সমললৈ যাওক

পৃষ্ঠা:ৰত্নমণি.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
সপ্তম অধ্যায়।

মতে তাম্ৰ অল্পবৃংহণ। বিষাক্ত তামৰ একমাত্ৰ দোষ, কিন্তু তাম্ৰ সম্যক ৰূপে মাৰিত নহলে অষ্টপ্ৰকাৰ দোষ জন্মে যথা দাহ, স্বেদ, অৰুচি, মূৰ্চ্ছা, ক্লেদ, বিৱেক, বমি আৰু ভ্ৰম।

তামৰ আৰুগুণ।

 তাম বড় প্ৰয়োজনীয় বস্তু। বৰ্ত্তমান কালত তাম মুদ্ৰা রূপে প্ৰচলিত আছে। তামৰ পাত্ৰদেৱ পিতৃ কাৰ্য্যৰ উপযোগী, কিন্তু সি শূদ্ৰ জাতিৰ ব্যৱহাৰীয় নহয়। তামৰে পৰা অন্য ধাতুৰ সংযোগত কাঁহ পিত্তলাদিৰ উৎপন্ন হয়। তামদানৰ বড় উপযোগী, ৰবি গ্ৰহৰ অতি প্ৰিয়বস্তু।


⸻⸻