৃতি, গুণ, প্ৰভাৱে অন্যান্য শুক্তিজ্ঞাত মুক্তাৎকৈ নিকৃষ্ট নহয়। মুক্তাৰ আকৰ জাত দোষ গুণৰ বিচাৰ কৰিবৰ আবশ্যক নাই; কেৱল তাৰৰূপ আৰু প্ৰমান কেহে যত্নৰ সইতে ভালকৈ চাব লাগে। মুক্তাৰ আকৰ লই দোষগুণৰ কোন ব্যৱস্থানাই; সকলো আকৰতে সকলে। প্ৰকাৰ মুক্তা জন্মি থাকে।

স্থান ভেদে মুক্তাৰ প্ৰকাৰ।

 মেঘজ মুক্তা-জল বিম্বুৰ ন্যায়। শুক্তিজাত মুক্তা-শীৰ্ণ আৰু নিৰ্ম্মল। সিংহলোদ্ভৱ মুক্তা-মধ্যনুক্ষ্ম, স্থুল, বিন্দু প্ৰমান, সুস্নিগ্ধ [ ৫৭ ] ছায়া মধুৰ। পৰলৌকিকোদ্ভৱ মুক্তা নিবীড়, গুৰু। সৌৰা- ষ্ট্ৰিক মুক্তা স্কুল, বৃত্ত, স্বচ্ছ, সিত, ঘন। তাম্ৰপৰ্ণৱ মুক্তা তাম্ৰ। পাৰসৱোদ্ভৱ মুক্তা পীত। কৌবেৰোদ্ভৱ মুক্তা-ঈষত শ্যাম, ৰুক্ষ্ম, পাণ্ড্যজাত মুক্তা পাণ্ডু, সিত। বিৰাটজ মুক্তা কক্ষ। কক্সি নাখ্যমুক্তা জাতি ফলৰ সমান, সিত, স্বচ্ছ, ছায়া বদ্বহুল ৰন্য, নিৰ্দ্দোষ।

মহাৰত্ন সংজ্ঞিত মুক্তা এবং তাৰ গুণ।

  সুতাৰ (তৰা যেন), সুবৃত্ত (বেচ্ ঘুৰনিয়া), স্বচ্ছ (পৰিস্কৃত), নিৰ্মল (মল ৰহিত), ঘন (গধুৰ) স্নিগ্ধ (চিক্কন অস্ফুটিত (নুফুটা, নফটা), ছায়া যুক্ত, এই অষ্ট লক্ষণাক্ৰান্ত মুক্তাক্ মহাৰত্ন বোলে। ভ্ৰাজিষ্ণু, কোমল, কান্ত, মনোজ্ঞ, সুৰতীৱ, শ্ৰৱ তীৱ, এই বিলাকেই তাৰ গুণ। শত শুক্ৰাংশু যোজিত শশিৰাজ তুল্য ছায়াযুক্ত শ্বেত কাচ সদৃশ মুক্তা দেৱ ভূষণ। প্ৰমানবৎ (নিত্যবৎ), গৌৰৱ ৰশ্মি যুক্ত, সিত, সুবৃত্ত আৰু সমান সুক্ষ্ম বিন্ধাৰে গুণৱান কোন মুক্তা কোন সুভ যোগত প্ৰাপ্ত হলে তৎ স্বামিৰ সকলো অনৰ্থয়ে নষ্ট হয়। এই মুক্তা যি ধাৰণ কৰে তাৰ আয়ু লক্ষী বৃদ্ধি হয়, সৰ্ব্ব পাপ নষ্ট হয়। যি গুণৱান গুৰু দেহত এই মুক্ত থাকে তেওঁৰ লক্ষী অচলা হয়।

পবিত্ৰ মুক্তা।

  অত্যন্ত শুদ্ধ মুক্তা নক্ষত্ৰাভ, স্নিগ্ধ, স্থুল, নিৰ্ম্মল, বৰ্ত্তল

নিৰ্ব্ৰন, লঘু। এই মুক্তা লোকৰ সৌখ্যদায়ি। [ ৫৮ ]
শ্ৰেষ্ঠ মুক্তা।

 সকলো মুক্তাৰ ভিতৰত শুক্তিজাত মুক্তায়ে প্ৰধান এই মুক্তাক বিন্ধিব পাৰি, আন মুক্তাক বিন্ধিবলৈ টান।

প্ৰশস্ত মুক্তা।

 বংশ (বাহ) হস্তী, শঙ্খ, বৰাহজাত মুক্তা বড়কৈ নজলে, তথাপি মঙ্গল কাৰ্য্যত এই বিলাক মুক্তায়ে প্ৰশস্ত।

নিকৃষ্ট মুক্তা।

 নিৰ্দিষ্ট অষ্ট বিধ মুক্তাৰ ভিতৰত গজ, শঙ্খ, প্ৰভাৱ মুক্তায়ে নিবৃষ্ট।

গুণ।

 মুক্তাৰ গুণ স্থূলতঃ মধুৰ, সুশীতল, দৃষ্টিৰোগোপসামক, বিষাপহাৰক, ৰাজ যক্ষ্মা কোপ নাশক, ক্ষণ বল বীৰ্য্য বৰ্দ্ধক।

সেৱনগুণ।

 মুক্তাৰ সেৱনত্ সাৰকত্ব, শীতত্ব, কষায়ত্ব, লেখনত্ব, চক্ষুষত্ব জন্মে।

ধাৰণগুণ।

 মুক্তাৰ ধাৰণত্, পাপালক্ষ্মী বিনাশ হয়, বৃষত্ব জন্মে, বলৰ পুষ্টি বৰ্দ্ধন হয়।

দোষিমুক্তা।

 যদি মুক্তা-ছায়া ৰহিত, বেঁকা, শুক্তি স্পৰ্শ, অতিশয় ৰঙ্গা, অনম্ৰ, ৰুক্ষ, থাকে তাক ধীমান ব্যক্তিয়ে ধাৰণ নকৰিব।

ই দোষি মুক্তা। [ ৫৯ ]

বিশেষ অপকাৰি মুক্তা।

  মুক্তাৰ মহাদোষ চাইটা, মধ্যম দোষ ছ-টা, প্ৰাকৃতিক দোষ দহোটা, যি মুক্তাৰ গাত শুক্তি খণ্ড লগা থাকে সি কুষ্ঠ জন্মায়। ঘি মুক্তাক্ মাচৰ চকুৰ নিচিনা দেখি সি পুত্ৰ নাশ কৰে, দীপ্তি হীন আৰু ছায়া ভিতৰ সোমোৱা মুক্তায় মৰণ জন্মায় সংশয় নাই। পোৱালৰ নিচিনা অতিশয় ৰঙ্গা বৰণিয়া মুক্তাই দৰিদ্ৰ কৰাই, এই মুক্তা সদায় পৰিবৰ্জনীয়। যি মুক্তা ওপৰাওপৰিকৈ থাকে তাৰ নাম “ত্ৰিবৃত্ত” ই সৌভাগ্য ক্ষয় কৰে। যি মুক্তা অবৃত্ত (ঘুৰণিয়া নহয়) তাক “চিপিট” বলে, ইয়াক যি ধাৰণ কৰে তাৰ সদায় অকীৰ্ত্তি হয়। তিনি চকুৱা মুক্তাক “ত্ৰ্যস্ৰম” বোলে, ই প্ৰজ্ঞা নষ্ট কাৰি। একো নভগা মুক্তাৰ নাম “কৃশপাৰ্শ” ই-নিন্দনীয়, ইয়াৰ ধাৰণত লোকৰ নিৰুদ্যোগিতা জন্মে। পীড়া যুক্ত (ঘুণিয়া) অবৃত্ত (অঘুৰণিয়া, টেৰা, বেঁকা) মুক্তায় সৰ্ব্ব সম্পত্তি হৰণ কৰে।

ছায়া আৰু ছায়াগুণ।

 সকলো মুক্তাৰে পীতা, মধুৰা, সীতা, নীলা, চাৰিবিধ গুণ আছে। পীতা-লক্ষ্মীপ্ৰদা, মধুৰা-বুদ্ধি বৰ্দ্ধিনী, শুক্লা (সীতা) যশঙ্কৰী নীলাকে কৃষ্ণাও বোলে।

ছায়াৰ জাতি আৰু তাৰ গুণ।

 মুক্তাৰ পীতা ছায়া-ব্ৰাহ্মণ, মধুৰা-ক্ষত্ৰিয়, সীতা-বৈশ্য, নীলা- শূদ্ৰ। ব্ৰাহ্মণ-লক্ষ্মীদাতা, ক্ষত্ৰিয়-বুদ্ধি বৰ্দ্ধক, বৈশ্য-যশস্কৰী,

শুদ্ৰ-সৌভাগ্য দায়ি। [ ৬০ ]

পৰীক্ষা।

 গোমূত্ৰ ভাণ্ডত লোন ক্ষাৰ দি তাতে মুক্তা পেলাই থব, পাছে তুলিলৈ জুইত শেকিব, শুষ্ক বস্ত্ৰেৰে মেঢ়াব (বেষ্টন কৰিব), হাতত শালি ধানৰ তুহলৈ মৰ্দ্দিব, তাত্‌ যি মুক্তা নাভাগি অধিক দীপ্তি কৰ হুব তাকে অকৃত্ৰিম বুলি জানিব। লৱণ মিশ্ৰিত জলত এক ৰাত্ৰি মুক্তা পেলাই থব, পাছত তুলিলৈ শালি ধানৰ তুহেৰে ঘঁহিব (মৰ্দ্দিব), শুকান কাপড় মেঢ়াব, তাত যি মুক্তা বিবৰ্ণ নহয় সেয়ে অকৃত্ৰিম।

গুণ পৰীক্ষা।

 ৰত্নৰ গুণাগুণ জানিব লাগিলে বিশুদ্ধ ৰত্ন শাস্ত্ৰবিদ পণ্ডিতৰ দ্বাৰায় যত্ন পূ্ৰ্ব্বক শুভ লগ্নত প্ৰাসাদৰ (কোন শ্ৰেষ্ট গৃহৰ) ওপৰত ৰত্ন স্থাপন কৰি পৰীক্ষা কৰিব। সৰ্প মুক্তা এইৰূপে প্ৰাসাদোপৰি স্থাপন কৰিলে আকাশত মহা দুন্দুভি বাদ্য হই থাকে, বিদ্যুত বিস্ফুৰিত হয়, আৰু প্ৰগাঢ় মেঘ জালত নভে। মণ্ডল পৰিব্যাপ্ত হই থাকে।

শুদ্ধিৰ উপায়।

  মুক্তা বিশুদ্ধ কৰিব লাগিলে তাক অন্নৰ ভাণ্ডত থই জামীৰৰ ৰসেৰে পাক কৰিব। তাৰ পাছত ভেলাৰ মূলেৰে ঘঁহিলেই মুক্তা বিশুদ্ধ ই সমুজ্জ্বল হুব। পাছে আপন ইচ্ছাৰ- দৰে তাক বিন্ধিব পাৰিব। কোন মৎস্যৰ উদৰত মুক্তা সুমাই সেই মৎস্য মাটীৰে লেপ দিব, দগ্ধ কৰিব, পাছে সেই মুক্তা বাজ কৰি দুগ্ধত, জলত, সুৰাত, পাক কৰিব, পাছত পানিৰে ধুলে সুচিক্কণ হুব। কাচৰ নিচিনা শ্বেতবৰ্ণ আৰু তৰাৰ [ ৬১ ] নিচিনা সমুজ্জ্বল মুক্তা সুবৰ্ণৰ লগ লগাই ৰসৰ মাঝত ৰাখি শুদ্ধ কৰিব; এই মুক্তা দেহ ভূষণ হই থাকে। সিংহল দেশত থকা ৰত্ন তত্ত্ববিৎ সুদক্ষ পণ্ডিত সকলে এইৰূপে মুক্তাৰ ব্যৱহার কৰি থাকে।

মূল্য

 পূৰ্ব্বকালত গধুৰৰ যোখায় মুক্তাৰ মূল্য নিৰূপিত অছিল; যথা-শান “অৰ্দ্ধতোলা,” (টকাৰ এফাল) পৰিমাণৰ যি মুক্তা তার মূল্য ১৩০৫ মুদ্ৰা। আদমহা কম্ আদতোলাৰ (ডেৰনহাৰ) মূল্য উক্ত মূল্যৰ পাঁচ ভাগৰ দুভাগ কম অৰ্থাৎ ৭৮৩ মুদ্ৰা; যি মুক্তাৰ পৰিমাণ তিনি মহা, তাৰ মূল্য ২০০০ মুদ্ৰা, আঢ়ৈ মহা (সাৰ্দ্ধতমহা) যো্খৰ মুক্তাৰ মূল্য ১৩০০ মুদ্ৰা দুমহা গধুৰ মুক্তাৰ মূল্য ৮০০ মুদ্ৰা। যি মুক্তা যোখত আদ্‌ মহা, তাৰ মূল্য ৩২৫, মুদ্ৰা, যোখত ছ ৰাতি খোৱা মুক্তাৰ মূল্য ২০০ মুদ্ৰা। তিনি ৰাতিৰ সমান মুক্তাৰ মূল্য ১০০ মুদ্ৰা। যি মুক্তা উক্ত পৰিমাণৰ ষোড়শাংশ তাক “দাৰ্ব্বিকাপ্য" বোলে, তাৰ মূল্য ১১০ মুদ্ৰা। যি বিংশতি ভাগৰ এভাগ তাক “ভবক”, বোলে সেই মুক্তা যদি গুণ হীন নহয় তেন্তে তাৰ মূল্য ৭৯ মুদ্ৰা। যি ত্ৰিশ ভাগৰ এভাগ তাক “শিক্য’ বোলে, তাৰ মূল্য ৪০ মুদ্ৰা যি চল্লিশ ভাগৰ এভাগ তাক “শিকপ” বোলে, তাৰ মূল্য ৩০ মুদ্ৰা। যি পঞ্চাশ ভাগৰ এভাগ তাৰ মূল্য ২০ মুদ্ৰা, তাক “সোম” বোলে। যি ষাঠি ভাগৰ এভাগ তাক “নিকৰ*ৰ্ষ” বোলে, তাৰ মূল্য ১৪ মুদ্ৰা, যি আশি কি নববই ভাগৰ এভাগ তাক “কুপ্য” বোলে, তাৰ মূল্য ১১৯ বা ১০০ মুদ্ৰা। যি গুঞ্জা ফলক আমি ৰাতুল মণি আৰু যোগ কৰিবৰ সময়ত ৰতি [ ৬২ ] বোলোঁ হঁক তাৰে ৫ ৰতিয়ে মহা (মাষা), চাৰি মহায় শান (আদ্‌তোলা) হয়। এই দৰে লেখ ধৰিলে দুই শানকে এ টকা বুলিব লাগে। উক্ত নিয়মানুক্ৰমে মুক্তাৰ মূল্য ৭, ৫, ৩ মুদ্ৰা পৰ্য্যন্তও হুব পাৰে; বাস্তবিক মুক্তাৰ জাতি আৰু ৰূপ গুণেই মূল্য হ্ৰাস বৃদ্ধিৰ কাৰণ।

মূল্য সম্বন্ধে প্ৰচলিত নিয়ম।

  পূৰ্ব্বকালত কড়ি (কপৰ্দ্দক) প্ৰচলিত আছিল, মুদ্ৰা কোন সময়ত কিৰুপ আৰু কি পৰিমিত আছিল তাৰ বিশেষ নিশ্চয় নাই। বৰ্ত্তমান কালৰ চলিত নিয়ম আগৰ দিনৰে সইতে নানা- বিষয়ে অনেক বিভিন্ন। মুক্তাদিৰ পৰিমাণ এবং মূল্য নিৰূপণ সম্বন্ধে পূৰ্ব্ব নিয়ম প্ৰতিপালিত হোৱা দেখা না যায়; কিন্তু যি নিয়মেৰেই নকৰোক প্ৰাচীন নিয়মেই তাৰ মূল। এতিয়া গুণ আৰু তেজ অনুসাৰেই সচৰাচৰ সকলো বস্তুৰ মূল্য নিৰূপণ হই থাকে।

ধাৰণ কাল।

  ৰেৱতী, অশ্বিনী, ধনিষ্ঠা, এবং হস্তাদি পাঁচ নক্ষত্ৰয়ে মুক্তা ৰত্ন পৰিধানৰ প্ৰশস্ত কাল।

[ ৬৩ ]
 

পঞ্চম অধ্যায়।

মুক্তাৰ বিশেষ বিবৰণ।

 এই অধ্যায়ৰ প্ৰথম পৰিচ্ছেদত মুক্তা বিবৰণ সাধাৰণ আৰু প্ৰায় সংক্ষিপ্ত ভাৱে কোৱা হল; এই পৰিচ্ছেদত প্ৰত্যেক বিধ্‌ মুক্তাৰ বিবৰণ কিছু বিশেষ ৰূপে কোৱা হুব।

ৰুক্মিনাখ্য (শুক্তিজ) মুক্ত।

  শুক্তি (শামূক বিশেষ) জাত মুক্তা জাতি ভেদে চাৰি- বিধ; যথা—সিত, স্বচ্ছ, গুৰু, শুক্ল, প্ৰভান্বিত মুক্তা ব্ৰাহ্মণ। আৰক্ত, স্থূল, অৰুণ, ক্ষত্ৰিয়। পীত, স্নিগ্ধ, শ্বেত, প্ৰভান্বিত মুক্তা বৈশ্য। বৃহৎ শুক্ল, স্থূল, অমিত দ্যুতি, মুক্তা শূদ্ৰ। এই শুক্তিজ মুদ্ৰা অতি দুলভ! ভাগ্য ক্ৰমে নৃপযোগ্য লোকেহে ইয়াক লাভ কৰিব পাৰে। অল্পভাগ্য মানুহে তাক নাপাই, এই মুক্তা অমূল্য, ৰত্ন লক্ষণ কোবিদ সকলে ইয়াৰ মূল্য অনিৰ্দ্দিষ্ট বুলি কয়। যি শুক্তিজ মুক্তা শ্বেতবৰ্ণ এবং শুচ্যাকৃতি সি অনুত্তম মুক্তা। যি মুক্তাৰ গাত শুক্তি লগা থাকে সি দোষী। এই মুক্তা কোনো কোনো বিধ শামুকৰ (ঝিনুকৰ) গৰ্ভত জন্মে।

বংশজমুক্তা।

  বংশজ মুক্তা বাঁহৰ পাৰত জন্মে। ই শশি সঙ্কাশ, কক্কোলী ফল বা আদাৰ নিচিনা। সমুদ্ৰীয় কোন কোন পাঁচ বিধ্‌ বাঁহত প্ৰাৰ্থিবী, তৈজসী, বায়বী, গাগনী, আপ্যা, এই পাঁচ প্ৰকাৰ মুক্তাৰ জন্ম হয়। প্ৰাৰ্থিবী-গুৰু বৎসা। তৈজসী-তেজস, [ ৬৪ ] লঘু। বায়বী মৃদু, স্থুল। গাগনী কোমল, লঘু। আপ্যা স্নিগ্ধ, ভৃশ, শুক্ল। এই মুক্তা মহৎ ব্যক্তিৰ উপভোগ্য, অতি শোভন। ই-স্থান বিশেষত হে জন্মে, সকলো ঠাইতে নহয়। কোনোৱে বহুপুণ্যৰ ফলেৰে এই মুক্তা লাভ কৰিলে বেদমন্ত্ৰেৰে তাক ৰক্ষা কৰিব লাগে। ইয়াক ধাৰণ কৰিলে ব্যাধি নাশ হয়। ইয়াৰ ভিতৰত হৰিচ্ছেত মুক্তা অনুত্তম।

গজমুক্ত।

  গজমুক্তা হাতিৰ মুডত জন্মে। যি বিলাক হাতি বিশুদ্ধ বংশজাত আৰু প্ৰধান তাৰে কুম্ভ দেশত এই মক্তা উৎপন্ন হয়। এই মুক্তা ঈষত পীতবৰ্ণ, এবং আভা বিহীন, বৃত্তাকাৰ। মৌক্তিক হস্তী জাতি ভেদে চাৰিবিধ : তাতে চাৰি বিধ্‌ মুক্তাৰ জন্ম হয়। পীত, শুক্ল-ব্ৰাহ্মণ। পীত, ৰক্ত-ক্ষত্ৰিয়। পীত, শ্যাম- বৈশ্য। পীত, নীল-শূদ্ৰ। কম্বোজ হস্তীৰ কু্ম্ভ সম্ভূত মুক্তা ধাত্ৰী ফল নিভ গধুৰ। হস্তী জাতীয় মুক্তাৰ ছায়াঁ অতি পিঞ্জৰ বৰ্ণা এবং তাৰ কীৰণ নন্দ। যি মুক্তাৰ বৰ্ণ পাটল, নি অনৃত্তম মুক্তা।

মেঘ জাত মূক্তা।

  ধাৰা ধ (মেঘ) জাত মুক্তা জল বিন্দুৰ লগত জন্মে। ইয়াৰ আকাৰ কুকুৰা কণিৰ নিচিনা ঘুৰনিয়া। ই-মনুষ্যৰ অতি দুৰ্লভ, ইয়াক দেৱতা সকলে আকাশৰে পৰা হৰণ কৰে। এই মুক্তা দেৱ যোগ্য, অমানুষিক, নিবিড়, গুৰু, ঘনজ, ভানু সঙ্কাশ। ইয়াৰ প্ৰভাৰে দিগ্‌ বিদিগ পোহৰ হই থাকে, অতিকষ্টে হে তালৈ চোৱা যাব পাৰে। হুতাশন, শশি, নক্ষত্ৰ, সকলোবিলাকৰ পোহৰ আঁতৰ কৰি ই-প্ৰকাশ পায়। যেনেকৈ [ ৬৫ ] দিনৰ ভাগত ইয়াৰ পোহৰ জ্বলি থাকে, ডাৱৰে ঢকা অন্ধকাৰ ৰাতিত সেই দৰেই থাকে। এই জলজ মুক্তা স্বচ্ছ, কোমল, পুৰু কান্তিযুক্ত। মেঘ আৰু মেঘজাত মুক্তাৰ জাতি এবং প্ৰকাৰ ভেদ আছে; জল, জ্যোতি, মৰুত, এই তিনি বিধ্‌ মেঘত তিন প্ৰকাল মুক্তাৰ জন্ম হয়। জলজ মুক্তা স্বচ্ছ, কোমল, পুৰু কান্তি যুক্ত। জ্যোতিষি মুক্তা— কান্তিমান, কোমল, বৃত্ত, দুৰ্ণিৰীক্ষ ৰবি প্ৰভ। মৰুতি মুক্তা বৃত্ত, বিমল, লঘু। যাৰ ঘৰত এই অমূল্য মণি বিদ্যমান থাকে সি এই বিচিত্ৰ ৰত্ন পূৰ্ণা চতুঃসাগৰ। পৃথিবীৰ অধীশ্বৰ হই থাকে। দৰিদ্ৰ ব্যক্তিয়েও যদি মহা পুন্যৰ পৰিনাম স্বৰূপ উক্ত মণি লাভ কৰে তেনে হলে যেতিয়ালৈকে সেই মণি তেওঁৰ ঘৰত থাকে তেতিয়ালৈকে তেওঁ নিষ্কণ্টকে সমস্ত পৃথিবী ভোগ কৰে। এই মণি য়ে অকল ৰাজাৰেই শুভ প্ৰদ এনে নহয়, প্ৰজা বৰ্গৰো সৌভাগ্যৰ বলত্‌ হে ৰাজ্যৰ মাঝত এই মণিৰ জন্ম হয়। যি ঠাইত এই মহা মণি থাকে তাৰ সহস্ৰ যোজনৰ ভিতৰত কোন অমঙ্গল ন হয়।

বৰাহ মুক্তা

  সকলো দেশৰ সকলো বৰাতে মুক্তা ন জন্মে, কেতিয়াবা কেতিয়াবা কোনো কোনো প্ৰাচীন বৰাত হে মুক্তা জন্মি থাকে। মৌক্তিক বৰা চাৰি বিধ; তাঁহাতৰ দাঁততে মুক্তাৰ জন্ম হয়। শুক্ল — ব্ৰাহ্মণ। শুক্ল, ৰক্ত, স্পৰ্শে কৰ্কশ-ক্ষত্ৰিয়। শুক্ল, পীত, কোমল, কোল সদৃশ— বৈশ্য। শুক্ল, নীল, শ্যাম, কৰ্কশ-শূদ্ৰ। বৰাৰ কোল সদৃশ দাঁতত মুক্তা উৎপত্তি হয়। এই মুক্তা বৰাৰ নবোদ্গত দাঁতৰ নিচিনা আভা বিশিষ্ট, এবং প্ৰশস্ত। পু্ন্য [ ৬৬ ] বৰ্জ্জিত মনুষ্যে এই ৰম্য মুক্তা লাভ কৰাটান। ইয়াৰ যি মুক্তা শ্বেতবৰ্ণ হয় সি অনুত্তম।

শঙ্খ মুক্তা।

  পাঞ্চ জন্য নামেৰে যি এজাতি শঙ্খ আছে তাৰ কুলতে (বংশতে) শঙ্খ মুক্তাৰ জন্ম হয়। এই মুক্তা বৰ্ষোপলৰ (মেঘ- জাত শিলৰ) নিচিনা দীপ্তিমান। তাৰ আকৃতি কপৌ কণি সদৃশ, কান্তি অতি মনোহৰ। প্ৰকাৰ ভেদে আশ্বিন্যাদি নক্ষত্ৰত্‌ সপ্ত বিংশতি প্ৰকাৰ সুভ মুক্তা উৎপত্তি হয়, তাৰ বৰ্ণ ন প্ৰকাৰ; যথা শুক্ল, অশুক্ল, পীত, ৰক্ত, নীল, লোহিত, পিঞ্জৰ, আকৰ্ব্বুৰা, পাটল। ইয়াৰে উত্তম, মধ্যম, অধম, এই দৰে সপ্ত বিংশতি বিধ হয়। শঙ্খ মুক্তা শ্বেতবৰ্ণ হলে সি অনুত্তম।

মীন মুক্তা।

  মীন মুক্তা গুঞ্জা ফলৰ (ৰাতুল মণিৰ) সমান। লঘু, পাটলা পুষ্প সঙ্কাশ, অল্পকান্তি, সুবৰ্ত্তুল। বাত, পিত, কফ, দ্বন্দ্ব, সন্নিপাতাদি প্ৰকৃতি ভেদে ই মুক্তা সপ্তবিধ; লঘু, অরুণ⸺ বাত প্ৰকৃতি। আপিত, মৃদু—পীত। গুৰু, শুক্ল—কফ। মৃদু, লঘু-বাত পীত। স্থূল —শ্লেষ্মক এবং পিত্ত শ্লেষ্ম জনক সন্নি- পাতকাদি সৰ্ব্ব বিষয়তে প্ৰয়োগ হয়। যি মৎস্য মুক্তা শ্বেত এবং নিস্তেজ সি অনুত্তম মুক্তা।

সৰ্ণ মুক্তা।

  বাশুকি বংশীয় বিষধৰ ভুজঙ্গত সৰ্প মুক্তা উৎপন্ন হয়। মানুহে কেতিয়াবা কোন পুন্য দেশত ক্কচিৎ ইয়াক থকা দেখিবলৈ পাই। এই ফনিজ মুক্তা মীন মুক্তাৰে ন্যায় বিশুদ্ধ, এবং বৰ্ত্তল, ৰম্য, নীল, ছায়াবান, মহা দ্যুতি মান। পুন্য হীন [ ৬৭ ] লোকে এই মণি নেদেখে। শৃগাল কোল, আমল কোল, বা গুঞ্জা ফল প্ৰমান চাৰি বিধ মুক্তা; প্ৰথম বিধ ব্ৰাহ্মণ, দ্বিতীয় বিধ ক্ষত্ৰিয়, তৃতীয় বিধ, বৈশ্য, চতুৰ্থ বিধ শূদ্ৰ। সৰ্পৰ মুড়ত এই মণিৰ জন্ম হয়। ই—স্থান বিশেষে অতি সমুজ্জ্বল হয়। ইয়াৰ কান্তি তীক্ষ্ণ অস্ত্ৰৰ ধাৰৰ নিচিনা। ইয়াক যি প্ৰাপ্ত হয় তাৰ মহতী শ্ৰী আৰু ধন ৰত্নাদি লাভ হয়। ইয়াৰ ধাৰণত মানব মহা প্ৰভান্বিত এবং পুন্যৱান হয়, আৰু তেজস্বি হয়। ৰত্ন ৰাজ্য এবং দুষ্প্ৰাপ্য মহা সম্পত্তিও লাভ কৰে। যি যুক্তা নীল আভাযুক্ত সি অনুত্তম। যাৰ ভঁড়ালত সৰ্প মুক্তা থাকে তাক সৰ্প ৰাক্ষসে হিংসা কৰিব নোৱাৰে, তাৰ শৰীৰতো কোন ৰোগ নজন্মে। আৰু আন কোন উৎপাতেও তাৰ একো অনিষ্ট কৰিব নোৱাৰে।

ভেকাদিজাত মুক্তা।

 ক্কচিৎ ক্কচিৎ ভেকাদিতো মুক্তা মণিৰ জন্ম হয় সি সৰ্প মুক্তাৰে নিচিনা।

⸻⸻

[ ৬৮ ]
 
ষষ্ঠ অধ্যায়।

বিদ্ৰুম-বা পোৱাল মণি।

নাম।

 প্ৰবাল মণিকে বিদ্ৰুম মণি বোলে, অসমীয়া মানুহে ইয়াকে পোৱাল বুলি কয়। এতদ্ভিন্ন ইয়াৰ আৰু কেইটী মান নাম আছে; যথা—পলা, মুঙ্গা, অঙ্গাৰক মণি, অম্বোধি বল্লভ, ভৌম ৰত্ন, ৰক্তাঙ্গ, ৰক্ত্যকাৰ, লতা মণি, কিশলয়, বীণাদণ্ড, নূতন পত্ৰ। এই বিলাক নাম আছে মাত্ৰ, কিন্তু সচৰাচৰ ব্যৱহাৰ হোৱা দেখা না যায়।

বিদ্ৰুমৰ উৎপত্তি বিবৰণ।

 অনন্ত দেৱে বলো অসুৰৰ অন্ত্ৰলই কেৰলাদি দেশত নিক্ষেপ কৰিছিল, যি যি ঠাইত সেই অন্ত্ৰ পতিত হইছিল সেই সেই ঠাইতে মহাগুণ সম্পন্ন বিদ্ৰুম মণি উৎপন্ন হল।

বিদ্ৰুমৰ স্থূল গুণ।

 বিদ্ৰুমৰ স্থূলতঃ মধুৰত্ব, অম্লত্ব, কফ পিত্তাদি দোষ নাশিত্ব, স্ত্ৰী বিলাকৰ বীৰ্য্য কান্তি কাৰিত্ব, ধৃতে মঙ্গল দায়ীত্ব, এবং পাপা লক্ষ্মী নাশিত্ব, শীতত্ব, সাৰকত্ব, কষায়ত্ব, স্বাদুত্ব, বান্তিকাৰিত্ব, কান্তি কাৰিত্ব, চক্ষুৰ্হিতত্ব,গাত্ৰ সুৰঙ্গক, এই বিলাক গুণ আছে।

বিদ্ৰুমৰ প্ৰাকৃতিক গুণ।

 বিদ্ৰুম মণি যদি জৱা ফুল কিম্বা ৰাতুল মণিৰ নিচিনা [ ৬৯ ] অতিলোহিত বৰ্ণ হয় তেন্তে সেই বিদ্ৰুম মণি সৰ্ব্ব প্ৰধান হয়। যি বিদ্ৰুম প্ৰসন্ন, কোমলস্পৰ্শ, স্নিগ্ধ, আৰু প্ৰগাঢ় ৰক্তবৰ্ণ, শুঙ্গ, দৃঢ়, ঘন, বৃত্ত, সম, গুৰু, শিৰাহীন, তাৰ ধাৰণত শুভ এবং ধন ধান্যাদি লাভ হই থাকে, এবং শত্ৰু বিনাশ হয়।

বিদ্ৰুমৰ প্ৰাকৃতিক এবং দৈশিক দোষ।

 গৌৰ, জলাক্ৰান্ত, বক্ৰ, সূক্ষ্ম, সকোটৰ, কৃষ্ণ, ৰুক্ষ্ম, লঘু, শ্বেত, এই বিলাক প্ৰবাল অশুভ দায়ক। এই প্ৰবাল সদা বৰ্জ্জনীয়। পৰন্তু কাক পদবত্‌ বিন্দু এবং ৰেখাযুক্ত বজ্ৰ যেনেকৈ দোষী, পোৱালো তেনেকুৱা হলে দোষী হয়। ৰেখা, যশ-লক্ষ্মী নাশক। আবৰ্ত্ত, কুলনাশক। পট্টল-ৰোগজনক। বিন্দু—ধন নাশক। ত্ৰাস—ত্ৰাস জনক। নিলিকা-মৃতুকাৰিনী। হিমাদ্ৰি জাত পোৱালৰ তেজ অতি নিষ্ঠুৰ। তৎলিপ্ত নিম্বকল্ক অতি মধুৰ, তাৰ ধাৰণত বিষৰোগ সাম্য হয়।

পোৱালৰ আকৃতি আৰু জাতি।

 প্ৰবাল ৰক্তবৰ্ণ, বৰ্ত্তুলাকাৰ। জাতি ভেদে ই-চাৰিপ্ৰকাৰ হয়, যথা—প্ৰথম বিধ বিপ্ৰজাতি; ই অৰুণ, “ৰঙ্গা” শহা বৰণিয়া, কোমল, স্নিগ্ধ, সুখ বেধ্য, এবং মনোৰম। দ্বিতীয়, ক্ষত্ৰিয় জাতি; ই-সিন্দুৰ এবং জৱা-বন্ধুক-দাড়িম্ব কুসুম প্ৰভ, কঠিন, দুৰ্ব্বেধ্য, আৰু অস্নিগ্ধ। তৃতীয় বশ্য জাতি; ই-পলাসপুষ্প আৰু পাটল সদৃশ স্নিগ্ধ, বৰ্ণাঢ্য, মন্দ কান্তিভ। চতুৰ্থ, শূদ্ৰজাতি; ৰক্তোৎপল দলাকাৰ, কঠিন,

অচিৰ দ্যুতি, বায়ু বেধ্য। [ ৭০ ]
আধুনিক পণ্ডিতৰ মতে পোৱালৰ
উৎপত্তি বিবৰণ।

  এতিয়াৰ পণ্ডিত সকলে এই মণিৰ উৎপত্তি বিবৰণ এই ৰূপে কয় যে, ই সামুদ্ৰিক এবিধ কীটৰ শৰীৰোৎপন্ন ৰস মাত্ৰ। সমুদ্ৰৰ ভিতৰত এক প্ৰকাৰ কীট আছে, সেই কীট বিলাকৰ গাৰ ৰসেৰেই সিহঁতৰ গাত্ৰাবৰণ খোলা) জন্মে। সেই খোলা শিল সদৃশ টান হয়। পাছত কীটবিলাক মৰি পৰস্পৰে লগ লাগি সমুদ্ৰৰ মাঝতে অচল পৰ্ব্বত আৰু দ্বীপ হই উঠে। বালি, মাটি, এবং অন্যান্য মৃত জন্তুৰে গোট খাই সেই বিলাক ক্ৰমে বড় ওখ হই পড়ে। তেনেকুৱা পৰ্ব্বত আৰু দ্বীপ কত যে হইছে আৰু হুব তাৰ নিশ্চয় নাই। ডাঙ্গৰ ডাঙ্গৰ দ্বীপ বিলাকত মানুহৰ বসতিও আছে। সেই বিলাক পৰ্ব্বত আৰু দ্বীপৰে পৰা পোৱাল পোৱাযায়

পোৱালৰ উৎপত্তি সম্বন্ধে যুক্তি।

  এতিয়া ভাবিব লাগে কীট শৰীৰৰ ৰসেৰেই যদি দ্বীপ পৰ্ব্বত হব পাৰে; তেন্তে বলো অসুৰৰ শৰীৰৰ কোনো অংশেৰেনো সেই পৰ্ব্বতাদিৰ আকৰ হোৱা আশ্চৰ্য্য কি? পোৱালৰ এটী লতামণি নাম আছে, মনুষ্য শৰীৰ বৃক্ষ স্বৰূপ, আৰু তাৰ অস্ত্ৰ “শিৰাদি” লতাৰ নিচিনা, বলোৰ সেই লতাবত অন্ত্ৰৰ পৰা পোৱালৰ জন্ম হোৱাৰ কাৰণে তাৰ সেই লতামণি নাম হোৱা সম্ভৱ। এতেকে পোৱাল কীট বিলাকক বলোৰ অন্ত্ৰ মূলক আকৰোৎপন্ন বুলি বিশ্বাস নকৰিবৰ কোন কাৰণ নাই। কীটৰ এই আশ্চৰ্য্য গুণ বলোৰে বিভিন্ন কি? পৰ্ব্বত বিলাকক [ ৭১ ] শাখা প্ৰশাখাৰে সুশোভিত বৃক্ষাকাৰ বুলি বিবেচনা কৰিলে তদ্‌যাত পোৱালৰ বিদ্ৰুম নাম হোৱা নিতান্ত সম্ভবনীয়। কিন্তু পোৱালৰ চক্ষুৰ বিশালত্ব ক্ৰিয়া থকাত আয়ুৰ্বেদজ্ঞ কোন সুপণ্ডিতে বিদ্ৰুমক বেলেডো নামক বৃক্ষ বুলি বিবেচনা কৰে।

পোৱালৰ পৰীক্ষা।

 পুলকাখ্য মণিৰ পৰীক্ষাৰ নিয়মেৰেই ৰুধিৰাখ্য আৰু বি্দ্ৰুম (পোৱাল) মণিৰ পৰীক্ষা হয়।

পোৱালৰ মূল্য।

 পূৰ্ব্ব কালত শুদ্ধ পোৱালৰ মুল্য ৰূপৰ দুগুণ আছিল, এতিয়া প্ৰয়োজনানুসাৰে মূল্য হই থাকে।

[ ৭২ ]
 

সপ্তম অধ্যায়।

ধাতুৰত্ন।

 সোন, ৰূপ, তাম, এই তিন বিধ, ধাতু্কো ৰত্ন বোলা যায়। যদিও ই মণিৰত্ন নহয় তথাপি ৰত্নগুণ ইয়াত বিশেষকৈ আছে। মঙ্গল কাৰ্য্যাদিত ৰত্নাভাবে মূল্য স্বৰূপে ৰৌপ্য, বা তাম্ৰৰ ব্যৱহাৰ হই থাকে। স্নানাদি শুদ্ধি জনক কাৰ্য্যতো অনেক স্থলত উক্ত ত্ৰিবিধ ধাতুৰ ব্যৱহাৰ হয়। বিশেষতঃ সোন, ৰূপ, অতি মঙ্গলকৰ বস্তু! ইয়াৰ সহযোগত ৰত্ন মণিৰো বিশেষ সোভা বৰ্দ্ধিত হয়। এতেকে এই তিনি বিধ, ধাতুকো ৰত্ন মণিৰ গৰ্ব্ভত ঠাই দিয়া হল।

প্ৰথম পরিচ্ছেদ।

⸺⸺

সুবৰ্ণ বিবৰণ।

নাম।

 ১। স্বৰ্ণ, ২। কনক, ৩। হিৰণ্য, ৪। হেম, ৫। হাটক, ৬। তপণীয়, ৭। গাঙ্গেয়, ৮। কলধৌত, ৯। কাঞ্চন, ১০। চামীকৰ, ১১। শতকুম্ভ, ১২। কাৰ্ত্তম্বৰ, ১৩। জাম্বুনদ, ১৪। মহাৰজত, ১৫। জাতৰূপ, ১৬। অষ্টাপদ, ১৭। শাতকৌম্ভ, ১৮। ভৰ্ম্ম, ১৯। কৰ্ব্বুৰ, ২০। কৰ্চ্চুৰ, ২১। ৰুগ্ম, ২২। ভুৰি, [ ৭৩ ] ২৩। পিঞ্জৰ, ২৪। দ্ৰবিন, ২৫। গৈৰিক, ২৬। ৰুক্ম, ২৭। চাম্পেয়, ২৮। ভৰু, ২৯। চন্দ্ৰ, ৩০। অভ্ৰক, ৩১। অগ্নিবীজ, ৩২। লোহবৰ, ৩৩। উৰ্দ্ধসাৰুক, ৩০। স্পৰ্শমণি, ৩৫। প্ৰভৱ, ৩৬। মুখ্যধাতু, ৩৭। উজ্জ্বল, ৩৮। কল্যান, ৩৯। মনোহৰ, ৪০। অগ্নিবীৰ্য্য, ৪১। অগ্নি, ৪২। ভাস্কৰ, ৪৩। পিঞ্জাল, ৪৪। অপিঞ্জৰ, ৪৫। তেজ, ৪৬। দীপ্ত, ৪৭। অগ্নিভ, ৪৮। দীপ্তক, ৪৯। মঙ্গল্য, ৫০। সৌঞ্জক, ৫১। ভৃঙ্গাৰ, ৫২। জাঘৱ ৫৩। আগ্নেয়, ৫৪। নিষ্ক, ৫৫। অগ্নিসিখ, ৫৬। অয়, ৫৭। পেশ, ৫৮। কৃশন, ৫৯। লোহ, ৬০। অমৃত, ৬১। মৰুৎ, ৬২। দত্ৰ, ৬৩। ৰেতঃ, ৬৪। অকুপ্য, ৬৫। ৰজত, ৬৮। ধন, ৬৭। সোণ ৬৮। সোণা। এই বিলাক কে সোণৰ নাম বুলি জানিব পৰা গৈছে।

শুদ্ধ সুবৰ্ণৰ উৎপত্তি।

 অগ্নিৰ ৰেত সেই সুবৰ্ণ। পূৰ্ব্বকালত মৰীচ্যাদি সপ্ত ঋষিৰ আশ্ৰমত সিবিলাকৰ পত্নী বিলাকৰ ৰূপ লাৱণ্যাদি দেখি অগ্নি দেৱৰ ৰেতঙ্খলন হই প্ৰিথিবীত পৰিছিল, সেয়ে সুবৰ্ণ ৰূপে পৰিনত হল, এইয়ে শুদ্ধ সুবৰ্ণ। পাৰদ্যদি দ্ৰব্য সংযোগত কৃত্ৰিম সুবৰ্ণও উৎপত্তি হয়, কিন্তু সি বিশুদ্ধ সুবৰ্ণ নহয়। ভাগৱতে কোন জাম্বুৰসেৰেও হিমালয়ৰ ওপৰত্‌ সোণ হয় বুলিকয়

কৃত্ৰিম সোণ প্ৰস্তুত।

 হালধিয়া ধুতৰাৰ ফুল আৰু সীহ প্ৰত্যেক ৮ টকাকৈ লই আকনাদি আৰু লাঙ্গলীয়াৰ ৰসদি মৰ্দ্দন কৰি বিধি পূৰ্ব্বক

অগ্নিত দগ্ধ কৰিলে সোণ হুব। [ ৭৪ ]

অন্য উপায়।

 বিধি মতে ভস্ম কৃত পাৰাৰ ওপৰত সাতদিন পৰ্য্যন্ত প্ৰতি দিনে অষ্টোত্তৰ সহস্ৰ ধনদা মন্ত্ৰ জপ আৰু ৰাত্ৰি কালত ধনদাৰ পূজা এবং ধনদা তন্ত্ৰানুসাৰে জপৰ দশমাংশ হোম কৰিব। প্ৰতি দিনে এ্টী এটীকৈ ষোল দিনলৈকে দিনৌ একুটী প্ৰাৰ্থিব শিৱ পূজা কৰিব। তাৰ পাছত গুঞ্জা প্ৰমাণ সেই ভস্ম স্বৰ্ণ পাত্ৰত ৰাখি এটকা পৰিমান আওটা তামত্‌ তাক সেই গুঞ্জা প্ৰমাণ ভস্ম) পেলাই দিলে তৎক্ষণাৎ সেই তাম সোণ হুব।

পাৰাভস্মৰ উপায়।

 পাথৰৰ (শিলৰ) ওপৰত পাৰাথৈ তাৰ ওপৰত সৰ্ব্ব বন্ধন মন্ত্ৰ অষ্টোত্তৰ সহস্ৰবাৰ জপ কৰিব। তাৰ পাছত সুকিয়া কুসুমেৰে ৰঙ্গা কৰা কাপড়ৰ মাঝত সেই পাৰা থাপন কৰি কাপড়ে সইতে মাটিৰ মহিৰ মাঝত সেই পাৰা ৰাখি আৰু এক মৃত্তিকা পাত্ৰেৰে আবৃত কৰি সুকিয়া কুসুম যুক্ত সুতা বা কাপড়েৰে দৃঢ় বন্ধন কৰিব। তাৰ পাছত তুহ মাটী দুইকো একে লগে মিহলি কৰি তাৰে সেই মৃত্তিকা পাত্ৰ লেও দিব, ৰদত সুকাব। পাছত আকৌ তুহ মিহলি মাটীৰে তাক লেও দি আৰু ৰদত গুকাই অষ্টমী বা নৱমী ৰাত্ৰি ভিন্ন অন্য দিনত জুইত্‌ পেলাই দিব। নাইবা মৃত্তিকা পাত্ৰৰ মাঝত পাৰা এই পানৰ ৰস, ঘৃত কুমাৰিৰ ৰস, ইয়াৰে খল কৰি উত্তমৰূপে পাৰা সোধন কৰিলব। এই দৰে কৰিলে পাৰা গুটীবান্ধে অৰ্থাৎ গোটলয়। তেনে কুৱা হলে তাক ধুতুৰা ফলৰ মাঝৰ [ ৭৫ ] সাহ বাহিৰ কৰি তাৰ ভিতৰত সেই পাৰা ভৰাব, তাৰ মাঝত কলিয়া তুলসী আৰু ঘৃতকুমাৰি দি পূ্ৰ্ব্বৰ দৰে লেও দিব। পাছত সাত প্ৰহৰলৈকে গোবৰ খুটীৰ জ্বাল দিব, তাতে পাৰা শুভ্ৰবৰ্ণ ভস্মহুব। এই প্ৰক্ৰিয়াৰ পূৰ্ব্বে ধনদাৰ পূজা আৰু মন্ত্ৰ জপ কৰিব, নকৰিলে ভস্ম বিবৰ্ণ হুই যাব। এই পাৰা ভস্মেৰেই তাম্‌ সোণ হুব পাৰে। ইয়াৰ এক গুঞ্জা পৰিমান ভক্ষন কৰিলে লোক নানা ৰোগৰ পৰা বিমুক্ত হুব পাৰে, গনেশৰ নিচিনা পূজনীয় এবং মহা শক্তিমান আৰু ধনৱান হুব পাৰে। কিন্তু পৰোপ কাৰাৰ্থে নকৰি নিজৰ সুখাভিলাসেৰে কৰিলে এই ভস্মে ফল নিদিয়ে।

সোণ কৰিবৰ অন্য উপায়।

 আওট খোৱা তামত তাৰ আধা পাৰা দি তাতে বিৰজা কাঠৰ ৰস, বাহকৰ ৰস, আৰু সিজুৰ ৰস দিব, ইয়াকে কৰিলে সোণ হব। এই প্ৰক্ৰিয়াৰ আদিতে দই হাজাৰ ধনদা মন্ত্ৰ জপ, তাৰ পূজা এবং হোম কৰিব, তেন্তে কাৰ্য্য সফল হুব।

সোণ কৰিবৰ আৰু উপায়।

 এটা ভাল শিলৰ বাটীত বেল পাত থব, তাৰ ওপৰত আৰু এটা শিলৰ বাটী ঢাকোন দি দুঘণ্টা কাল ভালকৈ ঢাকি ৰাখিব। পাছত সেই বেল পাত চেপিলে ৰস ওলাব। এই দৰে আদ পোৱা ৰস উলিয়াই এটা পাত্ৰত ৰাখিব। পাছত পুৰণি তাম ৶০ অনা অগ্নিত পুড়ি তপত থাকোতেই বৃষ গোময়ৰ মাঝত ৰাখিব। পাছে সেই গোময়ৰ পৰা উলিয়াই সেই ৶০ পোৱা বেল পাতৰ ৰসত পেলাই দিব। এনেকৈ এক বিংশতি [ ৭৬ ] বাৰ কাৰ্য্য কৰিলে তাম শুদ্ধি হুব। সেই শোধিত তাম বেল পাতৰ ৰসেৰেমিহলাই এ ছিলিম গাঞ্জা পূৰ্ণ ছিলিমৰ ওপৰত থই জুই লগাই দি এনে টান মাৰিব যেন একেটানে দপ কৰি জ্বলি উঠে। সেই দৰে জ্বলামাত্ৰে ছিলিম মাটীত উবুৰিয়াই পেলাব। তাকে কৰিলে তাম সুবৰ্ণ হুব। কোন সন্ন্যাসি বাক্য।

সোণ কৰিবৰ আৰু আন উপায়!

 আগেয়ে আম কাটি তাৰ পৰে পৰা এ পোৱা আঠা উলিয়াই লই এটা পাত্ৰত থব। তাৰ মাঝত আদ পোৱা তবকী হৰি- তাল থব। যেতিয়ালৈকে গোট নবান্ধে তেতিয়ালৈকে শিশিৰত শুকাব। গোট বান্ধিলে গুঞ্জা প্ৰমাণকৈ একুটি বড়ী বান্ধিব। তাৰে এটী বড়ী এটকা গলিত তামত পেলাই দিলে সুবৰ্ণ প্ৰস্তুত হুব। কোন পৰমহংশ বাক্য।

আৰু উপায়।

 শুকৰৰ মাংশ চাৰি সেৰত বা তদভাবে ৰৌ মাচত আদ্‌ পোৱা পাৰা, এপোৱা তবকী হৰিতাল একত্ৰে মিহলাই এটী মাটীৰ পাত্ৰত ৰাখিব। সেই পাত্ৰটি ডিঙ্গিলৈক মাটীত পুতিব। পাছত পাত্ৰৰ মুখত ঢাকণ দি ময়দাৰে (আটাৰে) বন্ধ কৰিব। পোন্ধৰ বা ষোল দিন পৰ্য্যন্ত ৰাখিব। পাঁচ ছয় দিনে একোবাৰ সেই পাত্ৰৰ মুখ মেলি দেখিব; তাত কোন পোক জন্মিছে নে নাই? যেতিয়া দেখিব যে, দহ বাৰটা কিম্বা তিন চাইটা পোকে সকলো স্বজাতীয় পোক বিলাকক খাই বড় হইছে, তেতিয়া সঁড়াহেৰে বা লেপেৰে সেই পোক বিলাকক ধৰি আনি এটী চিঁচাৰ (বোতলৰ) ভিতৰত ৰাখিব। পাছে আদ্‌ পোৱা [ ৭৭ ] তাম্ আউটী তাতে এটী পোকৰ ৰস দিলে সুবৰ্ণ হুব! এই কাৰ্য্য বড় সাবধানে কৰিব লাগে যেন ধৰিবৰ সময়ত সেই পোক হাতত না লাগে। ই কোন পৰম হংশ যোগীৰ বাক্য।

তাম্ আউটীৰ উপায়।

 তাম জাৰিত কৰি ভস্মকৈ লব। তাৰ পাছত মাটীত চাৰি হাত দ এটা গাঁত কৰি বিৰজা অৰ্থাৎ কপিত্থান বৃক্ষৰ আঙ্গাৰেৰ সেই গাঁতৰ আদ্‌খিনি পূৰ্ণ কৰি তাতে জুই দিব। সাত দিন লৈকে জ্বাল দি পাছত তুলিলৈ লোৰ পাত্ৰত দি বি- ৰজা আঙ্গাৰেৰে আকৌ অগ্নিত জ্বাল দিব, তাতে তাম্ আওট খাব ( গলি যাব)।

জপ পূজাদিৰ আবশ্যকতা।

 সোণ কৰা বিষয়ৰ বিবিধ্‌ কাৰ্য্যত তন্ত্ৰাদি শাস্ত্ৰে জপ পূজা- দিৰ যি বিধান দিছে তাৰ অভিপ্ৰায় এইৰূপ বোধ হয় যে, চিন্তিত বিষয়ত পৰিমিত কাল পৰ্য্যন্ত দৃঢ়ৰুপে চিত্ত নিমগ্ন ৰাখিবৰ নিমিত্তেই জপাদি অবলম্বনৰ আবশ্যক। কাৰণ এই যে, যি যাক ধীয়াই সি তাক পাই। যি বিষয়ত যাৰ ধী ধীয়নী নাই, সি তাক পোৱাটান। চিত্তৰ ভিতৰত ৰসায়ন আছে, সেই চিত্তক মানুহে দৃঢ়ৰূপে কাৰ্য্যত নিযুক্ত কৰিলে চিত্তস্থ ৰসায়নৰ দ্বাৰা প্ৰবৃত্ত কাৰ্য্য সফল হয়। মত্ৰৰ সংখ্যা কাল নিৰূপক (ঘটিকা) যন্ত্ৰ স্বৰূপ, “মন্ত্ৰ” মনৰ তৰণোপায়, অৰ্থাৎ চিন্তিত বিষয়ত দৃঢ়ৰূপে নিযুক্ত থাকিবৰ নিমিত্তে মন্ত্ৰয়ে মনৰ একান্ত আশ্ৰয়। “মন্ত্ৰাক্ষৰ” সেই আশ্ৰয় ৰূপ বৃক্ষৰে ৰসযুক্ত বীজ স্বৰূপ। “মন্ত্ৰৰ দেৱতা ( আশ্ৰয় বৃক্ষাত্মা)” জগদীশ্বৰৰ বিশ্ব– [ ৭৮ ] ব্যপী, অসীম শক্তি বা গুণ ৰাশিৰ কোন কলামাত্ৰ। এই গুণ বা শক্তিৰ সাধনাতে যাবদীয় বাঞ্চাৰ সিদ্ধি লাভ হয়। এই সাধন কাৰ্য্য যোগ স্বৰূপ; মানুহ যোগ যুক্ত হলে তাৰ স্বভাৱ এবং কায় মনৰ অৱস্থা পৃথক হয়, আৰু দৈৱৰ লগতো তাৰ বিশেষ সম্বন্ধ হয়। ৰোগ শয্যাত পড়িলে, বিদেশ ভ্ৰমন কৰিলে, মাদক বস্তু সেবিলে, ৰাত্ৰি জাগৰণ কৰিলে, সদ্ অসদৰ সঙ্গ নিলে, বয়সত উঠিলে, অন্য কি! স্বাভাবিক ব্যৱহাৰৰ কিঞ্চিৎমাত্ৰ তাৰতম্য ঘটিলেও মানুহৰ বুদ্ধি বৃত্ত্যাদিৰ অবস্থা যেনেকৈ পৰিবৰ্ত্তন হয়, যোগাভ্যাস তো সেই দৰে পৰিবৰ্ত্তন হই লোক কাৰ্য্যক্ষম বা অক্ষম হই থাকে। পৰন্তু কাৰ্য্যবিশেষে দোষ গুণ আছে; তিথি বিশেষত যেনেকৈ যোৱাৰ ভাটা হয়, শয়ন জাগৰণাদিৰ নিমিত্তে দিবাৰাত্ৰিত যেনেকৈ দোষা সময়ৰো দোষ আছে, জোনাকত বাহ বৃক্ষাদি কাটিলে যেনেকৈ ঘুনে ধৰে, ফল-ফুল ইত্যাদিৰ বিবিধ বৃক্ষ আৰু শস্য সকলৰ সম্বন্ধে যেনেকৈ শীত গ্ৰীষ্মাদি ঋতু ভেদ আছে, সেই দৰে ক্ৰিয়া বিশেষৰ নিমিত্তেও সময়ৰ সুভাসুভ আছে। চিন্তা, সময়, কাৰ্য্য, ৰসায়ন, সকলোৰে একোবিধ তেজ আছে, সেই সকলৰ পৰস্পৰৰ সংযোগেই নিৰূপিত কাৰ্য্য সফল হয়। গুণজ্ঞ পণ্ডিত সকলে বিবেচনা পূৰ্ব্বক তাক স্থিৰ কৰিদিছে। আৰু হোম গন্ধে কৰ্ম্মৰ বিঘ্ন জনক কাল দোষ দৈৱ দোষ ইত্যাদি অনেক দোষ নষ্ট কৰে, এতেকে জপ, পূজা, ব্ৰত, হোম ইত্যাদিৰ ব্যৱস্থাক অলীক বুলিব নোৱাৰি। মনৰ দ্বাৰা চিত্ত ভুমিত মন্ত্ৰবীজ ৰোপিত হলে সময়ত অঙ্কুৰিত হয়। দেহ-চিত্তৰ আধাৰ; আকৌ দেহৰ লগত বাহ্য জগতৰ সম্বন্ধ আছে, সুতৰাং [ ৭৯ ] দেহ আৰু জগতৰ কৰ্ম্মাদি ৰূপ ৰস ভোগ কৰি সেই বীজাঙ্কুৰ বদ্ধিত হই কালত ফলবান হয়। মৌৰ বাহলৈ যেনেকৈ বিবিধ মিষ্টৰস বিলাকে গতি কৰে, নাৰিকল ইত্যাদি বৃক্ষফল বিলাকৰ ভিতৰলৈ প্ৰিথিবীৰ সুৰস বিলাকে যেনেকৈ গতিকৰে, সেই দৰে সাধক পুৰুষৰ ওচৰলৈকো জগতৰ সুভ বিলাকে গতি কৰি থাকে। এই কাৰণেই কোৱা গৈছে; যি যাক ধীয়াই সি তাক পাই, অৰ্থাৎ যি যালৈ একান্ত ইচ্ছা কৰি সাধনা কৰিব সি তাক অবশ্যে পাব, এইয়ে যোগৰ মুখ্য যুক্তি।

স্বৰ্ণোৎপত্তিৰ যুক্তি।

 অগ্নিয়েই সোণৰ বীজ; যিহেতুক অগ্নি সকলো বস্তুৰে পাক আৰু পৰিশুদ্ধ কাৰি, এবং ৰস গ্ৰাহি। যি যি বস্তুৰ ৰস. একত্ৰ মিহলি হলে পৰস্পৰ ৰূপান্তৰ হুব পাৰে, বা তাৰ পৰা সুবৰ্ণাদি আন আন ধাতু উৎপন্ন হুব পাৰে, অগ্নি দ্বাৰা সেয়ে সম্পাদিত হয়, এই কাৰণেই অগ্নিক সোণৰ জনক বুলিব পাৰি। উক্ত প্ৰকাৰে ক্ৰিয়া বা দ্ৰব্য সংযোগত তাম্ৰাদি ধাতুৰে সোণ প্ৰস্তুত হোৱাও একো অসম্ভৱ জনক নহয়। কিন্তু এই কাৰ্য্য সাধু লোক ভিন্ন অন্যৰ দ্বাৰায় সিদ্ধিহোৱাৰ প্ৰমাণ প্ৰায় পোৱা নাযায়। অগ্নি যেনে পবিত্ৰ, সাধু লোক সকলো তেনে পবিত্ৰ, এনেকুৱা সাধক বা শুচি মানুহৰ উদ্যোগতে অগ্নিৰ সাহায্যত অন্য ধাতু (তাম্ৰাদি) সোণ হুব পাৰে সম্ভৱ। শ্ৰীখ্ৰীষ্টৰ ইচ্ছাত এডুখৰি পিঠা যেনেকৈ বহুলোকৰ ক্ষুধা নিবাৰক আৰু তৃপ্তি সাধক হইছিল, দেবী দ্ৰোপদীৰ সিদ্ধ শাক কণাৰ দ্বাৰায় যেনেকৈ বহু সংখক ছাত্ৰে সহিতে দুৰ্ব্বাসা [ ৮০ ] মুনিৰ উদৰ পূৰণ হইছিল, শ্ৰীকৃষ্ণৰ ইচ্ছাত মূক্তাফলৰ পৰা গছ জন্মি ফলৱতী হোৱা ইত্যাদি অসীম অদ্ভুত কাৰ্য্য বিলাক যেনেকৈ হইছিল, পুন্যাত্মা বিলাকৰ তদ্ৰুপ অসাধ্য সাধন ক্ষমতালৈ দৃষ্টি কৰিলে সুবৰ্ণ বিষয়েও তেনেকৈ সাধু লোক সকলৰ উদ্যোগেই সফল হয় বুলি বিশ্বাস কৰিব পাৰি। বস্তুতঃ ক্ৰিয়া বা দ্ৰব্য সংযোগেই বিবিধ ধাতু আদি ৰূপান্তৰ হুবৰ কাৰণ। সাধু বিলাক সুশিক্ষিত; এইকাৰণে সিবিলাকৰ দ্বাৰায় কাৰ্য্য শীঘ্ৰে সফল হয়।

সোণৰ জন্ম স্থান,আৰু কেঁচা সোণৰ বিবৰণ।

 এই দেশত এবং অন্যান্য নানা দেশত ৰূপৰ খনি থকাৰ অনেক বিবৰণ শুনিবলৈ পোৱা যায়, কিন্তু সোণৰ খনি থকাৰ বিবৰণ ভালকৈ একো শুনিবলৈ পোৱা না যায়। আন আন দেশত সোণৰখনি ওলোৱাৰ বহু সংবাদ পোৱা যায়, কিন্তু সেই বিলাক সোণ জনক খনি নহয়, তাত্ পোতখাই থকা সোণ পোৱা যায় মাত্ৰ। যি খনিত সোণ নজন্মে তাক খনি বুলিব নোৱাৰি, খানিলে সোণ ওলাই এই কাৰণেহে তাৰ খনি নাম হোৱা সম্ভৱ। সোণ নানা ঠাইত জন্মিব পাৰে, শালগ্ৰাম শিলৰ গাতো স্বৰ্ণ ৰেখা আৰু সোণ থাকে বুলি প্ৰমাণ পোৱা যায়। উত্তৰ পূৰ্ব্ব দেশৰ অধিকাংশ পৰ্ব্বতত সোণ আছে বুলি শুনা যায়, সোণ যে সেই সেই ফালৰ পৰ্ব্বতত জন্মে বহু কাৰণে তাক সম্ভৱ কৰিব পাৰি। সূৰ্য্য কিৰণ জল বায়ু ইতাদিৰ সংযোগত শিল বিশেষৰ গাত সোণ উৎপন্ন হয় বুলি অনুমান হয়। এই দেশৰ ব্ৰহ্ম পুত্ৰ, ধন শিৰী ইত্যাদি পৰ্ব্বতিয়া নদ [ ৮১ ] নদী বিলাকত বালিৰ লগত সোণ পোৱা গৈছিল। অসম ৰাজাৰ দিনত সোণাৰি বা সোণ কমনিয়া উপাধিৰে এজাক মানুহ আছিল, সিবিলাকে যি যি নদ নদীত সোণ থাকে তাক ভালকৈ চিনিছিল, আৰু সেই নদ নদীতে উদৰ ছাল পাতি বালিৰ নিচিনা গুড়ি সোণ সদায় কৰিছিল, তাকে কেঁচা সোণ বোলে। এতিয়াও ভোটৰ ফালৰ পৰা কোন কোন কেঁচা সোণ ওলাই, ইয়াৰ দ্বাৰা বুঝিব পাৰি যে এই সোণ শিলৰ গা তে উপজি শিলৰ সংঘৰ্ষনত বালিৰ দৰে গুড়ি হয় আৰু নদীৰ জল প্ৰবাহত বালিৰ লগতে উটি আহে। পৰন্তু সোণক হেম বোলে, মেৰু পব্বতৰ নাম হেমাদ্ৰি, কথিত আছে যে, হেমাদ্ৰিৰ কোন এটা টিং হে সোণৰ! ইয়াৰ দ্বাৰায় ও হিমৰ অনুকুলত পৰ্ব্বতত সোণ জন্মে বুলি বু্ঝিব প ৰি। ভাবি চালে এনে অনুমানো কৰিব পাৰি যে যি ঠাইত হৰিতালৰ (হাইতালৰ) আকৰ থাকে তাতে সোণ উৎপন্ন হয়, যি হেতুক অভিধানে হৰিতালক কনক ৰস এবং কাঞ্চনক বুলি কৈছে। পৰ্ব্বত বিলাক বিবিধ ধাতু আৰু উদ্ভিজাদিরে পরিপূৰ্ণ। ধাতু এবং উদ্ভিজ বিশেষৰ সংযোগত সোণৰ জন্ম হব পাৰে। কিন্তু যেনেকৈয়ে বা নহওক সোণৰ জন্ম দাতা প্ৰধানতঃ অগ্নি। অগ্নিৰ উত্তাপ ব্যতিৰেকে কোন বস্তুরে ৰস কি বাম্পাদি পৰিপাক হুব নোৱাৰে, পৰিপাকেই তেজোৎপত্তিৰ মূল। সোণ তেজোময়।

কেঁচা সোণৰ লক্ষণ।

 কেঁচা সোন ইটবৰনিয়া সোণতকৈ যৎকিঞ্চিত শেতা কিন্তু বৰণ অতি মনোহৰ, আৰু গধুৰ। এই দেশৰ মানুহে উত্তম [ ৮২ ] গৌৰ বৰ্ণক কেঁচা সোণৰ তুলনাৰে প্ৰশংসা কৰে। এই সোণ প্ৰথমে ৰস যুক্ত থাকে, আউটিলেও আঘাত নসহে, ভাগে। পাছত লৱনাদি পাচক বস্তু মিহলাই দুই একবাৰ জ্বাল দিলে ৰস পাক প্ৰাপ্ত হয়, তেতিয়া উক্ত সোণ সৰ্ব্ব কম্মোপযোগী হয়।

কেঁচা সোণৰ গুণ।

 কেঁচা সোণৰ গুণ আনত্‌কৈ কিছু বেলেগ আছেনে নাই তাক একো; জানিব পৰা নাই; কিন্তু দেশীয় অনেক মানুহে ঔষধৰ আবশ্যকতাত তাক বিচাৰে। ঘৰত কেঁচা সোণ থাকিলে এড়ি মুগা বাঢ়েবুলি কোনো কোনোৱে কয়।

শুদ্ধ সুবৰ্ণৰ লক্ষণ।

 যি সোণ্‌ পোড়ালে ৰক্তবৰ্ণ, কাটিলে শ্বেতবৰ্ণ, আৰু নিষেকত কুঙ্কুমৰ নিচিনা দেখা যায়, যি সোণ স্নিগ্ধ, বোমল, নিৰ্ম্মল, তাম্ৰ বৰ্জ্জিত আৰু গধুৰ, সেয়ে উৎকৃষ্ট সোণ।

অধম সোণৰ লক্ষণ।

 যি সোণ শ্বেত, কঠিন, ৰুক্ষ, বিবৰ্ণ, লঘু, সমল, আৰু যাত খাদ থাকে এবং যাক কাটিলে বা পোড়ালে বা ঘঁহিলে, বগা হয়, বা পিটিলে ভাগিযায়, সি নৰম (অধম) সোণ। এই সোণ পৰিত্যাগৰ যোগ্য।

বিবিধ অধম সোণৰ লক্ষণাদি।

 অধম সোণ কেইবা বিধো দেখিবলৈ পোৱা যায়; এক শুদ্ধ সুবৰ্ণয়ে অন্যান্য ধাতু ভাঁজ খাই অধমত্ব প্ৰাপ্ত হয়। যাত্‌ ৰূপ মিহলি হয় সি পৰিমাণে বগা, যাত্‌ তাম মিহলি হয় সি ৰঙ্গা, যাত পিত্তল মি হলি হয় সি হালধিয়া। দোষমুক্ত ৰূপ [ ৮৩ ] মিহলি সোণ পোড়াই পানিতে নেপেলালে বিবৰ্ণ হয়, পিটিলেও ভাগে, আৰু মটহা কঠিন হয়। শুদ্ধ ৰূপৰ মিহলিত সোণ পৰি- মাণে বগা হয়, কিন্তু মটহা বড নহয়, এক প্ৰকাৰ সাধাৰণ ৰূপৰ সমানেই থাকে, পোডালে বিবৰ্ণ নহয় পিটিলে নাভাগে। তাম মিহলি সোণ মটহা হয়, পোড়াই পানিত নেপেলালে বিবৰ্ণ হয়, পৰিস্কাৰ কৰিলে উজ্জ্বল ৰংৰঙিয়া হয়, পিটিলে ভাগে। পিতলুৱা সোণৰো প্ৰায় সেই লক্ষণ, কিন্তু ৰঙানা হয়। আজি কালিৰ বিদেশী অলঙ্কাৰ বিলাক প্ৰায় তমুৱা সোণেৰে নিৰ্ম্মিত হোৱা দেখা যায়, কিন্তু তাক অলঙ্কাৰ ভাঙ্গি বিক্ৰী কৰিবলৈ গলে বা পোড়াই পৰীক্ষা কৰিবলৈ গলে সি সোণৰ আদৰ পোৱাৰ সম্ভব নাই, অৰ্থাৎ সাধাৰণৰ আগত সি সোণৰ চিনা কি দিয়া কঠিন হুব। যেই সেই কাৰিকৰে ইয়াৰ দ্বাৰা অৰু হঠাৎ অন্য অলঙ্কাৰাদি নিম্মাণ কৰিব পাৰিব বুলিও সন্দেহ।

শুদ্ধ সোণৰ গুণ।

 সুবৰ্ণ শীতল, বষ্য, বলকাৰক, গুৰু, ৰসায়ন, স্বাদু, তিক্ত, কষায়, পাকে স্বাদ পিচ্ছিল, পবিত্ৰ, বৃংহন, চক্ষুৰ হীতকৰ, মেধা, স্মৃতি অৰু বুদ্ধৰ প্ৰসতা জনক, হৃদ্য, আয়ুষ্কৰ, কান্তি- জনক, বাক্য শুদ্ধ বাৰক, স্থিৰতা জনক এবং বিষ শোথ, ক্ষয়, উন্মাদ, বাতাদি দে ষ, জ্বৰ আৰু শেষৰ শান্তি কাৰক।

পাত সোণ এবং তাৰ দোষ গুণ।

পূৰ্ব্ব কালত পাত সোণৰ ব্যবহাৰ থকাৰ বিবৰণ বিশেষ ৰূপে একো পে ৱা না যায়, কিন্তু অলঙ্কাৰ ইত্যাদি বাখৰ (পান্নাদি) লগা ৰ (ৰচিত কৰিাৰ বা জৰিবৰ) নিমিত্তে কুন্দন [ ৮৪ ] নামে, এবং ঔষধৰ নিমিত্তে তবক নামে, পাত কৰিবৰ আৰু ৰৌপ্যাদিৰ পাত্ৰত মলমা (গিল্টি) কৰিবৰ নিমিত্তে সোণ পিটি পাত কৰি লবৰ ব্যৱহাৰ আছিল, এই বিলাক পাত অতি উত্তম সোণৰহে হইছিল, বৰ্ত্তমান কালত ব্যৱহাৰ হোৱা উত্তম পাত বিলাকে সেই বিলাক পাতৰে কাৰ্য্য কৰিছে, এতে কে এই পাত সোণৰ উত্তমবিধক উত্তম সোণ বুলি স্বীকাৰ কৰিব পাৰি।

শুদ্ধ সোণৰ বিশেষ গুণ।

 সোণ বড় পবিত্ৰ বস্তু! ইয়াক সেৱন কৰা সৰ্ব্বতো ভাৱে উচিত। ই শৰীৰত থাকিলে, ইয়াৰ পানি শৰীৰত প্ৰবেশ কৰিলে, দেহ নিৰ্ম্মল হয়। গ্ৰহাদি দৈৱ দোষ বিলা- কৰো শাস্তি হয়। দেশত এই প্ৰবাদ আছে; ধানে ধন, কিছু ধন সোণা। ঘাই ধন সোণ; যাৰ ঘৰত সোণ থাকে তালৈ দঁতাল হাতিও পোন। শাস্ত্ৰে সুবৰ্ণক অগ্ন্যাদি সৰ্ব্ব দেবাত্নক বুলিকৈছে। মুকুটাদি সুবৰ্ণ ভূষণ বিলাক দেৱতা সকলৰ অতিশয় প্ৰিতিকৰ, বিশেষকৈ বৃহস্পতি গ্ৰহৰ অতি সন্তোষ সাধক। পূৰ্ব্বেই কোৱা হইছে; শৰীৰৰ লগত জগত এবং গ্ৰহোপগ্ৰহাদিৰ বিশেষ সম্পৰ্ক আছে, সুতৰাং সুবৰ্ণৰ ধাৰণ সেৱনাদিত যে গ্ৰহ দোষাদি নষ্ট হুব তাত সংশয় কি? জগতৰ সকলো ঠাইতে গুণেগুণ দোষে দোষ আকৰ্ষণ কৰি থাকে, অৰ্থাৎ জগতৰ যাবতীয় বিষয় বিলাকৰ ভিতৰত যি যাৰ মিত্ৰ স্বভাৱতে সি-তাক প্ৰাপ্ত হয়। সেই দৰে স্বৰ্ণ বিভূষিত লোকৰ ওচৰলৈকো তৎমিত্ৰ স্বৰূপ জগত আন আন সুত [ ৮৫ ] বিলাকে গতি কৰে, এবং নানা অসুভ বিলাক দূৰীভূত হয়। সোণ মহাধন! এবং স্বৰ্ণালঙ্কাৰ অতি মোনৰম বস্তু! ই, যে, অকল মঙ্গলকেহে দান কৰে এনে নহয়; শৰীৰৰ কান্তি এবং সৌন্দৰ্য্যতাৰ বৃদ্ধি কৰে। সন্তানাভিলাসিনী নাৰী স্বামী সহবাসৰ সময়ত স্বৰ্ণালঙ্কাৰেৰে বিভূষিত থকা নিতান্তয়ে আবশ্যক। পৰন্তু আন আন ৰত্ন বিলাক সোণৰ লগ নালাগিলে ধাৰণৰ যোগ্য বা সোভাজনক হুব নোৱাৰে, সোণেৰে যুক্ত বা ৰচিত হলে মনোহৰ এবং দীপ্তকৰ হয়। স্বৰ্ণ, ভৰণৰ সমান আভৰণ জগতত আৰু আন একো নাই বুলিলেও অত্যুক্তি নয়। স্বৰ্ণ দানৰ অতি প্ৰধান বস্তু! স্বৰ্ণদান মহাদান! ইয়াৰ লাভত লোকৰ শৰীৰ মন সন্তোষেৰে পুলকিত হয়, সুতৰাং সেই সন্তোষৰ তেজেৰে (দানৰ মহাপুন্যেৰে) দাতাৰ সৰ্ব্বানিষ্ট ধ্বংশ হয়, এবং আত্মা নিষ্পাপ হয়। মনৰ অপ্ৰসন্নতায়ে সৰ্ব্ব অশুভাদি মূল, স্বৰ্ণালঙ্কাৰ ধাৰনত্‌ এই অপ্ৰসন্নতা পাপ বিনাশ প্ৰাপ্ত হয়। সুবৰ্ণৰ দৈবিক হানি তৎস্বামীৰ বিপদৰ পূৰ্ব্ব লক্ষণ।

সোণৰ দোষ

 সুবৰ্ণ অশুদ্ধ হলে বল আৰু বীৰ্য্য নষ্ট কৰে, শৰীৰত সকলো প্ৰকাৰ ব্যাধি উৎপন্ন কৰে, অসৌখ্য জন্মায়, এবং অধিক কি জীৱন পৰ্য্যন্তও নষ্ট কৰে। স্বৰ্ণ উত্তমৰূপে মাৰিত অৰ্থাৎ ভস্মীকৃত নহলে বল আৰু বীৰ্য্য নাশ কৰে, বিবিধ ৰোগ জন্মায়, এবং জীৱন নাশ কৰে, এতেকে যত্ন পূৰ্ব্বক স্বৰ্ণক ভস্ম কৰিব। স্বৰ্ণ ভস্ম তেহে সেৱনোপযোগী হুব।

[ ৮৬ ]
 

দ্বিতীয় পৰিচ্ছেদ।

⸺⸺

ৰৌপ্য বিবৰণ।

ৰৌপ্যৰ নাম।

 ৰৌপ্য “ক্লিব”। ৰূপ, ৰূপা, ৰঙ্গত, তাৰ, ৰৌপ্য, এই বিলাক ৰূপৰ নাম।

ৰৌপ্যৰ উৎপত্তি।

 ত্ৰিপুৰ নামেৰে অসুৰক বধিবৰ মনেৰে যেতিয়া দেৱাদিদেৱ মহাদেৱে ক্ৰোধে পৰিপূৰ্ণ হই অনিমিষ নয়ণে কটাক্ষেৰে তালৈ চাই আছিল; সেই সময়তে তেওঁৰ দক্ষীন চক্ষুৰ পৰা অগ্নি আৰু বাম চক্ষুৰ পৰা অশ্ৰু নিপতিত হয়, এবং সেই অগ্নিৰে পৰা অগ্নি তুল্য তেজোময় ৰুদ্ৰৰ উৎপত্তি আৰু অশ্ৰুৰ পৰা ৰৌপ্যৰ উৎপত্তি হয়।

ৰূপমাটী বা ৰূপৰ খনি

 প্ৰিথিবীত ঠায়ে ঠায়ে ৰূপ্‌ মাটীৰ খনি আছে, এই খনি প্ৰায় পৰ্ব্বতিয়া ঠাইতে থকাৰ বিবৰণ অধিক ৰূপে শুনিবলৈ পোৱা যায়। এই দেশৰ চৰাই দেও প্ৰভৃতি কোন কোন পৰ্ব্বতত ৰূপৰ খনি আছিল, আৰু তাৰে পৰা অসম ৰজাই ৰূপ মাটী খনাই আনি ৰূপ কৰিছিল বুলি অনেকে কয়। ৰূপমাটী চুন্ মিশ্ৰিত আলটীয়া মাটীৰ নিচিনা দেখা যায় এই মাটী

পগালে ৰূপ হয়। [ ৮৭ ]

শুদ্ধৰূপ্‌।

 যি ৰূপ চন্দ্ৰকান্তিৰ ন্যায় শ্বেতবৰ্ণ, শুভদ, স্নিগ্ধ, গুৰু (গধুৰ), মৃদু, সুন্দৰবৰ্ণ বিশিষ্ট, যাক পোড়ালে আৰু কাটিলে শ্বেতবৰ্ণ হয়, ঘা মাৰিলে নাভাগে, যি ৰূপ চন্দ্ৰৰ নিচিনা স্বচ্ছ, সেই রূপেই সুভ (ভালরূপ)।

অশুদ্ধৰূপ।

 যি ৰূপ কঠিন, কৃত্ৰিম, ৰুক্ষ, ৰক্তবৰ্ণ, পীতবৰ্ণ খাদযুক্ত, লঘু, এবং পোড়ালে কাটিলে বা পিটিলে যি নষ্ট হয়, (ভাগিযায়) সেয়ে দুষ্টৰূপ বুলি প্ৰসিদ্ধ।

ৰূপৰগুণ।

 ৰৌপ্যালঙ্কাৰ অতি মনোহৰ, এবং শৰীৰৰ অতি উপকাৰী। ৰৌপ্য মুদ্ৰাসৰ্ব্ব কালেই প্ৰচলিত, ৰৌপ্য দ্বাৰা সাধিত নহয় এনে একো কাৰ্য্যই নাই, ই সকলো বস্তুৰে মূল্য ৰূপে ব্যবহৃত। এইৰূপ যাৰ নাই যি পৰম দুৰ্ভগিয়া। ৰূপ শীতল, কষায়, অম্ল, পাক আৰু ৰসত স্বাদু, শুক্ৰাদিৰ প্ৰবৰ্ত্তক, বয়ঃসংস্থাপক, স্নিগ্ধ, লেখন, বাত্ঘ্ন, পিত্তনাশক, এবং প্ৰমেহাদি ৰোগৰ অব্যৰ্থ ঔষধ।

ৰূপৰ দোষ।

 অশুদ্ধৰূপ ঘনকৈ বিন্ধিলে শৰীৰক তপত কৰে, শুক্ৰ ক্ষয় কৰে, বলবীৰ্য্য আৰু পুষ্টি নাশ কৰে, উৎকট ৰোগ জন্মায়।

ৰূপকৰণ।

 মধু, ঘৃত, গুড়, তাম্ৰ, স্বৰ্ণমাক্ষিক, আৰু পাৰদ, এই সকল [ ৮৮ ] একত্ৰে থলত পিহি বন ঘুঁটিয়াৰ (গোবৰ খুটীৰ) জুইত দগ্ধ কৰিলে ৰূপ প্ৰস্তুত হয়।

অবধৌতিকমতেৰূপকৰণ।

  ইন্দুৰকাণী পানা, এবং ছট্‌ ফটিকা ঘাঁহ দুইৰো ৰস একত্ৰকৈ ৰাঙ্গত মৰ্দ্দন কৰি অগ্নিত জ্বাল দিলে উত্তম ৰৌগ্য প্ৰস্তুত হয়।

অন্য প্ৰকাৰে ৰূপকৰণ।

  কাষ্টুকী একএনা (ছৰাতি) এবং পাবা এটা একত্ৰকৰি ত্ৰি পত্ৰৰ ৰসেৰে মৰ্দ্দন পূৰ্ব্বক এখনি গোবৰ খুঁটীত গাঁত কৰি তাৰ মাঝত সেই কাষ্টকী সংযুক্ত পাৰদ ৰাখি তাৰ ওপৰত্‌ আৰূ গোবৰ খুঁটী ঢাকনদি জুই দিব, অনুমান ডেৰ ঘণ্টা কালৰ মাঝত সেই ঘুঁটিয়া সকলো পুৰিযাব। তাৰ পাছত যি ঠাইত পাৰা বগা হইছিল সেই ঠাইৰ ভস্ম লই মহীৰ মাঝত দি আউটীলে রূপ প্ৰস্তুত হুব। (কোন অবধুত সন্ন্যাসৰ বাক্য)।

আৰু অন্যপ্ৰকাৰে ৰূপকৰণ।

  পাৰদ এটকা, হাতি শুঁড়াৰ ৰস তিন টকা, ৰাঙ্গ অৰ্দ্ধ টকা, এটী চৰুত থই তাৰ মাঝত হাতি শুঁড়াৰ ৰস দুটকা দি চৰুৰ মুখ উত্তম রূপে বন্ধ কৰিব। পাছত এমোন এসেৰ গোবৰ খুটীৰে জুই দি গজ পুটে পাক কৰিলে পাৰা ভস্ম হুব। তাৰ পাছত এ সেৰ পিত্তল ঝোলকৈ লৈ তাত্‌ এমহা বা সওৱা মহা পূৰ্ব্বোক্ত গজপুটী কৃত পাৰা ভস্ম দিলে উত্তম ৰূপ প্ৰস্তুত হব।

(ফকিৰৰ বাক্য)। [ ৮৯ ]
ৰূপ কৰিবৰ আৰূ উপায়।

  তেলী আকণৰ মূলৰ ৰস ৰাঙ্গত ফুট দিলে ৰূপ হয়। আৰূ তেলী আকণৰ মূলৰ মৃতিকাৰে মহীকৰি তাত্‌ ৰাং আউটীলেও ৰূপ হয়।

পাৰাভস্ম কৰিবৰ উপায়।

  তেলী আকণৰ মূলৰ ৰস পাৰাত ফুট দিলে পাৰা ভস্ম হয়।

তৃতীয় পরিচ্ছেদ।

⸻⸻

তাম্ৰবিৰৰণ।

নাম।

  তাম্ৰ, তাঁবা, তামা, তাম্ৰক, শুল্ক, ম্লেচ্ছমুখ, দ্ব্যষ্ট, বৰিষ্ঠ, উড়ুস্বৰ, দ্বিষ্ঠ, উদম্বৰ, ঔদুম্বৰ, ঔন্দুৰৰ উদুম্বৰ, উন্দুৰৰ ঔডুম্বৰ, তপনেষ্ট, অম্বক অৰবিন্দৰ বলোহ, ৰবিপ্ৰিয়, ৰক্ত, নৈপালিক, ৰক্তধাতু মুনি পিত্তল, অৰ্ক, সূাঙ্গ, লৌহিতয়স, লোহিতার, তাম্। এই বিলাক তামৰ নাম। আৰু অভিধানত্‌ লিখিছে সূৰ্য্যৰ যিবিলাক নাম আছে সেই বিলাকেই তামৰ নামান্তৰ।

তাম্ৰ উৎপত্তি।

  প্ৰাচিন পুৰাণবিদ পণ্ডিত সকলে কয় যে, কাৰ্ত্তিকেয়ৰ শুক্ৰ পৃথিবীত পতিত্‌ হোৱাত তাৰে পৰা তাম্ৰৰ উৎপত্তি হয়। পৰস্তু লৌহ, টেঙ্গা, তুতিয়া, তিনিৰ সংযোগতো তাম জন্মিব

পাৰে। [ ৯০ ]
উৎপত্তিৰ যুক্তি।

  দেৱ শুক্ৰৰ পৰা ধাতুৰ উৎপত্তি! এই কথা লোকে অসম্ভৱ কৰিব পাৰে, কিন্তু সৃষ্টি তত্ত্বজ্ঞ ব্যক্তিৰ পক্ষে ই একো অসম্ভবনীয় নহয়। কেৱল গুণ মাত্ৰৰে পৰা বিশ্বজগতৰ সৃষ্টি, গুণ সকল আকৌ জগততে পৰিব্যাপ্ত হই আছে। কাল কৰ্ম্মাদিৰ সংযোগত তাৰে কোন কোন গুণৰ পৰা দেৱ মনুষ্যাদিৰ উৎপত্তি হয়, অথচ পৰস্পৰৰ সম্বন্ধ অভিন্ন ভাবেই থাকে। অতয়েব দেৱতাক জগতৰ গুণ স্বৰূপ ভাবিলেই তাৰ পৰা আৰু আৰু বিষয় যে স্বভাবতঃ সৃষ্টি হুব পাৰে তাক বুঝিব পাৰি। দেৱতাৰ আকাৰ নামমাত্ৰ।

উত্তম তাম্।

  যি তাম্ জৱা ফুলৰ নিচিনা ৰক্তবৰ্ণ, স্নিগ্ধ, মৃদু, ঘন ক্ষম, আৰু যাত লো-বা সীহ মিশ্ৰিত নাই সেয়ে মাৰনৰ নিমিত্তে প্ৰশস্ত।

অধম তাম্।

  যি তাম্‌ কৃষ্ণবৰ্ণ, ৰুক্ষ, অতিশয় স্তব্ধ, শ্বেতবৰ্ণ, আৰু যাক পিটিলে নষ্ট হয়, এবং যাত লৌহ বা নাগ মিশ্ৰিত থাকে সেই তাম্ৰ দুষ্ট বুলি প্ৰসিদ্ধ।

তামৰ দোষগুণ।

  তাম্ৰ কষায়, তিক্ত, মধুৰ, অন্ন, পাকত কটু, সাৰক, পিত্ত নাশক, শ্লেষ্মষ্ম, শীতল, ব্ৰণৰ ৰোপণকাৰী, আৰু লেখক, লঘু। পাণ্ডু, উদৰ, অৰ্শ, জ্বৰ, কুষ্ঠ, কাস, শ্বাস, ক্ষয়, পিনস, অম্লপিত্ত, শোথ, কৃমি এবং শূল ৰোগৰ শান্তিকাৰক। কোনো কোনোৰ [ ৯১ ] মতে তাম্ৰ অল্পবৃংহণ। বিষাক্ত তামৰ একমাত্ৰ দোষ, কিন্তু তাম্ৰ সম্যক ৰূপে মাৰিত নহলে অষ্টপ্ৰকাৰ দোষ জন্মে যথা দাহ, স্বেদ, অৰুচি, মূৰ্চ্ছা, ক্লেদ, বিৱেক, বমি আৰু ভ্ৰম।

তামৰ আৰুগুণ।

 তাম বড় প্ৰয়োজনীয় বস্তু। বৰ্ত্তমান কালত তাম মুদ্ৰা রূপে প্ৰচলিত আছে। তামৰ পাত্ৰদেৱ পিতৃ কাৰ্য্যৰ উপযোগী, কিন্তু সি শূদ্ৰ জাতিৰ ব্যৱহাৰীয় নহয়। তামৰে পৰা অন্য ধাতুৰ সংযোগত কাঁহ পিত্তলাদিৰ উৎপন্ন হয়। তামদানৰ বড় উপযোগী, ৰবি গ্ৰহৰ অতি প্ৰিয়বস্তু।


⸻⸻

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )