পৃষ্ঠা:ৰত্নমণি.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
ৰত্নমণি।

পিতৃ তৰ্পণ, অতিথি সেৱা আৰু গুৰু পূজা কৰি নিৰ্দ্দোশ, গুণ সম্পন্ন মণি সুবৰ্ণে সইতে ধাৰণ কৰিব। এই মণি ধাৰণ কৰিলে বিষ পীড়াদি উপদ্ৰৱ নিবাৰণ হুই যায় আৰু সংগ্ৰামত জয় লাভ হয়। যেনে দৰে পৰিমাণ বিশিষ্ট পদ্মৰাগৰ যি মান মূল্য হয়, সেই দৰে পৰিমিত সগুণ মৰকত মণিৰ তাত্‌কৈ অধিক মূল্য হই থাকে। এবং পদ্ম ৰাগৰ দোষানুসাৰে যেনেকৈ মূল্যৰ হানি হয়, সদোষ মৰকত মণিৰ মূল্য তাত্‌কৈ অধিক পৰিমাণে ন্যূন হই থাকে।

বিবিধ ইন্দ্ৰনীল আৰু তাৰ বিজাতীয় মণি।

  যেতিয়া সিংহল কামিনী বিলাকে আপোন হাতে লৱলী বৃক্ষৰ ফুল পাত চিঙ্গিছিল, সেই সময়তে সিহঁতৰ আগত প্ৰফুল্ল কমলকান্তি বিশিষ্ট বলো অসুৰৰ নয়নযুগল সমুদ্ৰৰ তীৰ ভূমিত পতিত হইছিল, ৰঙ্গ মালাৰ বিশদ প্ৰভাৰে সুশোভিত সাগৰ তট অসুৰৰ নেত্ৰ পড়ি ইন্দ্ৰনীল মণিৰ আকৰ হই সমধিক সমূজ্বল হল। সেই ঠাইত নীল পদ্ম, ভৃঙ্গ, হৰকণ্ঠ, আৰু অপৰাজিতা ফুলৰ নিচিন কান্তিযুক্ত ইন্দ্ৰনীল মণি সমুৎপন্ন হল। তাত্‌ অনেক প্ৰকাৰ ইন্দ্ৰনীল মণি জম্মিল, সেই বিলাকৰ মাঝত অনেক খিনি জল নিধিৰ জল প্ৰতিম, কেত বিলাক ময়ূৰ কণ্ঠ- বৎ প্ৰভা সম্পন্ন, অপৰ কেত খিনি নীলি ৰসৰ যুদ্বুদৰ সমান কান্তিযুক্ত, আনকেতবিলাক প্ৰমত্ত কোকিল কণ্ঠৰ তুল্য ছবি সমন্বিত। যি সকল ইন্দ্ৰনীল মণি উৎপন্ন হইছিল তাঁহাতৰ সকলোৱেই বিশিষ্টবৰ্ণ আৰু সোভা সম্পন্ন, সমানাকাৰ আৰু মহাগুণশালী। যি সকল ইন্দ্ৰনীল মণি মৃত্তিকা আৰু পাষাণ-