পৃষ্ঠা:ৰত্নমণি.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
সপ্তম অধ্যায়।

মিহলি সোণ পোড়াই পানিতে নেপেলালে বিবৰ্ণ হয়, পিটিলেও ভাগে, আৰু মটহা কঠিন হয়। শুদ্ধ ৰূপৰ মিহলিত সোণ পৰি- মাণে বগা হয়, কিন্তু মটহা বড নহয়, এক প্ৰকাৰ সাধাৰণ ৰূপৰ সমানেই থাকে, পোডালে বিবৰ্ণ নহয় পিটিলে নাভাগে। তাম মিহলি সোণ মটহা হয়, পোড়াই পানিত নেপেলালে বিবৰ্ণ হয়, পৰিস্কাৰ কৰিলে উজ্জ্বল ৰংৰঙিয়া হয়, পিটিলে ভাগে। পিতলুৱা সোণৰো প্ৰায় সেই লক্ষণ, কিন্তু ৰঙানা হয়। আজি কালিৰ বিদেশী অলঙ্কাৰ বিলাক প্ৰায় তমুৱা সোণেৰে নিৰ্ম্মিত হোৱা দেখা যায়, কিন্তু তাক অলঙ্কাৰ ভাঙ্গি বিক্ৰী কৰিবলৈ গলে বা পোড়াই পৰীক্ষা কৰিবলৈ গলে সি সোণৰ আদৰ পোৱাৰ সম্ভব নাই, অৰ্থাৎ সাধাৰণৰ আগত সি সোণৰ চিনা কি দিয়া কঠিন হুব। যেই সেই কাৰিকৰে ইয়াৰ দ্বাৰা অৰু হঠাৎ অন্য অলঙ্কাৰাদি নিম্মাণ কৰিব পাৰিব বুলিও সন্দেহ।

শুদ্ধ সোণৰ গুণ।

 সুবৰ্ণ শীতল, বষ্য, বলকাৰক, গুৰু, ৰসায়ন, স্বাদু, তিক্ত, কষায়, পাকে স্বাদ পিচ্ছিল, পবিত্ৰ, বৃংহন, চক্ষুৰ হীতকৰ, মেধা, স্মৃতি অৰু বুদ্ধৰ প্ৰসতা জনক, হৃদ্য, আয়ুষ্কৰ, কান্তি- জনক, বাক্য শুদ্ধ বাৰক, স্থিৰতা জনক এবং বিষ শোথ, ক্ষয়, উন্মাদ, বাতাদি দে ষ, জ্বৰ আৰু শেষৰ শান্তি কাৰক।

পাত সোণ এবং তাৰ দোষ গুণ।

পূৰ্ব্ব কালত পাত সোণৰ ব্যবহাৰ থকাৰ বিবৰণ বিশেষ ৰূপে একো পে ৱা না যায়, কিন্তু অলঙ্কাৰ ইত্যাদি বাখৰ (পান্নাদি) লগা ৰ (ৰচিত কৰিাৰ বা জৰিবৰ) নিমিত্তে কুন্দন