পৃষ্ঠা:ৰত্নমণি.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেবাধিষ্ঠিত উত্তম হীৰা।

  নিৰ্দ্দোষ আৰু গুণ যুক্ত হীৰা অপেক্ষাকৃত লঘু, সমুজ্জ্বল, কাখ (পাৰ্শ্বদেশ) সমান, এবং ৰেখা, ফুট (বিন্দু), কলঙ্কাদি কোনৰূপ চিহ্ন বিহীন, আৰু ত্ৰাসাদি মণি দোষ বৰ্জ্জিত। যিঠাইত্‌ পৰমাণু পৰিমিত আৰু তীক্ষ্ণ ধাৰ হীৰা দেখা যায় শাস্ত্ৰে তাত্‌ নিশ্চয় দেৱতা সকলুৰ অধিষ্ঠান হই থাকে বুলি কয়। হীৰাৰ বৰ্ণ অনুসাৰে দেৱাধিষ্ঠান নিশ্চিত হয়, আৰু বৰ্ণ অনুসাৰেই হীৰাৰ জাতি বিভাগো হয়। এই কথাত্‌ কোনো অদূৰ দৰ্শি লোকৰ আশঙ্কা হব পাৰে; কিন্তু সেই আশঙ্কাৰ কোন কাৰণ নাই। জগতৰ যাবতীয় বস্তুৱেই গুণশালী, আৰু দেৱতা সকল ও গুণময়, সুতৰাং বস্তু বিশেষত তাৰ গুণ সম্বন্ধীয় দেৱতাৰ অধিষ্ঠান থকা একো অসম্ভৱ নহয়। হৰিদ্বৰ্ণ হীৰাত্‌-হৰি, শ্বেতবৰ্ণত-বৰুণ, পীত বৰ্ণত্‌-ইন্দ্ৰ, পিঙ্গলত্‌- অগ্নি, শ্যামত্‌, যম, তাম্ৰত্‌ বায়ুৰ অধিষ্ঠান আছে।

যি হীৰা যাৰ পক্ষে প্ৰশস্ত।

  ভিন্ন ভিন্ন জাতিৰ পক্ষে ভিন্ন ভিন্ন বৰ্ণ বিশিষ্ট হীৰা প্ৰশস্ত; যথা—ব্ৰাহ্মণৰ পক্ষে শঙ্খ কুমুদ আৰু স্ফটীকবৎ শুভ্ৰবৰ্ণ, ক্ষতৃয়ৰ শশক আৰু নকুল চক্ষুৰ ন্যায় বৰ্ণ বিশিষ্ট, বৈশ্যৰ কদলী পুষ্প সদৃশ কান্তিযুক্ত, শূদ্ৰৰ পক্ষে ধৌত তৰোৱালৰ নিচিনা আভা বিশিষ্ট হীৰা প্ৰশংসনীয়। জৱা ফুল বা পোৱালৰ নিচিনা ৰক্তবৰ্ণ, আৰু হালধি ৰসৰ নিচিনা পীতবৰ্ণ, এই দুবিধ্‌ হীৰা ৰাজাৰ পক্ষেই প্ৰশস্ত; অন্য বৰ্ণৰ পক্ষে ন হয়। ৰাজা সৰ্ব্ব বৰ্ণৰ অধিশ্বৰ; এই কাৰণে সৰ্ব্ব বৰ্ণ আৰু সৰ্ব্ব গুণ