পৃষ্ঠা:ৰত্নমণি.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
সপ্তম অধ্যায়।

শুদ্ধৰূপ্‌।

 যি ৰূপ চন্দ্ৰকান্তিৰ ন্যায় শ্বেতবৰ্ণ, শুভদ, স্নিগ্ধ, গুৰু (গধুৰ), মৃদু, সুন্দৰবৰ্ণ বিশিষ্ট, যাক পোড়ালে আৰু কাটিলে শ্বেতবৰ্ণ হয়, ঘা মাৰিলে নাভাগে, যি ৰূপ চন্দ্ৰৰ নিচিনা স্বচ্ছ, সেই রূপেই সুভ (ভালরূপ)।

অশুদ্ধৰূপ।

 যি ৰূপ কঠিন, কৃত্ৰিম, ৰুক্ষ, ৰক্তবৰ্ণ, পীতবৰ্ণ খাদযুক্ত, লঘু, এবং পোড়ালে কাটিলে বা পিটিলে যি নষ্ট হয়, (ভাগিযায়) সেয়ে দুষ্টৰূপ বুলি প্ৰসিদ্ধ।

ৰূপৰগুণ।

 ৰৌপ্যালঙ্কাৰ অতি মনোহৰ, এবং শৰীৰৰ অতি উপকাৰী। ৰৌপ্য মুদ্ৰাসৰ্ব্ব কালেই প্ৰচলিত, ৰৌপ্য দ্বাৰা সাধিত নহয় এনে একো কাৰ্য্যই নাই, ই সকলো বস্তুৰে মূল্য ৰূপে ব্যবহৃত। এইৰূপ যাৰ নাই যি পৰম দুৰ্ভগিয়া। ৰূপ শীতল, কষায়, অম্ল, পাক আৰু ৰসত স্বাদু, শুক্ৰাদিৰ প্ৰবৰ্ত্তক, বয়ঃসংস্থাপক, স্নিগ্ধ, লেখন, বাত্ঘ্ন, পিত্তনাশক, এবং প্ৰমেহাদি ৰোগৰ অব্যৰ্থ ঔষধ।

ৰূপৰ দোষ।

 অশুদ্ধৰূপ ঘনকৈ বিন্ধিলে শৰীৰক তপত কৰে, শুক্ৰ ক্ষয় কৰে, বলবীৰ্য্য আৰু পুষ্টি নাশ কৰে, উৎকট ৰোগ জন্মায়।

ৰূপকৰণ।

 মধু, ঘৃত, গুড়, তাম্ৰ, স্বৰ্ণমাক্ষিক, আৰু পাৰদ, এই সকল