শিক্ষাৰ অভাৱত যদিও ৰত্ন মণিৰ বিবৰণ এতিয়া অনেকে পাহৰিছে তথাপি এই দেশত পূৰ্ব্ব ব্যৱহাৰৰ অনুসৰি কোননে কোন মণি যথা কোত মৰা গুটীয়া, চিপাত ইত্যাদিয়েই মণি বুলি আজি লৈকে লোকৰ ব্যৱহৃত আছে। সোন রূপৰে হওক, বা কোন কাচ্, ফটিক, কাঠ, পাথৰ ইত্যাদি ৰেই হওক, বা মুক্তা, পোৱাল ইত্যাদি আন যিহৰে নহওক গছৰ গুটীৰ নিচিনা বিবিধ্ প্ৰকাৰ গুটী বিলাককে এই দেশৰ প্ৰায় মানুহে মণি বুলি ব্যৱহাৰ কৰে। বিশেষকৈ যি যি গুটীৰ বিন্ধা থাকে মানুহৰ সহজ বিশ্বাসত সেয়ে মণি। এই মণিকে বিবিধ প্ৰকাৰে গাঁথি মালা স্বৰূপে এই দেশৰ সাধাৰণ মানুহে বিশেষকৈ স্ত্ৰী জাতিয়ে যথাযোগ্যরূপে বড় আদৰেৰে ব্যৱহাৰ কবে, প্ৰধানকৈ গ্ৰীবা, কণ্ঠ বা বক্ষৰ আভৰণ কৰে। এই বিলাক মণিৰ অনেক বিধ্ ৰত্ন মণি নহয়, নাম মণি বা উপমণি মাত্ৰ।
ৰত্ন মণি অতিশয় মনোজ্ঞ বস্তু! ইয়াৰ গুণ স্থূলতঃ মধুৰ, শীতল, শুক্ৰাদিৰ প্ৰবৰ্ত্তক, ধাৰণত্ দেহাদিৰ শোভা বৰ্দ্ধক, গ্ৰহ দোষ শান্তিকাৰক, সৰ্পভয় নিবাৰক, এবং অশেষ মঙ্গলদায়ক। ইয়াৰ সেৱনত্ দৃষ্টিবৰ্দ্ধন আরু বিষ দোষ নষ্ট হয়। কিন্তু কুলগ্নত আরু অশুভ দিনত উৎপত্তি হোৱা ৰত্ন দোষযুক্ত, এবং গুণ হীন, সি ধাৰণ সেৱনৰ অযোগ্য।