বিশেষ অপকাৰি মুক্তা।
মুক্তাৰ মহাদোষ চাইটা, মধ্যম দোষ ছ-টা, প্ৰাকৃতিক দোষ দহোটা, যি মুক্তাৰ গাত শুক্তি খণ্ড লগা থাকে সি কুষ্ঠ জন্মায়। ঘি মুক্তাক্ মাচৰ চকুৰ নিচিনা দেখি সি পুত্ৰ নাশ কৰে, দীপ্তি হীন আৰু ছায়া ভিতৰ সোমোৱা মুক্তায় মৰণ জন্মায় সংশয় নাই। পোৱালৰ নিচিনা অতিশয় ৰঙ্গা বৰণিয়া মুক্তাই দৰিদ্ৰ কৰাই, এই মুক্তা সদায় পৰিবৰ্জনীয়। যি মুক্তা ওপৰাওপৰিকৈ থাকে তাৰ নাম “ত্ৰিবৃত্ত” ই সৌভাগ্য ক্ষয় কৰে। যি মুক্তা অবৃত্ত (ঘুৰণিয়া নহয়) তাক “চিপিট” বলে, ইয়াক যি ধাৰণ কৰে তাৰ সদায় অকীৰ্ত্তি হয়। তিনি চকুৱা মুক্তাক “ত্ৰ্যস্ৰম” বোলে, ই প্ৰজ্ঞা নষ্ট কাৰি। একো নভগা মুক্তাৰ নাম “কৃশপাৰ্শ” ই-নিন্দনীয়, ইয়াৰ ধাৰণত লোকৰ নিৰুদ্যোগিতা জন্মে। পীড়া যুক্ত (ঘুণিয়া) অবৃত্ত (অঘুৰণিয়া, টেৰা, বেঁকা) মুক্তায় সৰ্ব্ব সম্পত্তি হৰণ কৰে।
ছায়া আৰু ছায়াগুণ।
সকলো মুক্তাৰে পীতা, মধুৰা, সীতা, নীলা, চাৰিবিধ গুণ আছে। পীতা-লক্ষ্মীপ্ৰদা, মধুৰা-বুদ্ধি বৰ্দ্ধিনী, শুক্লা (সীতা) যশঙ্কৰী নীলাকে কৃষ্ণাও বোলে।
ছায়াৰ জাতি আৰু তাৰ গুণ।
মুক্তাৰ পীতা ছায়া-ব্ৰাহ্মণ, মধুৰা-ক্ষত্ৰিয়, সীতা-বৈশ্য, নীলা- শূদ্ৰ। ব্ৰাহ্মণ-লক্ষ্মীদাতা, ক্ষত্ৰিয়-বুদ্ধি বৰ্দ্ধক, বৈশ্য-যশস্কৰী, শুদ্ৰ-সৌভাগ্য দায়ি।