পৃষ্ঠা:ৰত্নমণি.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
রত্ন মণি।

সৌৰাষ্ট্ৰীয় হীৰা তাম্ৰবৰ্ণ, কলিঙ্গ দেশজাত হীৰা সুবৰ্ণবৎ মনোৰম কান্তি বিশিষ্ট, কৌশলীয় হীৰা পীতবৰ্ণ, পুণ্ড্ৰজ হীৰা শ্যাম বৰ্ণ; মতঙ্গদেশজাত হীৰা ঈষত পীত প্ৰভ।

জাতি আরু তদ্গত গুণ।

  হীৰা চাৰিজাতি; যথা শ্বেতবৰ্ণ হীৰা ব্ৰাহ্মণ (অত্যুত্তম ), ইয়াকে বজ্ৰ হীৰাও বোলে। লোহিত বৰ্ণ হীৰা ক্ষতৃয় (উত্তম), পীতবৰ্ণ হীৰা বৈশ্য, (মধ্যম), কৃষ্ণবৰ্ণ হীৰা শূদ্ৰ (অধম), বিপ্ৰবৰ্ণ হীৰা সৰ্ব্ব সিদ্ধিপ্ৰদায়ক, এবং রসায়ণ কাৰ্য্যোপযোগী। ক্ষতৃয় হীৰা ব্যাধি নাশক, আরু জৰা মৃত্যু নিবাৰক। বৈশ্য হীৰা ধন প্ৰদায়ক, আরু দেহ দৃঢ়কাৰক শূদ্ৰ হীৰা সৰ্ব্ব ৰোগ নাশক আরু বশন্ত স্তম্ভক।

লিঙ্গ ভেদ আৰু তদ্গত গুণ।

  যি হীৰা ফলৰ নিচিনা সম্পূৰ্ণ ঘুৰনিয়া (গোলাকাৰ), অপেক্ষাকৃত বৃহত্তৰ, যাত্‌ কোন প্ৰকাৰ আঁচ, (ৰেখা) বা ফুট ফুটিয়া (বিন্দু) দেখা না যায় সি পুরুষ জাতি। যি হীৰা ছ চুকিয়া সি স্ত্ৰী জাতি। ত্ৰিকোণ আৰু দীৰ্ঘাকাৰ হীৰা নপুংশক। ইয়াৰ ভিতৰত পুরুষ জাতি হীৰায়ে শ্ৰেষ্ট, আরু ৰস ৰন্ধনকাৰি। স্ত্ৰী হীৰা স্ত্ৰীবিলাকৰ দেহ কান্তি কাৰিনী, আরু সুখপ্ৰদা। নপুংশক হীৰা হীন বীৰ্য্য, অকামিলা, আৰু স্বত্ব বৰ্জিত! স্ত্ৰী হীৰা স্ত্ৰী, নপুংশক হীৰা নপুংশক, পুরুষ হীৰা সকলোৰেই সেৱনীয়। এই পুরুষ হীৰা দ্বাৰা লোকৰ বীৰ্য্য বৰ্দ্ধিত হয়।