পৃষ্ঠা:ৰত্নমণি.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
চতুৰ্থ অধ্যায়।

হয়, কিন্তু স্ফটিক মণিৰ নিচিনা ন হয়। ৰাৱন গঙ্গাত যি বিলাক কুৰু বিন্দাথ্য মণি উৎপন্ন হয় সেই বিলাকে পদ্মৰাগৰ নিচিনা উজ্জ্বলতা ধাৰণ কৰে। অন্ধ্ৰ দেশত যি বিলাক মণি উৎপন্ন হয় সেই বিলাকৰ মাঝত বৰ্ণ অনুসাৰে কোন কোন মণিৰ কিঞ্চিৎমাত্ৰও মূল্য ন হয়। তুম্বুৰু দেশত যি বিলাক স্ফটিক মণি উৎপন্ন হয় সেই বিলাক প্ৰায় স্ফটিক ধৰ্ম্মাক্ৰান্ত হই থাকে। সেই সকল মণি অতি অল্প মূল্য হয়। বৰ্ণাধিক্য, গুৰুত্ব, স্নিগ্ধতা, সমবৰ্ত্তুলতা, নিৰ্ম্মলতা, তেজস্বিতা, আৰু মহত্ততা এই সকলেই মণিৰ গুণ। যি সকল মণিত উক্ত গুণ ৰাশি বিদ্যমান থাকে সেয়ে লোক সমাজৰ আদৰণীয় হয়। এক জাতীয় মণি সমান গুণসম্পন্ন হলেও যদি সচ্ছিদ্ৰ উজ্জ্বলতা বিহীন মসৃনতা শূন্য আৰু বিবৰ্ণ হয় তেন্তে সেই মণি প্ৰশস্ত ন হয়। যদি কোন ব্যক্তিয়ে অজ্ঞানতা বশতঃ দোষযুক্ত মণি ধাৰণ কৰে তেন্তে তাৰ শোক, চিত্তচাঞ্চল্য, ৰোগ, মৃত্যু, বিত্তনাশ, প্ৰভৃতি বিপদ ঘটি থাকে। মণি জাতি দশবিধ; তাৰ মাঝত পাঁচ জাতি উৎকৃষ্ট, আৰু পাঁচ জাতি নিকৃষ্ট। মণি শাস্ত্ৰ কুশল পণ্ডিত সকলে তাক পৰীক্ষা কৰি লব। কলসপুৰ, সিংহল, মৰুদেশজাত, যুক্ত পাণীয় আৰু শ্ৰীপূৰ্ণক, এই পাঁচবিধ পদ্মৰাগ বিজাতীয়। কলস পুৰোদ্ভৱ মণি তুষোপ সৰ্গেৰে, তুম্বুৰু দেশজাত পদ্মৰাগ ঈষত তাম্ৰবৰ্ণ প্ৰভাৰে, সিংহল দেশজাত মণি কৃষ্ণবৰ্ণতাৰে, মুক্তাভিধান পদ্মৰাগ নভঃ স্বভাৱেৰে, আৰু শ্ৰীপূৰ্ণক পদ্মৰাগ দীপ্তি হীনতাৰে উক্ত পাঁচবিধ পদ্মৰাগ বিজাতীয় ভাব প্ৰাপ্ত হই থাকে। যি পদ্মৰাগ পদ্মৰ লগত থাকিলে তাম্ৰবৰ্ণ হয়, সেই পদ্ম ৰাগ পূৰ্ণ মধ্য। যি মণিক