সমললৈ যাওক

পৃষ্ঠা:ৰত্নমণি.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
ৰত্নমণি।

নামে, এবং ঔষধৰ নিমিত্তে তবক নামে, পাত কৰিবৰ আৰু ৰৌপ্যাদিৰ পাত্ৰত মলমা (গিল্টি) কৰিবৰ নিমিত্তে সোণ পিটি পাত কৰি লবৰ ব্যৱহাৰ আছিল, এই বিলাক পাত অতি উত্তম সোণৰহে হইছিল, বৰ্ত্তমান কালত ব্যৱহাৰ হোৱা উত্তম পাত বিলাকে সেই বিলাক পাতৰে কাৰ্য্য কৰিছে, এতে কে এই পাত সোণৰ উত্তমবিধক উত্তম সোণ বুলি স্বীকাৰ কৰিব পাৰি।

শুদ্ধ সোণৰ বিশেষ গুণ।

 সোণ বড় পবিত্ৰ বস্তু! ইয়াক সেৱন কৰা সৰ্ব্বতো ভাৱে উচিত। ই শৰীৰত থাকিলে, ইয়াৰ পানি শৰীৰত প্ৰবেশ কৰিলে, দেহ নিৰ্ম্মল হয়। গ্ৰহাদি দৈৱ দোষ বিলা- কৰো শাস্তি হয়। দেশত এই প্ৰবাদ আছে; ধানে ধন, কিছু ধন সোণা। ঘাই ধন সোণ; যাৰ ঘৰত সোণ থাকে তালৈ দঁতাল হাতিও পোন। শাস্ত্ৰে সুবৰ্ণক অগ্ন্যাদি সৰ্ব্ব দেবাত্নক বুলিকৈছে। মুকুটাদি সুবৰ্ণ ভূষণ বিলাক দেৱতা সকলৰ অতিশয় প্ৰিতিকৰ, বিশেষকৈ বৃহস্পতি গ্ৰহৰ অতি সন্তোষ সাধক। পূৰ্ব্বেই কোৱা হইছে; শৰীৰৰ লগত জগত এবং গ্ৰহোপগ্ৰহাদিৰ বিশেষ সম্পৰ্ক আছে, সুতৰাং সুবৰ্ণৰ ধাৰণ সেৱনাদিত যে গ্ৰহ দোষাদি নষ্ট হুব তাত সংশয় কি? জগতৰ সকলো ঠাইতে গুণেগুণ দোষে দোষ আকৰ্ষণ কৰি থাকে, অৰ্থাৎ জগতৰ যাবতীয় বিষয় বিলাকৰ ভিতৰত যি যাৰ মিত্ৰ স্বভাৱতে সি-তাক প্ৰাপ্ত হয়। সেই দৰে স্বৰ্ণ বিভূষিত লোকৰ ওচৰলৈকো তৎমিত্ৰ স্বৰূপ জগত আন আন সুত