পৃষ্ঠা:ৰত্নমণি.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
তৃতীয় অধ্যায়।

কৰিব নোৱাৰে। গধুৰেই সকলো প্ৰকাৰ ৰত্নৰ গৌৰৱৰ কাৰণ, কিন্তু হীৰাৰ সম্বন্ধে সি বিপৰীত। অন্যান্য ৰত্ন যিমান গধুৰ হয় সিমান তাৰ গৌৰব বাঢ়ে; কিন্তু হীৰা যিমান লঘু হয় সিমান তাৰ প্ৰধান্যতা বৃদ্ধি পায়। পদ্মৰাগ আৰু হীৰা এই দুইয়ে অন্যান্য সকলো মণি কাটিব পাৰে, কিন্তু হীৰাক হীৰা ভিন্ন আন একোৱে কাটিব নোৱাৰে।হীৰক বা মণি মুক্তা প্ৰভৃতি যত প্ৰকাৰ ৰত্ন জাতি আছে তাৰ মাঝত প্ৰতিবদ্ধ কোন ৰত্নৰে কিৰণ উৰ্দ্ধগনত হয়। যদি কোন হীৰা বক্ৰভাৱে ভাগে বা বক্ৰাকাৰ ৰেখা তাৎ থাকে তেন্তে তাৰ পাৰ্শ্বভাগ (দাঁতি ফাল) দীপ্তি হয়।

হীৰা ভস্ম, আৰু তাৰ গুণ।

  বৈদ্য শাস্ত্ৰোক্ত নিয়মেৰে মারণ ক্ৰিয়া দ্বাৰা হীৰা ভস্ম হয়। অসংশোধিত হীৰায় কুষ্ট, পাৰ্শ্ব ব্যথা, পাণ্ডুতা, আরু পঙ্গুত্ব জন্মায়, এই কাৰণে অসংশোধিত্‌, হীৰা বৰ্জণীয়। সংশোধিত হীৰাক সেবন কৰিলে আয়ু, পুষ্টি, বল, বীৰ্য্য, বৰ্ণ আৰু সৌখ্য বৰ্দ্ধিত হয়, এবং সকল প্ৰকাৰ ৰোগ প্ৰশমিত হয়।

 
⸻⸻