পৃষ্ঠা:ৰত্নমণি.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
ৰত্নমণি ।

পৰীক্ষা।

 গোমূত্ৰ ভাণ্ডত লোন ক্ষাৰ দি তাতে মুক্তা পেলাই থব, পাছে তুলিলৈ জুইত শেকিব, শুষ্ক বস্ত্ৰেৰে মেঢ়াব (বেষ্টন কৰিব), হাতত শালি ধানৰ তুহলৈ মৰ্দ্দিব, তাত্‌ যি মুক্তা নাভাগি অধিক দীপ্তি কৰ হুব তাকে অকৃত্ৰিম বুলি জানিব। লৱণ মিশ্ৰিত জলত এক ৰাত্ৰি মুক্তা পেলাই থব, পাছত তুলিলৈ শালি ধানৰ তুহেৰে ঘঁহিব (মৰ্দ্দিব), শুকান কাপড় মেঢ়াব, তাত যি মুক্তা বিবৰ্ণ নহয় সেয়ে অকৃত্ৰিম।

গুণ পৰীক্ষা।

 ৰত্নৰ গুণাগুণ জানিব লাগিলে বিশুদ্ধ ৰত্ন শাস্ত্ৰবিদ পণ্ডিতৰ দ্বাৰায় যত্ন পূ্ৰ্ব্বক শুভ লগ্নত প্ৰাসাদৰ (কোন শ্ৰেষ্ট গৃহৰ) ওপৰত ৰত্ন স্থাপন কৰি পৰীক্ষা কৰিব। সৰ্প মুক্তা এইৰূপে প্ৰাসাদোপৰি স্থাপন কৰিলে আকাশত মহা দুন্দুভি বাদ্য হই থাকে, বিদ্যুত বিস্ফুৰিত হয়, আৰু প্ৰগাঢ় মেঘ জালত নভে। মণ্ডল পৰিব্যাপ্ত হই থাকে।

শুদ্ধিৰ উপায়।

  মুক্তা বিশুদ্ধ কৰিব লাগিলে তাক অন্নৰ ভাণ্ডত থই জামীৰৰ ৰসেৰে পাক কৰিব। তাৰ পাছত ভেলাৰ মূলেৰে ঘঁহিলেই মুক্তা বিশুদ্ধ ই সমুজ্জ্বল হুব। পাছে আপন ইচ্ছাৰ- দৰে তাক বিন্ধিব পাৰিব। কোন মৎস্যৰ উদৰত মুক্তা সুমাই সেই মৎস্য মাটীৰে লেপ দিব, দগ্ধ কৰিব, পাছে সেই মুক্তা বাজ কৰি দুগ্ধত, জলত, সুৰাত, পাক কৰিব, পাছত পানিৰে ধুলে সুচিক্কণ হুব। কাচৰ নিচিনা শ্বেতবৰ্ণ আৰু তৰাৰ