পৃষ্ঠা:ৰত্নমণি.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
ৰত্নমণি।

মুনিৰ উদৰ পূৰণ হইছিল, শ্ৰীকৃষ্ণৰ ইচ্ছাত মূক্তাফলৰ পৰা গছ জন্মি ফলৱতী হোৱা ইত্যাদি অসীম অদ্ভুত কাৰ্য্য বিলাক যেনেকৈ হইছিল, পুন্যাত্মা বিলাকৰ তদ্ৰুপ অসাধ্য সাধন ক্ষমতালৈ দৃষ্টি কৰিলে সুবৰ্ণ বিষয়েও তেনেকৈ সাধু লোক সকলৰ উদ্যোগেই সফল হয় বুলি বিশ্বাস কৰিব পাৰি। বস্তুতঃ ক্ৰিয়া বা দ্ৰব্য সংযোগেই বিবিধ ধাতু আদি ৰূপান্তৰ হুবৰ কাৰণ। সাধু বিলাক সুশিক্ষিত; এইকাৰণে সিবিলাকৰ দ্বাৰায় কাৰ্য্য শীঘ্ৰে সফল হয়।

সোণৰ জন্ম স্থান,আৰু কেঁচা সোণৰ বিবৰণ।

 এই দেশত এবং অন্যান্য নানা দেশত ৰূপৰ খনি থকাৰ অনেক বিবৰণ শুনিবলৈ পোৱা যায়, কিন্তু সোণৰ খনি থকাৰ বিবৰণ ভালকৈ একো শুনিবলৈ পোৱা না যায়। আন আন দেশত সোণৰখনি ওলোৱাৰ বহু সংবাদ পোৱা যায়, কিন্তু সেই বিলাক সোণ জনক খনি নহয়, তাত্ পোতখাই থকা সোণ পোৱা যায় মাত্ৰ। যি খনিত সোণ নজন্মে তাক খনি বুলিব নোৱাৰি, খানিলে সোণ ওলাই এই কাৰণেহে তাৰ খনি নাম হোৱা সম্ভৱ। সোণ নানা ঠাইত জন্মিব পাৰে, শালগ্ৰাম শিলৰ গাতো স্বৰ্ণ ৰেখা আৰু সোণ থাকে বুলি প্ৰমাণ পোৱা যায়। উত্তৰ পূৰ্ব্ব দেশৰ অধিকাংশ পৰ্ব্বতত সোণ আছে বুলি শুনা যায়, সোণ যে সেই সেই ফালৰ পৰ্ব্বতত জন্মে বহু কাৰণে তাক সম্ভৱ কৰিব পাৰি। সূৰ্য্য কিৰণ জল বায়ু ইতাদিৰ সংযোগত শিল বিশেষৰ গাত সোণ উৎপন্ন হয় বুলি অনুমান হয়। এই দেশৰ ব্ৰহ্ম পুত্ৰ, ধন শিৰী ইত্যাদি পৰ্ব্বতিয়া নদ