পৃষ্ঠা:ৰত্নমণি.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ৰত্ন মণি।
⸻⸻
প্ৰথম অধ্যায়।
⸻⸻
সাধাৰণ ব্যাখ্যা।

ৰত্ন কি?

  ৰম্‌ অৰ্থাৎ ৰমন ধাতুৰ পৰা ৰত্ন নামৰ উৎপত্তি। ধনাৰ্থী মানুহ বিলাকে যি বস্তুত্‌ অতিশয় মন অৰ্থাৎ আহ্লাদ প্ৰকাশ কৰে শব্দ শাস্ত্ৰ বিশাৰদ পণ্ডিত সকলে তাকে ৰত্ন বোলে।

মণি কি?

  মণি-ৰত্নৰে কোন কোন বিধ্‌। মন্‌-ই এই ধাতুৰ পৰা উক্ত নামৰ উৎপত্তি। অনেক স্থলত ৰত্ন মণিৰ অভেদ সংজ্ঞা; অৰ্থাৎ ৰত্নে মণি, — মণিয়ে ৰত্ন। কিন্তু স্থল বিশেষে ৰত্নৰ শ্ৰেষ্ঠ অংশকেই মণি বোলা যায়। যথা, — প্ৰাকৃতিক ভাষাত চক্ষুক ৰতন্ বোলে, আৰু তাৰ প্ৰধানাংশ (তৰাৰ মাঝত থকা ঘুৰনিয়া গুটী) যি-টী তাক মণি বোলে। এই দৰে অনেক বস্তুৰ সাৰাংশয়ে প্ৰায় মণি নামে অভিহিত। বস্তুতঃ মণি শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ বস্তু।