পৃষ্ঠা:ৰত্নমণি.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় পৰিচ্ছেদ।

⸺⸺

ৰৌপ্য বিবৰণ।

ৰৌপ্যৰ নাম।

 ৰৌপ্য “ক্লিব”। ৰূপ, ৰূপা, ৰঙ্গত, তাৰ, ৰৌপ্য, এই বিলাক ৰূপৰ নাম।

ৰৌপ্যৰ উৎপত্তি।

 ত্ৰিপুৰ নামেৰে অসুৰক বধিবৰ মনেৰে যেতিয়া দেৱাদিদেৱ মহাদেৱে ক্ৰোধে পৰিপূৰ্ণ হই অনিমিষ নয়ণে কটাক্ষেৰে তালৈ চাই আছিল; সেই সময়তে তেওঁৰ দক্ষীন চক্ষুৰ পৰা অগ্নি আৰু বাম চক্ষুৰ পৰা অশ্ৰু নিপতিত হয়, এবং সেই অগ্নিৰে পৰা অগ্নি তুল্য তেজোময় ৰুদ্ৰৰ উৎপত্তি আৰু অশ্ৰুৰ পৰা ৰৌপ্যৰ উৎপত্তি হয়।

ৰূপমাটী বা ৰূপৰ খনি

 প্ৰিথিবীত ঠায়ে ঠায়ে ৰূপ্‌ মাটীৰ খনি আছে, এই খনি প্ৰায় পৰ্ব্বতিয়া ঠাইতে থকাৰ বিবৰণ অধিক ৰূপে শুনিবলৈ পোৱা যায়। এই দেশৰ চৰাই দেও প্ৰভৃতি কোন কোন পৰ্ব্বতত ৰূপৰ খনি আছিল, আৰু তাৰে পৰা অসম ৰজাই ৰূপ মাটী খনাই আনি ৰূপ কৰিছিল বুলি অনেকে কয়। ৰূপমাটী চুন্ মিশ্ৰিত আলটীয়া মাটীৰ নিচিনা দেখা যায় এই মাটী পগালে ৰূপ হয়।