পৃষ্ঠা:ৰত্নমণি.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
পঞ্চম অধ্যায়।

ছায়া মধুৰ। পৰলৌকিকোদ্ভৱ মুক্তা নিবীড়, গুৰু। সৌৰা- ষ্ট্ৰিক মুক্তা স্কুল, বৃত্ত, স্বচ্ছ, সিত, ঘন। তাম্ৰপৰ্ণৱ মুক্তা তাম্ৰ। পাৰসৱোদ্ভৱ মুক্তা পীত। কৌবেৰোদ্ভৱ মুক্তা-ঈষত শ্যাম, ৰুক্ষ্ম, পাণ্ড্যজাত মুক্তা পাণ্ডু, সিত। বিৰাটজ মুক্তা কক্ষ। কক্সি নাখ্যমুক্তা জাতি ফলৰ সমান, সিত, স্বচ্ছ, ছায়া বদ্বহুল ৰন্য, নিৰ্দ্দোষ।

মহাৰত্ন সংজ্ঞিত মুক্তা এবং তাৰ গুণ।

  সুতাৰ (তৰা যেন), সুবৃত্ত (বেচ্ ঘুৰনিয়া), স্বচ্ছ (পৰিস্কৃত), নিৰ্মল (মল ৰহিত), ঘন (গধুৰ) স্নিগ্ধ (চিক্কন অস্ফুটিত (নুফুটা, নফটা), ছায়া যুক্ত, এই অষ্ট লক্ষণাক্ৰান্ত মুক্তাক্ মহাৰত্ন বোলে। ভ্ৰাজিষ্ণু, কোমল, কান্ত, মনোজ্ঞ, সুৰতীৱ, শ্ৰৱ তীৱ, এই বিলাকেই তাৰ গুণ। শত শুক্ৰাংশু যোজিত শশিৰাজ তুল্য ছায়াযুক্ত শ্বেত কাচ সদৃশ মুক্তা দেৱ ভূষণ। প্ৰমানবৎ (নিত্যবৎ), গৌৰৱ ৰশ্মি যুক্ত, সিত, সুবৃত্ত আৰু সমান সুক্ষ্ম বিন্ধাৰে গুণৱান কোন মুক্তা কোন সুভ যোগত প্ৰাপ্ত হলে তৎ স্বামিৰ সকলো অনৰ্থয়ে নষ্ট হয়। এই মুক্তা যি ধাৰণ কৰে তাৰ আয়ু লক্ষী বৃদ্ধি হয়, সৰ্ব্ব পাপ নষ্ট হয়। যি গুণৱান গুৰু দেহত এই মুক্ত থাকে তেওঁৰ লক্ষী অচলা হয়।

পবিত্ৰ মুক্তা।

  অত্যন্ত শুদ্ধ মুক্তা নক্ষত্ৰাভ, স্নিগ্ধ, স্থুল, নিৰ্ম্মল, বৰ্ত্তল নিৰ্ব্ৰন, লঘু। এই মুক্তা লোকৰ সৌখ্যদায়ি।