পৃষ্ঠা:ৰত্নমণি.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
ৰত্ন মণি।

সৌগন্ধিক, কুৰুবিন্দ, স্ফটিক প্ৰভৃতি মহাগুণ সম্পন্ন ৰত্ন বিলাক সমুৎপন্ন হল, আৰু সেই সেই ৰত্নৰ সুচাৰু প্ৰভাৱে নদীৰ কাখ (তট) আলোকিত হইছিল।

পদ্মৰাগ।

  পদ্মৰাগ মণি বিবিধ, তাৰ মাঝত কেত বিলাক বন্ধুক পুষ্পাভ, আন কেত বিলাক জৱা ফুলৰ নিচিনা কান্তিযুক্ত, আৰু কেত বিলাক ৰঙ্গা ৰাতুল বৰণিয়া আৰু দাড়িম্ব (ডালিম) গুটীৰ নিচিনা উজ্জ্বল। অন্য পদ্মৰাগ পলাশ ফুলৰ নিচিনা কান্তিযুক্ত। সকলো পদ্ম ৰাগেই অতি সমুজ্জ্বল। সিন্দুৰ, পদ্ম, উৎপল, কুঙ্কুম আৰু লাখ্যা ৰসৰ নিচিনা পদ্মৰাগ আছে, পদ্মৰাগৰ বৰ্ণ ঘনিভূত হলে তাৰ নিজ পোহৰেৰেই শোভিত হই থাকে। গুণ সম্পন্ন স্ফটিক প্ৰভৱ মণি সূৰ্য্য কিৰণেৰে সমুজ্জ্বল হই স্বীয় ৰশ্মি জালেৰে দাঁতিত থকা দ্ৰব্যক পোহৰ কৰে। কেত বিলাক পদ্মৰাগ নীল মিশ্ৰিত ৰঙ্গা বৰণিয়া, আৰু বিলাক ৰক্ত পদ্মবৎ দীপ্তিশালী, আন পদ্মৰাগ ভল্লাতক আৰু কন্টিকাৰি ফুলৰ নিচিনা, কোন কোন পদ্মৰাগ হিঙ্গুল বৰণিয়া। কোন কোন পদ্মৰাগ মণি কপোত, কোকিল, আৰু সাৰস পক্ষিৰ চকুৰ নিচিনা বৰ্ণযুক্ত। অন্য পদ্মরাগ কোকনদ সদৃশ কান্তি সম্পন্ন। স্ফটিক প্ৰভৱ মণিৰ প্ৰভাৱ কাঠিন্য আৰু গধুৰে সকলো মণিৰে প্ৰায় সমান। সৌগন্ধিক জাত মণি ঈষত্ নীল চাণেকিয়া আৰু ৰঙ্গা উৎপলৰ নিচিনা বৰ্ণযুক্ত। স্ফটিক সম্ভৱ মণিত যেনেকুৱা উজ্জ্বলতা দেখা যায় কুৰুবিন্দ প্ৰভৱ মণিত সেই প্ৰভা নাথাকে। তাৰ পোহৰ ভিতৰুৱা। কোন কোন কুৰু বিন্দজ মণি হঁওতে প্ৰভা বিশিষ্ট