পৃষ্ঠা:ৰত্নমণি.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
তৃতীয় অধ্যায়।

কেই হীৰাৰ আকৰ-জাত গুণ বা লক্ষণ। আকৰ ভেদে হীৰাৰো আকাৰ ভেদ বিভিন্নতা হুই থাকে।

দুৰ্ল্লভ হীৰা।

  সি হীৰা ছ-চুকিয়া, বিশুদ্ধ, নিৰ্ম্মল, তীক্ষ্ণধাৰ, প্ৰশস্ত বৰ্ণ বিশিষ্ট, লঘু, শোভন পাৰ্শ্ব, আৰু দোষশূন্য, যাৰ প্ৰভাৰাশি ইন্দ্ৰায়ুপৰ ন্যায় আকাশ মাৰ্গত প্ৰতিফলিত হয় এনে হীৰা পৃথিবীৎ অতি দুৰ্ল্লভ।

গুণযুক্ত হীৰা।

  যি হীৰা তীক্ষ্ণাগ্ৰ, নিৰ্ম্মল, আৰু দোষশূন্য সি গুণ যুক্ত হীৰা তাক যি ধাৰণ কৰে তাৰ আয়ু, সম্পত, স্ত্ৰী, পুত্ৰ, ধন, ধান্য, গো, পশু প্ৰভৃতি দিনে দিনে বৃদ্ধি পাই থাকে, এবং সৰ্প, অগ্নি, বিষ, ব্যাঘ্ৰ, জল, তস্কৰাদিৰ ভয় আৰু শত্ৰুকৃত অভিচাৰ দূৰলৈ পলায়ন কৰে। যদি হীৰাৰ দাঁতি (প্ৰান্তভাগ) বিশীৰ্ণ আৰু তাত ফুট ফুটিয়া (বিন্দুযুক্ত) আঁচ্‌ (ৰেখা) থাকে বা সেই হীৰা মলিন হয় তেনে হলেও সেই হীৰাই ধন ধান্য আৰু লক্ষ্মী প্ৰদান কৰে। কোন হীৰা প্ৰথমে সৰ্ব্ব গুণযুক্ত বুলি বোধ হয়, পাহুত তাৰ দোষ প্ৰকাশিত হলে ৰাজাই তাক গ্ৰহণ নকৰিব। যি হীৰা সৰ্ব্ব গুণযুক্ত, পানিত পেলালে তল না যায় সেয়ে ধাৰণোপযুক্ত সৰ্বশ্ৰেষ্ঠ হীৰা। সন্তানাভিলাসিনী নাৰিয়ে দীঘল হওক বা ছুঁটি হওক চিৰাৰ নিচিনা আৰু সুগুণ যুক্ত হীৰা ভিন্ন আন হীৰা ধাৰণ নকৰিব।

পৰিমাণ আৰু মূল্য।

  যি হীৰা সৰ্ব্ব দোষ বিহীন আৰু যোখত বিংশতি তণ্ডুল