পৃষ্ঠা:ৰত্নমণি.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
ৰত্ন মণি।

আৰু ভুজঙ্গ এই সকল পদাৰ্থত যি যি বৰ্ণ দৃষ্ট হয়, মৰকত মণিত সেই সমুদায় বৰ্ণ আছে। এইৰূপ মৰকত মণি শুভপ্ৰদ। যি যি স্থানত ভুজঙ্গভুক গৰুড়ে দৈত্যাধিপৰ পিত্ত পেলাই দিছিল সেই সেই স্থানতে মৰকত মণি উৎপন্ন হবলৈ ধৰিলে। এই সকল দেশ সৰ্ব্বগুণশালী হল, কিন্তু যি সকল ঠাই মৰকৎ মণিৰ আকৰ সি অতি দুৰ্ল্লভ। মৰকত মণিৰ আকৰত যি উদ্ভিদাদি বস্তু উৎপন্ন হয় সেই সেই দ্ৰব্য বিষ ৰোগৰ মহৌষধ। সেই সকল উদ্ভিদৰ সেৱা কৰিলে বিষ পীড়াৰ শান্তি হই থাকে। কোন মহা সাপে দংশন কৰিলে যি বিষ পীড়া সমুৎপন্ন হয়, সি আন কোন ঔষধেৰে নিবৃত্তি নহলে মৰকত মণিৰ আকৰজাত উদ্ভিদ সেৱন কৰিলে সেই বিষ ৰোগ উপশম হই থাকে। মৰকত মণিৰ আকৰৎ যি সকল দ্ৰব্য সমুৎপন্ন হয় সেই সকলোৱেই পবিত্ৰ। সেই বিলাকৰ স্পৰ্শাদিত দেহ শুচি (বিশুদ্ধ) হই থাকে। মৰকত মণি হৰিত বৰ্ণ আৰু কোমল বুলি বোধ হয়, তাৰ উজ্জ্বলতা বেঁকা ৰেখাৰ নিচিনা দৃষ্ট হয়, আৰু সি ভিতৰে সুবৰ্ণ চুৰ্ণেৰে পৰিপূৰ্ণ প্ৰতীত হয়। যি মৰকত মণি সুগঠিত, সৰ্ব্ব গুণোপেত, সৰ্বত্ৰ সমান উজ্জল, লঘু, এবং সূৰ্যকিৰণ সংস্পৰ্শে প্ৰদীপ্ত হই সমস্ত আশ্ৰম আলোকিত কৰে। এই মণিয়ে হৰিত প্ৰভা পৰিত্যাগ কৰি অচিৰোপণত অন্তৰ্গত দীপ্তিৰে তৃণপূৰ্ণ ক্ষেত্ৰৰ আভা তিৰোহিত কৰি দীপ্তি পাই থাকে। যি মৰকত মণি দৰ্শন কৰিলে তৎক্ষণাৎ সাধাৰণৰ মনৰ প্ৰসন্নতা হয়, ৰত্নবিদ্যাবিশাৰদ পণ্ডিত সকলে সেই মণিক সৰ্ব্বগুণসম্পন্ন জ্ঞান কৰে। যি মৰকত মণিৰ বৰ্ণৰ প্ৰগাঢ়তা হেতু ভিতৰুৱাল নিৰ্ম্মল কীৰণ পৰিক্ষিপ্ত হয়, তাৰ কান্তি ঘনী