একত্ৰে থলত পিহি বন ঘুঁটিয়াৰ (গোবৰ খুটীৰ) জুইত দগ্ধ কৰিলে ৰূপ প্ৰস্তুত হয়।
ইন্দুৰকাণী পানা, এবং ছট্ ফটিকা ঘাঁহ দুইৰো ৰস একত্ৰকৈ ৰাঙ্গত মৰ্দ্দন কৰি অগ্নিত জ্বাল দিলে উত্তম ৰৌগ্য প্ৰস্তুত হয়।
কাষ্টুকী একএনা (ছৰাতি) এবং পাবা এটা একত্ৰকৰি ত্ৰি পত্ৰৰ ৰসেৰে মৰ্দ্দন পূৰ্ব্বক এখনি গোবৰ খুঁটীত গাঁত কৰি তাৰ মাঝত সেই কাষ্টকী সংযুক্ত পাৰদ ৰাখি তাৰ ওপৰত্ আৰূ গোবৰ খুঁটী ঢাকনদি জুই দিব, অনুমান ডেৰ ঘণ্টা কালৰ মাঝত সেই ঘুঁটিয়া সকলো পুৰিযাব। তাৰ পাছত যি ঠাইত পাৰা বগা হইছিল সেই ঠাইৰ ভস্ম লই মহীৰ মাঝত দি আউটীলে রূপ প্ৰস্তুত হুব। (কোন অবধুত সন্ন্যাসৰ বাক্য)।
পাৰদ এটকা, হাতি শুঁড়াৰ ৰস তিন টকা, ৰাঙ্গ অৰ্দ্ধ টকা, এটী চৰুত থই তাৰ মাঝত হাতি শুঁড়াৰ ৰস দুটকা দি চৰুৰ মুখ উত্তম রূপে বন্ধ কৰিব। পাছত এমোন এসেৰ গোবৰ খুটীৰে জুই দি গজ পুটে পাক কৰিলে পাৰা ভস্ম হুব। তাৰ পাছত এ সেৰ পিত্তল ঝোলকৈ লৈ তাত্ এমহা বা সওৱা মহা পূৰ্ব্বোক্ত গজপুটী কৃত পাৰা ভস্ম দিলে উত্তম ৰূপ প্ৰস্তুত হব। (ফকিৰৰ বাক্য)।