লাগে, সেই দৰে পদ্মৰাগ মণিৰো গধুৰৰ তাৰতম্যে মূল্যৰ ন্যূনাধিক্য নিশ্চয় কৰিব। যি সকল মণি ৰত্ন উত্তম বৰ্ণ, আৰু উজ্জল প্ৰভাবিশিষ্ট, সেই সকল মণিৰত্ন প্ৰশস্ত। বৰ্ণ আৰু উজ্জ্বলতাৰ হ্ৰাস হলেই মণিৰ মূল্য হ্ৰাস হই থাকে।
ভুজঙ্গৰাজ বাসুকিয়ে দানৱপতি বলো অসুৰৰ পিত্ত গ্ৰহণ কৰি সত্বৰ গমণেৰে নভোমণ্ডল যেন দ্বিধা বিভক্তকৈ প্ৰস্থান কৰিছিল। গমন সময়ত বাসুকিৰ শিৰোৰত্ন প্ৰভাৰে প্ৰদীপ্ত গগন সাগৰত যেন এটি বিস্তৃত ৰজত সেতু হইছিল। পক্ষিৰাজ গড়ে পাখি মেলি স্বৰ্গ মৰ্ত্ত্য ভেটি ধৰি পন্নগৰাজ বাসুকিৰ গতিৰোধ পূৰ্ব্বক তেওঁৰ ওচৰত সেই পিত্ত অপহৰণ কৰিবলৈ উপক্ৰম কৰিলে। ফণিৰাজ বাসুকিয়ে খগপতিৰ আক্ৰমনত চঁক খাই তৎক্ষণাৎ সেই বলো অসুৰৰ পিত্ত পৰিত্যাগ কৰিলে। সেই পিত্ত ৰসাল শিলাৰস পাদপত পৰিশোভিত আৰু নলিকা নামক গন্ধ দ্ৰব্যেৰে সুবাসিত মাণিক্য গিৰিৰ উপত্যকা প্ৰদেশত পতিত হল। সেই ঠাইত পৰা মাত্ৰকে সেই স্থান পৰিত্যাগ কৰি পয়োনিধি তীৰত লক্ষ্মীৰ সমিপত উপস্থিত হল, সেই দিনাৰে পৰা সেই সাগৰ মৰকত মণিৰ আকৰ হল। যি সময়ত ফণিপতি বাসুকিয়ে পিত্ত পৰিত্যাগ কৰে, তেতিয়া সেই পিত্তৰ কিঞ্চিৎ অংশ গৰুড়ে গ্ৰহণ কৰিছিল, তাতে খগপতি মুৰ্চ্ছিত হই পড়িল। এবং তেঁওৰ নাসাৰন্ধ্ৰ দ্বাৰা সেই পিত্ত ভূমিত পতিত হল। পূৰ্ণ বয়স্ক শুক পক্ষীৰ কণ্ঠ, শিৰীষ পুষ্প, খদ্যোতিৰ (জোনাকি পৰুৱাৰ) পৃষ্ঠদেশ, তৃণ পূৰ্ণক্ষেত্ৰ, শৈবল কহলাৰ, নতুন ঘাঁহ,