পৃষ্ঠা:ৰত্নমণি.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অধ্যায়।

বাঁহ বৃক্ষাদিতো কোন কোন ৰত্নৰ জন্ম হয়, যিহেতুক প্ৰাণী বিলাকৰ অস্থি এবং বাঁহ বৃক্ষাদি মাত্ৰেই পৰ্ব্বতৰ অংশ, আরু শীৰ (ধমনী) বিলাকেই নদী বা শমুদ্ৰৰ অংশ। সুতৰাং জল, বায়ু, দেশ, কাল, ইত্যাদিৰ সংযোগত কোন কোন প্ৰাণী দেহ এবং বাঁহ বৃক্ষাদিত ৰত্ন মণি উৎপন্ন হোৱা একো আশ্চৰ্য্যৰ বিষয় নহয়। পৰন্তু দেশ, কাল, কৰ্ম্মাদিৰ যোগ বিয়োগেই জগতৰ বিবিধ বিষয় সৃষ্টি স্থিতি লয়ৰ কাৰণ; সুতৰাং তদ্ৰূপ কোন সুভ যোগত বলো অসুৰৰ শৰীৰৰ ৰত্ন বীজ হোৱা একো অসম্ভবনীয় ন হয়। কোনো কোনোৱে বজ্ৰ হীৰাক দধিচি মুনিৰ অস্থি বুলিও কয়।

ৰত্নবীজ সম্বন্ধে আরু যুক্তি।

  প্ৰশ্ন হব পাৰে যে, অসুৰৰ বা মুনিৰ সাধাৰণ পাঞ্চভৌতিক দেহ অবশ্য পঞ্চ ভূতত লয় পালে, আকৌ কাল কৰ্ম্মে তাক কেনেকৈ ৰত্নবীজ কৰিব পাৰে? তাৰ সাধাৰণ উত্তৰ এই; জগত পৰমানুময়, পৰমানু বিলাকেই জগতৰ ঘাই বস্তু, এই পৰমানুৰে পৰিমিত মাত্ৰা কৰ্ম্ম সূত্ৰে গাঁথি একত্ৰ কৰিলে কালে একুটী পদাৰ্থ হই উঠে। পৰমানুৰ জাতি কি জড় চৈতন্যতা নাই; কেবল কৰ্মক আশ্ৰয় কৰিহে সিহঁতে জাতি ইত্যাদি লাভ কৰে। সেই কৰ্ম্মসূত্ৰ চিগি গলেই অন্য কৰ্ম্মৰ আশ্ৰয় লাভত রূপান্তৰ প্ৰাপ্ত হয়। দেখা; গো মেধাদি জন্তু বিশেষৰ মূত্ৰ জল পানিত পৰিলে পানিয়েই হয়, কিন্তু মাটিত পৰিলে তাৰ পৰা চমৎকাৰ গুণ বিশিষ্ট জৱক্ষাৰ উৎপন্ন হয়, বৃষ্টিৰ জল স্থান বিশেষত পৰি কাঠ ফুলা হুই জন্মে। এই