পৃষ্ঠা:ৰত্নমণি.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
ষষ্ঠ অধ্যায়।

শাখা প্ৰশাখাৰে সুশোভিত বৃক্ষাকাৰ বুলি বিবেচনা কৰিলে তদ্‌যাত পোৱালৰ বিদ্ৰুম নাম হোৱা নিতান্ত সম্ভবনীয়। কিন্তু পোৱালৰ চক্ষুৰ বিশালত্ব ক্ৰিয়া থকাত আয়ুৰ্বেদজ্ঞ কোন সুপণ্ডিতে বিদ্ৰুমক বেলেডো নামক বৃক্ষ বুলি বিবেচনা কৰে।

পোৱালৰ পৰীক্ষা।

 পুলকাখ্য মণিৰ পৰীক্ষাৰ নিয়মেৰেই ৰুধিৰাখ্য আৰু বি্দ্ৰুম (পোৱাল) মণিৰ পৰীক্ষা হয়।

পোৱালৰ মূল্য।

 পূৰ্ব্ব কালত শুদ্ধ পোৱালৰ মুল্য ৰূপৰ দুগুণ আছিল, এতিয়া প্ৰয়োজনানুসাৰে মূল্য হই থাকে।