পৃষ্ঠা:ৰত্নমণি.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
সপ্তম অধ্যায়।

বিলাকে গতি কৰে, এবং নানা অসুভ বিলাক দূৰীভূত হয়। সোণ মহাধন! এবং স্বৰ্ণালঙ্কাৰ অতি মোনৰম বস্তু! ই, যে, অকল মঙ্গলকেহে দান কৰে এনে নহয়; শৰীৰৰ কান্তি এবং সৌন্দৰ্য্যতাৰ বৃদ্ধি কৰে। সন্তানাভিলাসিনী নাৰী স্বামী সহবাসৰ সময়ত স্বৰ্ণালঙ্কাৰেৰে বিভূষিত থকা নিতান্তয়ে আবশ্যক। পৰন্তু আন আন ৰত্ন বিলাক সোণৰ লগ নালাগিলে ধাৰণৰ যোগ্য বা সোভাজনক হুব নোৱাৰে, সোণেৰে যুক্ত বা ৰচিত হলে মনোহৰ এবং দীপ্তকৰ হয়। স্বৰ্ণ, ভৰণৰ সমান আভৰণ জগতত আৰু আন একো নাই বুলিলেও অত্যুক্তি নয়। স্বৰ্ণ দানৰ অতি প্ৰধান বস্তু! স্বৰ্ণদান মহাদান! ইয়াৰ লাভত লোকৰ শৰীৰ মন সন্তোষেৰে পুলকিত হয়, সুতৰাং সেই সন্তোষৰ তেজেৰে (দানৰ মহাপুন্যেৰে) দাতাৰ সৰ্ব্বানিষ্ট ধ্বংশ হয়, এবং আত্মা নিষ্পাপ হয়। মনৰ অপ্ৰসন্নতায়ে সৰ্ব্ব অশুভাদি মূল, স্বৰ্ণালঙ্কাৰ ধাৰনত্‌ এই অপ্ৰসন্নতা পাপ বিনাশ প্ৰাপ্ত হয়। সুবৰ্ণৰ দৈবিক হানি তৎস্বামীৰ বিপদৰ পূৰ্ব্ব লক্ষণ।

সোণৰ দোষ

 সুবৰ্ণ অশুদ্ধ হলে বল আৰু বীৰ্য্য নষ্ট কৰে, শৰীৰত সকলো প্ৰকাৰ ব্যাধি উৎপন্ন কৰে, অসৌখ্য জন্মায়, এবং অধিক কি জীৱন পৰ্য্যন্তও নষ্ট কৰে। স্বৰ্ণ উত্তমৰূপে মাৰিত অৰ্থাৎ ভস্মীকৃত নহলে বল আৰু বীৰ্য্য নাশ কৰে, বিবিধ ৰোগ জন্মায়, এবং জীৱন নাশ কৰে, এতেকে যত্ন পূৰ্ব্বক স্বৰ্ণক ভস্ম কৰিব। স্বৰ্ণ ভস্ম তেহে সেৱনোপযোগী হুব।