যতঃ ৰত্ন তেজে বাহ্য জগতৰ পৰাও নানা সুভ মঙ্গলাদি আকৰ্ষণ কৰে; লৌহাদি মিশ্ৰিত কোন ধাতুৱে যেনেকৈ বজ্ৰ আকৰ্ষণ কৰে, বৃক্ষে যেনেকৈ বৃষ্টি আকৰ্ষন কৰে, ৰত্নেও সেই দৰে নানা সুভ মঙ্গলাদি আকৰ্ষন কৰি থাকে। অলঙ্কাৰ ৰত্ন ব্যৱহাৰৰ বিশেষ উপায়, — এই কাৰণে ৰত্ন যুক্ত রূপ সোন ইত্যাদিৰ অলঙ্কাৰ ব্যৱহাৰৰ নিয়ম নিৰ্দ্দোষ বুলি মাননীয়।
দ্বিতীয় অধ্যায়।
ৰত্ন বিবৰণ।
নাম।ৰত্ন, মণি দুইও প্ৰস্তৰ জাতীয় এবং মুক্তাদি। সাহিত্য গ্ৰন্থে গুণৱতী স্ত্ৰী, পণ্ডিত্, ঔষধী ইত্যাদিকো ৰত্ন বুলিছে। আরু অভিধানে বস্ত্ৰ, আয়ু, যশ, স্বজাতীয় শ্ৰেষ্ট বস্তু, মণি, মুক্তা, মাণিক্য, সুবৰ্ণাদি উৎকৃষ্ট বস্তু, এই বিলাককে ৰত্নবুলি কৈছে। এতদ্ভিন্ন ৰত্নৰ উনত্ৰিশ প্ৰকাৰ নাম কৈছে; যথা-অঙ্ক, বাজ, পয়, প্ৰয়, শয়, পৃক্ষ, পিত্ত, বয়, সিন, অব, ক্ষু, ধা, সি, ইৰা, ইলা, ইষ, উৰ্ক্ক, ৰস, স্বধা, অৰ্ক্ক, ক্ষদ্ম, নেম, সস্, আয়ু, সুনৃতা, ব্ৰহ্ম, বচ্চ, কীলাল, যশ। ইয়াৰ মাঝত্ পূৰ্ব্ব কেইটা মানক (স্ত্ৰী, ঔষধী, বস্ত্ৰ, আয়ু, যশ, শ্ৰেষ্ট বস্তু সমুহ, এই বিলাকক) ৰত্ন বুলিবৰ কাৰণ এইরূপ বোধ হয় যে, শ্ৰেষ্ট গুণ আরু শ্ৰেষ্ট বস্তু বা শ্ৰেষ্ট প্ৰাণী সমুহৰ তেজত্ ৰত্নৰ আভা বা অংশ থাকে, অৰ্থাৎ যি হে বস্তুক জিলিকাই বা ৰক্ষা কৰে সি ৰত্ন