পূৰ্ব্বকালত সৰ্ব্ব সাধাৰণৰ ভিতৰত ৰত্ন মণিৰ ব্যৱহাৰ বড়্কৈ থকাৰ প্ৰমাণ পোৱা যায়। হিন্দু শাস্ত্ৰত ৰত্নাদি ধাৰনৰ নিমিত্তে বিশেষ বিধি আছে। ৰত্নাদিৰ ধাৰণ বা সেৱনত যে লোকৰ অশেষ রূপ মঙ্গল সাধিত হয়, তাত কিছু মাত্ৰ সংশয় নাই। শৰীৰ ব্ৰহ্মাণ্ডৰ অংশ স্বরূপ, ৰত্ন মণি জগদুৎপন্ন পৰম্ পবিত্ৰতম বস্তু, শৰীৰৰ মেদ, মজ্জা, শুক্ৰ, শোণিতাদিৰ লগত ইয়াৰ সম্বন্ধ থকা একো অসম্ভৱ নহয়। বুঝিব পাৰি যে, উক্ত কাৰণেই পূৰ্ব্ব কালৰ লোক বিলাকৰ ৰত্নালঙ্কাৰাদিত্, বড় আদৰ আছিল। আরু উক্ত কাৰণেই দেহ তত্ত্ব এবং ৰত্ন গুণাভিজ্ঞ আৰ্য্য পুরুষ সকলৰ দ্বাৰায় অঙ্গ প্ৰত্যঙ্গাদিৰ উপযুক্ত রূপে অলঙ্কাৰাদিৰ সৃষ্টি হইছিল। অঙ্গ প্ৰত্যঙ্গাদিৰ নাও সৰেই প্ৰায় ভূষনাদিৰ নাম দেখিবলৈ পোৱা যায়, যথা; মুড়-মুকুট, কৰ্ণ-কুণ্ডল, অঙ্গুলি-অঙ্গুৰী, কটি—কটি সূত্ৰ, বাহু-বাজু, বুক্ -বুক্ ধুকি ইত্যাদি।
মনুষ্য শৰীৰত্ প্ৰাণৰ আধাৰ স্বরূপ যতটী মৰ্ম্ম স্থান আছে তাৰ ভিতৰত শিৰ, কণ্ঠ, বাহু, ললাট, ভ্ৰু, কৰ্ণ, হাতৰ মণি বন্ধ, অঙ্গুলি, বক্ষ, কটি, নিতম্ব, জানু, জংঘা, পদ, পদসন্ধি, পদাঙ্গুলি, এই বিলাকেই ইতৰ বিশেষ অনেকটী মৰ্ম্মৰ ঘাই ঠাই; ইয়াৰ ভিতৰত শৃঙ্গাটক * প্ৰভৃতি সদ্য প্ৰাণ নাশক
চৌমুনি, বা চৌমাথাবিশিষ্ট।