পৃষ্ঠা:ৰত্নমণি.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
ৰত্নমণি।

দুৰ্ল্লভ। প্ৰগাঢ় বৰ্ণ বিশিষ্ট যি ইন্দ্ৰনীল মণি শতগুণ দুগ্ধৰ মাঝত ৰাখিলে সেই সকল দুগ্ধ নীল বৰ্ণ হুই যায়, সেই মণিকে মহা নীলমণি বলে। যেনেকৈ মাষাদি পৰিমানানুসাৰে মহাগুণ পদ্মৰাগ মণিৰ মূল্য নিৰূপণ হই থাকে সেইৰূপ মাযাদি পৰিমাণে ইন্দ্ৰনীল মণিৰো মূল্য নিৰ্ধাৰিত কৰিব লাগে।

বৈদূৰ্য্য এবং তাৰ বিজাতীয় মণি।

  কল্পান্ত সময়ত জল নিধিয়ে ক্ষোভিত হই যেনেকৈ গভীৰ নাদে গৰ্জ্জন কৰি থাকে, দিতি তনয় বলো অসুৰেও প্ৰাণ বিসৰ্জ্জন সময়ত সেই দৰে মহা গৰ্জ্জন কৰিছিল, সেই গৰ্জ্জনৰে পৰা অতি সোভা সম্পন্ন, সমুজ্জ্বল, বিচিত্ৰ বৈদুৰ্য্য মণি উৎপন্ন হয়। অতি ওখ টিঙ্গেৰে বিদূৰ পৰ্বতৰ অনতিদূৰত কাম ভূতিক সীমাৰ প্ৰান্ত ভাগত বৈদূৰ্যমণিৰ আকৰ হল। বলো অসুৰৰ নিনাদোৎপন্ন সেই আকৰ মহাগুণ সমপন্ন, আৰু ত্ৰিলোকৰ বিভূষণ স্বৰূপে হুই ছিল। সেই আকৰতে বলে অসুৰৰ নিনাদানুকাৰী বৰ্ষাকালীন জলধৰ ৰাশিৰ ন্যায় চাৰু দৰ্শন, অগ্নিস্ফুলিঙ্গৰ ন্যায় সমুজ্জ্বল বিচিত্ৰ বৈদুৰ্য্যমণি সমুৎপন্ন হবলৈ ধৰিলে। পৃথিবীত পদ্মৰাগ প্ৰভৃতি যি সকল মণিৰ বিদ্যমান আছে, বৈদুৰ্য্যমণিয়ে সেই সকলো মণিৰ সোতাৰ অনুকৰণ কৰে। কৈদুৰ্য্যমণি পদ্ম ৰাগাদি সকলো মণিৰ প্ৰধান! ই ময়ূৰ কণ্ঠবৎবৰ্ণ বিশিষ্ট, অথবা বাংশ পত্ৰ (বাঁহ পাতৰ) নিচিনা সমুজ্জ্বল। যিবিলাক বৈদুৰ্য্যমণি চাষ পক্ষীৰ পাখি নিচিনা বৰ্ণশালী, মণিশাস্ত্ৰবিত পণ্ডিত সকলে সেই সকল মণিক অপ্ৰশস্ত মণিৰ মাঝত গণ্য কৰি থাকে। গুণবান বৈদুৰ্য্য