পৃষ্ঠা:ৰত্নমণি.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
চতুৰ্থ অধ্যায়।

⸻⸻

প্ৰস্তৰ জাতীয় অন্য প্ৰকাৰ ৰত্ন বিবৰণ।

পান্নাদি।

  পূৰ্ব্বে হীৰা নামক যি মহাৰত্নৰ কথা কোৱা হল তাৰ বাহিৰে মুক্তা, মাণিক্য, পান্না, প্ৰৱালাদি বিবিধ প্ৰকাৰৰ আন যি বিলাক ৰত্ন আছে তাৰ বিবৰণ ক্ৰমে লেখা হুব। সম্প্ৰতি এই অধ্যায়ত পান্নাদিৰ বিবৰণ কোৱা হব।

পান্নাৰ নাম।

  পান্না হীৰক বিশেষ, অথবা বহু মূল্যবান্ প্ৰস্তর বিশেষ। ইয়াকে গাৰুত্মত, মৰকত, অশ্বগৰ্ব্ভ আৰু হৰিত মণি বোলে। বিষ্ণু ধৰ্ম্মোত্তৰ আৰু যুক্তি কল্পতৰু প্ৰভৃতিয়ে অষ্ট প্ৰকাৰ বজ্ৰৰ ভিতৰত পান্না ইত্যাদিকো বজ্ৰ বুলি কৈছে।

মাণিক্যৰ নাম।

  মাণিক্যকে পদ্মৰাগ, শোনৰত্ন, লোহিত, ৰত্নৰাট, ৰবিৰত্মক শৃঙ্গাৰী ৰঙ্গ মাণিক্য, তরুণ, ৰত্ন নামক, ৰাগযুক্‌, ৰত্ন, শোনোপল, সৌগন্ধিক, কুৰুবিন্দ বলে।

পুষ্পৰাগ মণিৰ নাম।

  পুষ্পৰাগ। এই মণিৰ নাম মঞ্জুমণি, বাচস্পতি বল্লভ, পুখৰাজ, পীত, পীতস্ফটিক, পীতৰক্ত, পীতাশ্ম, গুৰুৰত্ন, পীতমণি, পুষ্পৰাজ।