পৃষ্ঠা:ৰত্নমণি.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ৰত্ন মণি।

মহায় একশান পৰিমাণ হয়, পাঁচ মহায় এক কৃষ্ণল, এবং পলৰ দশমভাগে এক ধৰণ হই থাকে। মণি পৰিমাণ কালত এইৰূপ যোখেৰে কাৰ্য্য কৰিব।

পুষ্পৰাগ আৰু তাৰ বিবিধ জাতি মণি।

 হিমালয় পৰ্ব্বতত্‌, বলো অসুৰৰ যি সকল চৰ্ম্ম পতিত হইছিল সেই সকল চৰ্ম্মৰ পৰা মহাগুণশালী পুষ্পৰাগ মণিৰ উৎপত্তি। এই মণিৰ নানাবিধ জাতি আছে, যি মণি ঈষত তাম বৰণিয়া, তাৰে নাম পুষ্পৰাগ, এবং উক্ত মণি যদি পীতৰ আভাযুক্ত লোহিত বৰণিয়া হয় তেনে হলে তাক কৌৰুণ্ডক বোলে। যি মণি লোহিতৰ আভাযুক্ত, পীতবৰ্ণ আৰু স্বচ্ছ তাৰ নাম কাযায়। যি মণি নীলৰ আভাযুক্ত শুক্লবৰ্ণ, তাকে সোমানক মণি বোলে। যি মণি অতিশয় লোহিত বৰ্ণ তাৰ নাম পদ্মৰাগ, এবং অতি নীলবৰ্ণ মণিক ইন্দ্ৰনীলও বলে। মণি শাস্ত্ৰ কুশল পণ্ডিতবৰ্গে যিৰূপে বৈদুৰ্য্য মণিৰ মূল্যৰ নিয়ম নিৰ্দ্ধাৰিত কৰিছে, সেই নিয়মেই পুষ্পৰাগ মণিৰো মূল্য নিৰূপিত কৰিব। বৈদুৰ্য্য মণি ধাৰণত যিৰূপ ফল কথিত আছে এই মণি ধাৰণতো তদনুৰূপ ফল হই থাকে। বিশেষকৈ এই মণি ধাৰণ কৰিলে নাৰীয়ে পুত্ৰ প্ৰসৱ কৰে।

কৰ্কেতন মণি।

 পৱন দেৱে দৈত্যপতি বলো অসুৰৰ নখ সকল গ্ৰহণ কৰি প্ৰহৃষ্ট মনেৰে পদ্মবনলৈ নিক্ষেপ কৰিছিল, সেই পদ্ম বনতে সৰ্বোৎকৃষ্ট কৰ্কেতন মণি সমুৎপন্ন হল। কৰ্কেতন মণি নানা