পৃষ্ঠা:ৰত্নমণি.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ৰত্নমণি।

সেই সেই মেদ নিপতিত হইছিল, সেই সেই ঠাইতে তৈল- স্ফটিক নামে মহামণি সমুৎপন্ন হল। এই মণি মৃনাল আৰু শঙ্খৰ নিচিনা ধৱল বৰ্ণ। কোন কোন স্ফটিক অন্য বৰ্ণ হই থাকে। এই মণিৰ তুল্য সৰ্ব্ব পাপ প্ৰনাশক মণি আৰু নাই। শিল্পকাৰৰ দ্বাৰায় এই মণি সংস্কাৰ কৰিলে মূল্য নিৰূপিত হই থাকে।