পৃষ্ঠা:ৰত্নমণি.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
ৰত্নমণি।
শ্ৰেষ্ঠ মুক্তা।

 সকলো মুক্তাৰ ভিতৰত শুক্তিজাত মুক্তায়ে প্ৰধান এই মুক্তাক বিন্ধিব পাৰি, আন মুক্তাক বিন্ধিবলৈ টান।

প্ৰশস্ত মুক্তা।

 বংশ (বাহ) হস্তী, শঙ্খ, বৰাহজাত মুক্তা বড়কৈ নজলে, তথাপি মঙ্গল কাৰ্য্যত এই বিলাক মুক্তায়ে প্ৰশস্ত।

নিকৃষ্ট মুক্তা।

 নিৰ্দিষ্ট অষ্ট বিধ মুক্তাৰ ভিতৰত গজ, শঙ্খ, প্ৰভাৱ মুক্তায়ে নিবৃষ্ট।

গুণ।

 মুক্তাৰ গুণ স্থূলতঃ মধুৰ, সুশীতল, দৃষ্টিৰোগোপসামক, বিষাপহাৰক, ৰাজ যক্ষ্মা কোপ নাশক, ক্ষণ বল বীৰ্য্য বৰ্দ্ধক।

সেৱনগুণ।

 মুক্তাৰ সেৱনত্ সাৰকত্ব, শীতত্ব, কষায়ত্ব, লেখনত্ব, চক্ষুষত্ব জন্মে।

ধাৰণগুণ।

 মুক্তাৰ ধাৰণত্, পাপালক্ষ্মী বিনাশ হয়, বৃষত্ব জন্মে, বলৰ পুষ্টি বৰ্দ্ধন হয়।

দোষিমুক্তা।

 যদি মুক্তা-ছায়া ৰহিত, বেঁকা, শুক্তি স্পৰ্শ, অতিশয় ৰঙ্গা, অনম্ৰ, ৰুক্ষ, থাকে তাক ধীমান ব্যক্তিয়ে ধাৰণ নকৰিব। ই দোষি মুক্তা।