পৃষ্ঠা:ৰত্নমণি.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
ৰত্নমণি।

বাৰ কাৰ্য্য কৰিলে তাম শুদ্ধি হুব। সেই শোধিত তাম বেল পাতৰ ৰসেৰেমিহলাই এ ছিলিম গাঞ্জা পূৰ্ণ ছিলিমৰ ওপৰত থই জুই লগাই দি এনে টান মাৰিব যেন একেটানে দপ কৰি জ্বলি উঠে। সেই দৰে জ্বলামাত্ৰে ছিলিম মাটীত উবুৰিয়াই পেলাব। তাকে কৰিলে তাম সুবৰ্ণ হুব। কোন সন্ন্যাসি বাক্য।

সোণ কৰিবৰ আৰু আন উপায়!

 আগেয়ে আম কাটি তাৰ পৰে পৰা এ পোৱা আঠা উলিয়াই লই এটা পাত্ৰত থব। তাৰ মাঝত আদ পোৱা তবকী হৰি- তাল থব। যেতিয়ালৈকে গোট নবান্ধে তেতিয়ালৈকে শিশিৰত শুকাব। গোট বান্ধিলে গুঞ্জা প্ৰমাণকৈ একুটি বড়ী বান্ধিব। তাৰে এটী বড়ী এটকা গলিত তামত পেলাই দিলে সুবৰ্ণ প্ৰস্তুত হুব। কোন পৰমহংশ বাক্য।

আৰু উপায়।

 শুকৰৰ মাংশ চাৰি সেৰত বা তদভাবে ৰৌ মাচত আদ্‌ পোৱা পাৰা, এপোৱা তবকী হৰিতাল একত্ৰে মিহলাই এটী মাটীৰ পাত্ৰত ৰাখিব। সেই পাত্ৰটি ডিঙ্গিলৈক মাটীত পুতিব। পাছত পাত্ৰৰ মুখত ঢাকণ দি ময়দাৰে (আটাৰে) বন্ধ কৰিব। পোন্ধৰ বা ষোল দিন পৰ্য্যন্ত ৰাখিব। পাঁচ ছয় দিনে একোবাৰ সেই পাত্ৰৰ মুখ মেলি দেখিব; তাত কোন পোক জন্মিছে নে নাই? যেতিয়া দেখিব যে, দহ বাৰটা কিম্বা তিন চাইটা পোকে সকলো স্বজাতীয় পোক বিলাকক খাই বড় হইছে, তেতিয়া সঁড়াহেৰে বা লেপেৰে সেই পোক বিলাকক ধৰি আনি এটী চিঁচাৰ (বোতলৰ) ভিতৰত ৰাখিব। পাছে আদ্‌ পোৱা