পৃষ্ঠা:ৰত্নমণি.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
ৰত্নমণি।

অন্য উপায়।

 বিধি মতে ভস্ম কৃত পাৰাৰ ওপৰত সাতদিন পৰ্য্যন্ত প্ৰতি দিনে অষ্টোত্তৰ সহস্ৰ ধনদা মন্ত্ৰ জপ আৰু ৰাত্ৰি কালত ধনদাৰ পূজা এবং ধনদা তন্ত্ৰানুসাৰে জপৰ দশমাংশ হোম কৰিব। প্ৰতি দিনে এ্টী এটীকৈ ষোল দিনলৈকে দিনৌ একুটী প্ৰাৰ্থিব শিৱ পূজা কৰিব। তাৰ পাছত গুঞ্জা প্ৰমাণ সেই ভস্ম স্বৰ্ণ পাত্ৰত ৰাখি এটকা পৰিমান আওটা তামত্‌ তাক সেই গুঞ্জা প্ৰমাণ ভস্ম) পেলাই দিলে তৎক্ষণাৎ সেই তাম সোণ হুব।

পাৰাভস্মৰ উপায়।

 পাথৰৰ (শিলৰ) ওপৰত পাৰাথৈ তাৰ ওপৰত সৰ্ব্ব বন্ধন মন্ত্ৰ অষ্টোত্তৰ সহস্ৰবাৰ জপ কৰিব। তাৰ পাছত সুকিয়া কুসুমেৰে ৰঙ্গা কৰা কাপড়ৰ মাঝত সেই পাৰা থাপন কৰি কাপড়ে সইতে মাটিৰ মহিৰ মাঝত সেই পাৰা ৰাখি আৰু এক মৃত্তিকা পাত্ৰেৰে আবৃত কৰি সুকিয়া কুসুম যুক্ত সুতা বা কাপড়েৰে দৃঢ় বন্ধন কৰিব। তাৰ পাছত তুহ মাটী দুইকো একে লগে মিহলি কৰি তাৰে সেই মৃত্তিকা পাত্ৰ লেও দিব, ৰদত সুকাব। পাছত আকৌ তুহ মিহলি মাটীৰে তাক লেও দি আৰু ৰদত গুকাই অষ্টমী বা নৱমী ৰাত্ৰি ভিন্ন অন্য দিনত জুইত্‌ পেলাই দিব। নাইবা মৃত্তিকা পাত্ৰৰ মাঝত পাৰা এই পানৰ ৰস, ঘৃত কুমাৰিৰ ৰস, ইয়াৰে খল কৰি উত্তমৰূপে পাৰা সোধন কৰিলব। এই দৰে কৰিলে পাৰা গুটীবান্ধে অৰ্থাৎ গোটলয়। তেনে কুৱা হলে তাক ধুতুৰা ফলৰ মাঝৰ