পৃষ্ঠা:ৰত্নমণি.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
পঞ্চম অধ্যায় ।

নিচিনা সমুজ্জ্বল মুক্তা সুবৰ্ণৰ লগ লগাই ৰসৰ মাঝত ৰাখি শুদ্ধ কৰিব; এই মুক্তা দেহ ভূষণ হই থাকে। সিংহল দেশত থকা ৰত্ন তত্ত্ববিৎ সুদক্ষ পণ্ডিত সকলে এইৰূপে মুক্তাৰ ব্যৱহার কৰি থাকে।

মূল্য

 পূৰ্ব্বকালত গধুৰৰ যোখায় মুক্তাৰ মূল্য নিৰূপিত অছিল; যথা-শান “অৰ্দ্ধতোলা,” (টকাৰ এফাল) পৰিমাণৰ যি মুক্তা তার মূল্য ১৩০৫ মুদ্ৰা। আদমহা কম্ আদতোলাৰ (ডেৰনহাৰ) মূল্য উক্ত মূল্যৰ পাঁচ ভাগৰ দুভাগ কম অৰ্থাৎ ৭৮৩ মুদ্ৰা; যি মুক্তাৰ পৰিমাণ তিনি মহা, তাৰ মূল্য ২০০০ মুদ্ৰা, আঢ়ৈ মহা (সাৰ্দ্ধতমহা) যো্খৰ মুক্তাৰ মূল্য ১৩০০ মুদ্ৰা দুমহা গধুৰ মুক্তাৰ মূল্য ৮০০ মুদ্ৰা। যি মুক্তা যোখত আদ্‌ মহা, তাৰ মূল্য ৩২৫, মুদ্ৰা, যোখত ছ ৰাতি খোৱা মুক্তাৰ মূল্য ২০০ মুদ্ৰা। তিনি ৰাতিৰ সমান মুক্তাৰ মূল্য ১০০ মুদ্ৰা। যি মুক্তা উক্ত পৰিমাণৰ ষোড়শাংশ তাক “দাৰ্ব্বিকাপ্য" বোলে, তাৰ মূল্য ১১০ মুদ্ৰা। যি বিংশতি ভাগৰ এভাগ তাক “ভবক”, বোলে সেই মুক্তা যদি গুণ হীন নহয় তেন্তে তাৰ মূল্য ৭৯ মুদ্ৰা। যি ত্ৰিশ ভাগৰ এভাগ তাক “শিক্য’ বোলে, তাৰ মূল্য ৪০ মুদ্ৰা যি চল্লিশ ভাগৰ এভাগ তাক “শিকপ” বোলে, তাৰ মূল্য ৩০ মুদ্ৰা। যি পঞ্চাশ ভাগৰ এভাগ তাৰ মূল্য ২০ মুদ্ৰা, তাক “সোম” বোলে। যি ষাঠি ভাগৰ এভাগ তাক “নিকৰ*ৰ্ষ” বোলে, তাৰ মূল্য ১৪ মুদ্ৰা, যি আশি কি নববই ভাগৰ এভাগ তাক “কুপ্য” বোলে, তাৰ মূল্য ১১৯ বা ১০০ মুদ্ৰা। যি গুঞ্জা ফলক আমি ৰাতুল মণি আৰু যোগ কৰিবৰ সময়ত ৰতি