পৃষ্ঠা:ৰত্নমণি.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
সপ্তম অধ্যায়।

তাম্ আউটী তাতে এটী পোকৰ ৰস দিলে সুবৰ্ণ হুব! এই কাৰ্য্য বড় সাবধানে কৰিব লাগে যেন ধৰিবৰ সময়ত সেই পোক হাতত না লাগে। ই কোন পৰম হংশ যোগীৰ বাক্য।

তাম্ আউটীৰ উপায়।

 তাম জাৰিত কৰি ভস্মকৈ লব। তাৰ পাছত মাটীত চাৰি হাত দ এটা গাঁত কৰি বিৰজা অৰ্থাৎ কপিত্থান বৃক্ষৰ আঙ্গাৰেৰ সেই গাঁতৰ আদ্‌খিনি পূৰ্ণ কৰি তাতে জুই দিব। সাত দিন লৈকে জ্বাল দি পাছত তুলিলৈ লোৰ পাত্ৰত দি বি- ৰজা আঙ্গাৰেৰে আকৌ অগ্নিত জ্বাল দিব, তাতে তাম্ আওট খাব ( গলি যাব)।

জপ পূজাদিৰ আবশ্যকতা।

 সোণ কৰা বিষয়ৰ বিবিধ্‌ কাৰ্য্যত তন্ত্ৰাদি শাস্ত্ৰে জপ পূজা- দিৰ যি বিধান দিছে তাৰ অভিপ্ৰায় এইৰূপ বোধ হয় যে, চিন্তিত বিষয়ত পৰিমিত কাল পৰ্য্যন্ত দৃঢ়ৰুপে চিত্ত নিমগ্ন ৰাখিবৰ নিমিত্তেই জপাদি অবলম্বনৰ আবশ্যক। কাৰণ এই যে, যি যাক ধীয়াই সি তাক পাই। যি বিষয়ত যাৰ ধী ধীয়নী নাই, সি তাক পোৱাটান। চিত্তৰ ভিতৰত ৰসায়ন আছে, সেই চিত্তক মানুহে দৃঢ়ৰূপে কাৰ্য্যত নিযুক্ত কৰিলে চিত্তস্থ ৰসায়নৰ দ্বাৰা প্ৰবৃত্ত কাৰ্য্য সফল হয়। মত্ৰৰ সংখ্যা কাল নিৰূপক (ঘটিকা) যন্ত্ৰ স্বৰূপ, “মন্ত্ৰ” মনৰ তৰণোপায়, অৰ্থাৎ চিন্তিত বিষয়ত দৃঢ়ৰূপে নিযুক্ত থাকিবৰ নিমিত্তে মন্ত্ৰয়ে মনৰ একান্ত আশ্ৰয়। “মন্ত্ৰাক্ষৰ” সেই আশ্ৰয় ৰূপ বৃক্ষৰে ৰসযুক্ত বীজ স্বৰূপ। “মন্ত্ৰৰ দেৱতা ( আশ্ৰয় বৃক্ষাত্মা)” জগদীশ্বৰৰ বিশ্ব–