পৃষ্ঠা:ৰত্নমণি.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
চতুৰ্থ অধ্যায়।

ভূত, স্নিগ্ধ, বিশুদ্ধ, আৰু কোমল, এবং ময়ুৰ কণ্ঠৰ ন্যায় শোভা সম্পন্ন হই থাকে। যি মৰকত মণি বৰ্ণৰ উজ্জ্বল কান্তিত গাঢ় আভাযুক্ত হই দীপ্তি পায়, সেই মণি উৎকৃষ্ট মণি মাঝত পৰিগণিত। যি মৰকত মণি কৰ্ব্বুৰ, অমসৃণ, মলিন, ৰুক্ষ, পাষাণ আৰু কৰ্কৰযুক্ত, এবং শিলা যতু সংসৃষ্ট, সেই মণি নিৰ্গুন অৰ্থাৎ নিকৃষ্ট মণি মধ্যত গণ্য। মৰকত মণিৰ সন্ধি শেষত যদি অন্য কোন ৰত্ন দেখা যায় তেনে হলে সেই মণি কোনেও ধাৰণ বা ক্ৰয় ন কৰিব। যি তাক্‌ কৰে তাৰ অমঙ্গল ঘটি থাকে। যদি মৰকত মণিত ভল্লা তক ফলৰ (ভেলা গুটিৰ) ন্যায় বৰ্ণ দৃষ্ট হয় তেনে হলে সেই মণি বিজাতীয় লক্ষণাক্ৰান্ত বুলি জানিব। কোন ক্ষৌন বস্ত্ৰেৰে মণি মাৰ্জ্জন কৰিলে তাৰ দীপ্তিৰ লাঘব হয়। কাচ পাত্ৰত্‌ সেই মণিৰ প্ৰতিবিম্ব পেলাইদি সেই লঘুতা নিৰূপণ কৰিব। এনে অন্য কোন পদাৰ্থ আছে যে তাত্‌ মৰকত মণিৰ প্ৰায় সমস্ত গুণ আৰু বৰ্ণ দেখা যায়, এই স্থলত বিশেষ পৰীক্ষা কৰি লব। উক্ত কৃত্ৰিম মণিত ভলা পাতৰ বতাহ দিলে বৰ্ণ বৈষম্য হই থাকে। অনেক প্ৰকাৰ বজ্ৰ আৰু মণি মুক্তা আছে; কোৱা বিলাক মণি যদি কোন ঢাকনিৰে সমাবৃত না থাকে তেন্তে তঁহতৰ প্ৰভা উৰ্দ্ধগামিনী হয়। প্ৰায় সকলো মণিৰ দীপ্তি সৰল ভাৱে এবং কোন কোন মণিৰ প্ৰভা তীৰ্য্যগ ভাৱে পতিত হয়। যি সকল মণিৰ দীপ্তি তীৰ্য্যগ ভাৱে বহিৰ্গত হয় সেই বিলাকৰ তেজ চিৰকাল না থাকে, শীঘ্ৰ বিনষ্ট হুই যায়। স্নান, আচমন, জপ, আৰু ৰক্ষা মন্ত্ৰপাঠ প্ৰভৃতি ক্ৰিয়াকলাপ সমাপণ কৰি গো হিৰণ্যাদি প্ৰদান পূৰ্ব্বক অন্যান্য সাধন কাৰ্য্য সমাপনীন্তৰ দৈৱ কাৰ্য্য,