পৃষ্ঠা:ৰত্নমণি.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
চতুৰ্থ অধ্যায়।

যুক্ত, শিৰাল, সৰন্ধ্ৰ, কৰ্কৰান্বিত, আৰু মেঘ মালাৰ ন্যায় প্ৰভা বিশিষ্ট, সেই সকল মণি দুষিত। সেই ঠাইত অনেক ইন্দ্ৰনীল মণি উৎপন্ন হুবলৈ ধৰিলে, মণি শাস্ত্ৰ কুশল পণ্ডিত সকলে কোৱা সকল মণিৰে ভূয়সী প্ৰশংসা কৰি থাকে। পদ্মৰাগ মণি ধাৰণ কৰাত যি সকল গুণ কীৰ্তিত আছে ইন্দ্ৰনীল মণি ধাৰণতে। সেই সকল গুণ হই থাকে। যেনেকৈ পদ্মৰাগ মণিৰ তৃবিধ জাতি আছে, সেইদৰে ইন্দ্ৰনীল মণিতো অনেক জাতি অনুমিত হুব। যি যি উপায়েৰে পৰাগ মণিৰ পৰীক্ষা হুই থাকে সেই সেই উপায়েৰেই ইন্দ্ৰনীল মণিৰৰ পৰীক্ষা কৰিব। পদ্মৰাগৰ উপযোগত যেনেকৈ অগ্নি আক্ৰান্ত হয় ইন্দ্ৰনীল মণিৰ সহযোগত তাত্‌কৈও অধিক অগ্নি আক্ৰান্ত হই থাকে। তথাপি মণি আৰু ৰত্নৰ পৰীক্ষা কৰনাৰ্থ অথবা গুণ সম্বৰ্দ্ধনাৰ্থ কেতিয়াও কোন মণি জুইত নেপেলাব। কোনোৱে অজ্ঞান বশতঃ মণিক জুইৰ মাঝত পেলাইদিলে মণি স্বামীৰ অনৰ্থ সংঘটন হয়, এবং যি ব্যক্তি এই ক্ৰিয়াৰ প্ৰয়োজক তাৰো অমঙ্গল হই থাকে। কাচ, উৎপল, কৰণীৰ, স্ফটিক বৈদুৰ্য্য এই সকল অনেক অংশে ইন্দ্ৰনীল মণিৰ শদৃশ হলেও মণিশাস্ত্ৰবিৎ পণ্ডিতগণে তাঁহাতক ৰত্নৰ বিজাতীয় বুলিকৈ থাকে। পূৰ্ব্বোক্ত মণি সকলৰ গুৰুত্ব আৰু কাঠিন্য অবশ্য পৰীক্ষা কৰিব। সকল প্ৰকাৰ মণি কাচতকৈ অধিক গৌৰবান্বিত। যেনেকৈ কোন ইন্দ্ৰনীল মণি ঈষত্তাম্ৰ বৰ্ণ হলে তাক যত্নকৈ ৰাখিব লাগে, সেই দৰে তাম বৰণীয়া কৰবীৰ আৰু উৎপলকো আদৰ কৰি ৰাখিব। যি ইন্দ্ৰনীল মণিৰ মাকত আয়ুধাকাৰ নীলবৰ্ণ ৰেখা দৃষ্ট হয়, সেই ইন্দ্ৰনীলমণি মহামূল্য আৰু পৃথিবীত অতি