পৃষ্ঠা:ৰত্নমণি.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
ভূমিকা।

 সচৰাচৰ দেখিবলৈ পোৱা যায় যে, “ৰত্ন” নামে যি এটী শব্দ আছে তাক সৰ্ব সাধাৰণে বড় প্ৰীতি আৰু আদৰেৰে সদায় ব্যৱহাৰ কৰে। অতিশয় প্ৰিয় বা মূল্যবান বস্তুৰ শলাগ লবৰ কি তাৰ গুণ কবৰ সময়ত উক্ত নামীয় বস্তুৰ (ৰত্নৰ) উপমা নিদিলে জগতত তেনে উত্তম আৰু আন কোন বস্তুৱেই নাই যে তাৰ তুলনাৰে সেই বস্তুৰ গুণ গৌৰৱাদিৰ পৰিচৰ দিব পাৰে। জগতৰ সকলো বিষয়তকৈ ৰত্নয়ে অতি প্ৰধান, এবং সৰ্ব্ব বিষয়ে ওখৰ (উচ্চৰ) শেষ সীমা। অৱশ্য ৰত্ন অমুল্য বা কোন বহু মূল্যৰ বস্তু! কিন্তু ইমান প্ৰিতিৰে, ইমান আদৰেৰে, ইমান কোমল আৰু ও। ভাৱেৰে যাৰ নাম, সদায় ব্যৱহাৰ কৰা যায় সিনো কি বস্তু; তাৰনো জাতিকুল আঁতি গুড়ি কি? বোধকৰোঁ‌ অনেকে তাক না জানে, ই সামান্য দুখৰ বিষয় নহয়! ৰত্ন নিচিনিলে কোন মানুহে আমাক ৰত্ন বুল আনবস্তু দি ভাঁ‌ৰিব পাৰে, অথবা আমি কোন প্ৰকৃত ৰত্নক চিনিব নোৱাৰি দলিয়াই পেলাব পাৰো, কত ৰত্ন আমি সহজে পাই ও সামৰি নলব পাৰোঁ‌। ভাবি দেখিলে ৰত্ন তত্ত্বানভিজ্ঞ ৰত্নবান মানুহে। দুৰ্ভগিয়া, যিহেতুক ৰত্নৰ প্ৰকৃত লাভ আৰু উপকাৰ গ্ৰহণ কৰিবলৈ সিবিলাকৰ ক্ষমতা নাই। পৰন্তু ৰত্নৰ ধাৰণ আৰু সেৱনত, যি বিলাক দোষ গুণ আছে অজ্ঞতাৰ কাৰণে সেই বিলাক দোষ গুণে জানিবলৈ বা অনুভৱ কৰি লৈ সিবিলাক সমুল অক্ষম। এই অন্ধকাৰ