পৃষ্ঠা:ৰত্নমণি.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সপ্তম অধ্যায়।

ধাতুৰত্ন।

 সোন, ৰূপ, তাম, এই তিন বিধ, ধাতু্কো ৰত্ন বোলা যায়। যদিও ই মণিৰত্ন নহয় তথাপি ৰত্নগুণ ইয়াত বিশেষকৈ আছে। মঙ্গল কাৰ্য্যাদিত ৰত্নাভাবে মূল্য স্বৰূপে ৰৌপ্য, বা তাম্ৰৰ ব্যৱহাৰ হই থাকে। স্নানাদি শুদ্ধি জনক কাৰ্য্যতো অনেক স্থলত উক্ত ত্ৰিবিধ ধাতুৰ ব্যৱহাৰ হয়। বিশেষতঃ সোন, ৰূপ, অতি মঙ্গলকৰ বস্তু! ইয়াৰ সহযোগত ৰত্ন মণিৰো বিশেষ সোভা বৰ্দ্ধিত হয়। এতেকে এই তিনি বিধ, ধাতুকো ৰত্ন মণিৰ গৰ্ব্ভত ঠাই দিয়া হল।

প্ৰথম পরিচ্ছেদ।

⸺⸺

সুবৰ্ণ বিবৰণ।

নাম।

 ১। স্বৰ্ণ, ২। কনক, ৩। হিৰণ্য, ৪। হেম, ৫। হাটক, ৬। তপণীয়, ৭। গাঙ্গেয়, ৮। কলধৌত, ৯। কাঞ্চন, ১০। চামীকৰ, ১১। শতকুম্ভ, ১২। কাৰ্ত্তম্বৰ, ১৩। জাম্বুনদ, ১৪। মহাৰজত, ১৫। জাতৰূপ, ১৬। অষ্টাপদ, ১৭। শাতকৌম্ভ, ১৮। ভৰ্ম্ম, ১৯। কৰ্ব্বুৰ, ২০। কৰ্চ্চুৰ, ২১। ৰুগ্ম, ২২। ভুৰি,