উৎপত্তি বিবৰণ।
এতিয়াৰ পণ্ডিত সকলে এই মণিৰ উৎপত্তি বিবৰণ এই ৰূপে কয় যে, ই সামুদ্ৰিক এবিধ কীটৰ শৰীৰোৎপন্ন ৰস মাত্ৰ। সমুদ্ৰৰ ভিতৰত এক প্ৰকাৰ কীট আছে, সেই কীট বিলাকৰ গাৰ ৰসেৰেই সিহঁতৰ গাত্ৰাবৰণ খোলা) জন্মে। সেই খোলা শিল সদৃশ টান হয়। পাছত কীটবিলাক মৰি পৰস্পৰে লগ লাগি সমুদ্ৰৰ মাঝতে অচল পৰ্ব্বত আৰু দ্বীপ হই উঠে। বালি, মাটি, এবং অন্যান্য মৃত জন্তুৰে গোট খাই সেই বিলাক ক্ৰমে বড় ওখ হই পড়ে। তেনেকুৱা পৰ্ব্বত আৰু দ্বীপ কত যে হইছে আৰু হুব তাৰ নিশ্চয় নাই। ডাঙ্গৰ ডাঙ্গৰ দ্বীপ বিলাকত মানুহৰ বসতিও আছে। সেই বিলাক পৰ্ব্বত আৰু দ্বীপৰে পৰা পোৱাল পোৱাযায়।
পোৱালৰ উৎপত্তি সম্বন্ধে যুক্তি।
এতিয়া ভাবিব লাগে কীট শৰীৰৰ ৰসেৰেই যদি দ্বীপ পৰ্ব্বত হব পাৰে; তেন্তে বলো অসুৰৰ শৰীৰৰ কোনো অংশেৰেনো সেই পৰ্ব্বতাদিৰ আকৰ হোৱা আশ্চৰ্য্য কি? পোৱালৰ এটী লতামণি নাম আছে, মনুষ্য শৰীৰ বৃক্ষ স্বৰূপ, আৰু তাৰ অস্ত্ৰ “শিৰাদি” লতাৰ নিচিনা, বলোৰ সেই লতাবত অন্ত্ৰৰ পৰা পোৱালৰ জন্ম হোৱাৰ কাৰণে তাৰ সেই লতামণি নাম হোৱা সম্ভৱ। এতেকে পোৱাল কীট বিলাকক বলোৰ অন্ত্ৰ মূলক আকৰোৎপন্ন বুলি বিশ্বাস নকৰিবৰ কোন কাৰণ নাই। কীটৰ এই আশ্চৰ্য্য গুণ বলোৰে বিভিন্ন কি? পৰ্ব্বত বিলাকক