পৃষ্ঠা:ৰত্নমণি.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
ৰত্নমণি।

বোলোঁ হঁক তাৰে ৫ ৰতিয়ে মহা (মাষা), চাৰি মহায় শান (আদ্‌তোলা) হয়। এই দৰে লেখ ধৰিলে দুই শানকে এ টকা বুলিব লাগে। উক্ত নিয়মানুক্ৰমে মুক্তাৰ মূল্য ৭, ৫, ৩ মুদ্ৰা পৰ্য্যন্তও হুব পাৰে; বাস্তবিক মুক্তাৰ জাতি আৰু ৰূপ গুণেই মূল্য হ্ৰাস বৃদ্ধিৰ কাৰণ।

মূল্য সম্বন্ধে প্ৰচলিত নিয়ম।

  পূৰ্ব্বকালত কড়ি (কপৰ্দ্দক) প্ৰচলিত আছিল, মুদ্ৰা কোন সময়ত কিৰুপ আৰু কি পৰিমিত আছিল তাৰ বিশেষ নিশ্চয় নাই। বৰ্ত্তমান কালৰ চলিত নিয়ম আগৰ দিনৰে সইতে নানা- বিষয়ে অনেক বিভিন্ন। মুক্তাদিৰ পৰিমাণ এবং মূল্য নিৰূপণ সম্বন্ধে পূৰ্ব্ব নিয়ম প্ৰতিপালিত হোৱা দেখা না যায়; কিন্তু যি নিয়মেৰেই নকৰোক প্ৰাচীন নিয়মেই তাৰ মূল। এতিয়া গুণ আৰু তেজ অনুসাৰেই সচৰাচৰ সকলো বস্তুৰ মূল্য নিৰূপণ হই থাকে।

ধাৰণ কাল।

  ৰেৱতী, অশ্বিনী, ধনিষ্ঠা, এবং হস্তাদি পাঁচ নক্ষত্ৰয়ে মুক্তা ৰত্ন পৰিধানৰ প্ৰশস্ত কাল।